শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান, বক্তৃতা প্ৰদান কৰিব বিশিষ্ট লেখক-কবি-গীতিকাৰ-সুবক্তা অক্ষত গুপ্তাই

অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ উদ্যোগত আৰু গুৱাহাটীস্থিত ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ৰ সহযোগত দশমবাৰৰ বাবে আয়োজন বক্তৃতানুষ্ঠান । ১ মে’ত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট লেখক-কবি-গীতিকাৰ-সুবক্তা অক্ষত গুপ্তাই।

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান, বক্তৃতা প্ৰদান কৰিব বিশিষ্ট লেখক-কবি-গীতিকাৰ-সুবক্তা অক্ষত গুপ্তাই
ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান
barasha-misra
Barasha Misra | Published: 30 Apr 2025 14:03 PM

যশস্বী শিক্ষাবিদ সমাজকৰ্মী তথা মানৱ অধিকাৰৰ অন্যতম অগ্ৰণী প্ৰৱক্তা অধ্যপক শৰৎ মহন্তৰ উপজা দিনৰ সৈতে সংগতি ৰাখি অহা ১ মে’ত অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ উদ্যোগত আৰু গুৱাহাটীস্থ ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ৰ সহযোগত দশম সংখ্যক বাৰৰ বাবে আয়োজন কৰা হৈছে অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান ।

১৯৩৭ চনৰ পহিলা মে’ত শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰৰ এটি সংস্কৃতিবান পৰিয়ালত জন্ম গ্ৰহণ কৰা অধ্যপক শৰৎ মহন্তৰ বিগত ২০১৩ চনৰ ১৮ জুনত পৰলোকপ্ৰাপ্তি ঘটে। শিৱসাগৰ কলেজৰ বুৰঞ্জী বিভাগত প্ৰায় ৩৩ বছৰৰো অধিক কাল অধ্যাপনা কৰি মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰা অধ্যাপক শৰৎ মহন্তই প্ৰায় চাৰি বছৰ কাল অসম মানৱ অধিকাৰ আয়োগৰ সন্মানীয় সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । মৃত্যু পৰ্যন্ত বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু শিৱসাগৰ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টা ৰূপে কাৰ্যনিৰ্বাহ কৰা শৰৎ মহন্তই প্ৰায় দুটা দশকৰো অধিক কাল সাংবাদিকতাও কৰিছিল ।

অলেখ তথ্যসমৃদ্ধ, চিন্তাশীল প্ৰৱন্ধ-নিবন্ধ লিখা মহন্তই কেইবাখনো উল্লেখনীয় গ্ৰন্থও ৰচনা কৰিছিল । উল্লেখ্য যে, অহা ১ মে’ৰ বিয়লি চাৰি বজাত গুৱাহাটীৰ ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত দশম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা প্ৰদান কৰিব ‘দ্য হিডেন হিন্দু’ খ্যাত বিশিষ্ট লেখক-কবি-গীতিকাৰ তথা আগশাৰীৰ অনুপ্ৰেৰণামূলক বক্তা অক্ষত গুপ্তাই । আন্ত:ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্তা অক্ষত গুপ্তই ‘Rediscovering Our Roots : The Relevance of Hindu Mythology in Modern Times’ শীৰ্ষক বিষয়ত মূল বক্তৃতা প্ৰদান কৰিব । উল্লেখ্য যে, অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই উক্ত বক্তৃতানুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব । উক্ত বক্তৃতানুষ্ঠানটিত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তাসকলে সকলোৰে প্ৰতি আহ্বান জনাইছে।