দিল্লী ক্ৰাইম ব্ৰাঞ্চৰ জালত RTI কৰ্মী দুলাল বৰা
দিল্লীত আত্মগোপন কৰি থকা সময়ত দিল্লী ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত গ্ৰেপ্তাৰ দুলাল বৰাক। বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ চৰম সিদ্ধান্তৰ গোচৰত অভিযুক্ত আছিল দুলাল বৰা। অসম আৰক্ষীয়ে বিচাৰি আছিল দুলাল বৰাক। দিল্লীৰ এখন চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুলাল বৰাক।
দিল্লীত গ্ৰেপ্তাৰ RTI কৰ্মী দুলাল বৰা। দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গ্ৰেপ্তাৰ কৰিছে দুলাল বৰাক। দিল্লীত আত্মগোপন কৰি থকা সময়ত দিল্লী ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত গ্ৰেপ্তাৰ দুলাল বৰাক।বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ চৰম সিদ্ধান্তৰ গোচৰত অভিযুক্ত আছিল দুলাল বৰা। অসম আৰক্ষীয়ে বিচাৰি আছিল দুলাল বৰাক। দিল্লীৰ এখন চিকিৎসালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুলাল বৰাক। হাস্পতালত ভৰ্তি হ’বলৈ যোৱাৰ সময়তে কৰায়ত্ত দুলাল বৰা। কিছু সময়ৰ পিছতে অসম আৰক্ষীক হস্তান্তৰ কৰা হ’ব বিতৰ্কিত RTI কৰ্মীগৰাকীক। ১৮ ছেপ্টেম্বৰৰ পৰা নতুন দিল্লীত আত্মগোপন কৰি আছিল বৰাই।
আজিয়ে দিল্লীৰ এখন আদালতত হাজিৰ কৰোৱা হ’ব দুলাল বৰাক। ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ এটা দল। অসম আৰক্ষীয়ে আজিৰ ভিতৰতে ট্ৰেনজিত ৰিমাণ্ডত বিচাৰিব দুলাল বৰাক। আজিয়ে অসম আৰক্ষীয়ে দুলাল বৰাক অসমলৈ অনাৰ সম্ভাৱনা আছে। দুলাল বৰাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন স্থানত প্ৰায় ৩৫টা গোচৰ ৰুজু হৈ আছে। আৰটিআই কৰি বিভিন্নজনক ব্লেকমেইল কৰাৰ অভিযোগ দুলাল বৰাৰ বিৰুদ্ধে। লগতে চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃত্যুৰ ঘটনাতো সাঙোৰ খাইছিল দুলাল বৰাৰ নাম। বিজেপি নেতাজনে লিখা টোকাত উল্লেখ আছিল দুলাল বৰাৰ নাম।
ইফালে বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহননৰ গোচৰত অভিযুক্ত দুলাল বৰাৰ জামিন নাকচ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে অন্তৰ্ৱৰ্তীকালীন জামিন আবেদন। চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন লোক ফৰিয়াদি মাখন ফুকনৰ। গোচৰটোৰ কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে। ২২ অক্টোবৰত গোচৰটোৰ কেছ ডায়েৰী বিচাৰিলে আদালতে। এই গোচৰত ৰঞ্জিত বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হৈছে। ৰঞ্জিত বুঢ়াগোহাঁই অৱসৰপ্ৰাপ্ত BDO। প’ৰ্টেলৰ সাংবাদিক পৰিস্মিতা ফুকনকো গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে, এই গোচৰৰ আন এক অভিযুক্ত ৰফিক আহমেদ পলাতক। ৰফিক আহমেদ এটা নিউজ চেনেলৰ সাংবাদিক। ৰফিকৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
উল্লেখ্য যে ২০ ছেপ্তেম্বৰৰ পুৱা সোণাৰিৰ ৰজাপুখুৰী পঞ্চায়ত কাৰ্যালয়ৰ সমীপত উদ্ধাৰ হৈছিল পঞ্চায়তৰ সভাপতি তথা বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ মৃতদেহ। পঞ্চায়তৰ কামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে মানসিকভাৱে ভাগি পৰি তেওঁ আত্মহননৰ সিদ্ধান্ত লয় বুলি জানিব পৰা গৈছিল। চুইচাইড নোটত তেওঁ এগৰাকী সাংবাদিকে এই অভিযোগেৰে দীৰ্ঘদিন ধৰি মানসিক হাৰাশাস্তি কৰি অহা বুলি অভিযোগ কৰিছিল। চুইচাইড নোটত আন চাৰিগৰাকী ব্যক্তিৰ নামো উল্লেখ থকা বুলি সূত্ৰই প্ৰকাশ কৰিছিল।
এই সন্দৰ্ভত কিছুসময় আগতে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, “অপৰাধী হিচাপে গণ্য কৰা হ’ব বিতৰ্কিত RTI কৰ্মী দুলাল বৰাক। দুলাল বৰাৰ কোনো RTIৰ উত্তৰ ৰাইজে নিদিয়ে। অতি সোনকালে গ্ৰেপ্তাৰ হ’ব দুলাল বৰা।”