শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কেৱল উদযাপনৰ অৱকাশ নহয়, ব’হাগ অসমীয়া জাতিৰ আয়ুস ৰেখা

অসম বা অসমীয়া বুলি ক'লে প্ৰথম উচ্চাৰণ হোৱা শব্দ কেইটাৰ বোধকৰোঁ প্ৰথমটোৱেই হ'ব 'বিহু' শব্দটো । ব'হাগ মানেই পুৰণি আৰু নতুনৰ সংযোগ । পুৰণিক আঁতৰাই নতুনক আদৰাৰ দস্তুৰটো ব'হাগৰ ঘাই চেতনালব্ধ বিধি । অসমীয়া জাতিৰ বাবে ব'হাগ আৰু ব'হাগ বিহু আচলতে কি, এই সন্দৰ্ভত বুৰঞ্জীৰ গৱেষক, মুখা আৰু চিত্ৰশিল্পী চিত্তৰঞ্জন বৰাৰ এটি প্ৰৱন্ধ ।

কেৱল উদযাপনৰ অৱকাশ নহয়, ব’হাগ অসমীয়া জাতিৰ আয়ুস ৰেখা
পেঁপা বজোৱা বিহুৱাImage Credit source: Getty Images
raj-saikia
Raj Saikia | Updated On: 12 Apr 2025 15:40 PM

“ব’হাগ মাথোঁ এটি ঋতু নহয়
নহয় ব’হাগ এটি মাহ
অসমীয়া জাতিৰ ই আয়ুস ৰেখা
গণ জীৱনৰ ই সাহ!”

ড° ভূপেন হাজৰিকাৰ এই গীতটিৰ মাজতেই যেন লুকাই আছে ব’হাগৰ ঘাই কালিকা । বা আন এক কথাত ক’ব পাৰি ব’হাগৰ লগত অসমীয়াৰ নাড়ীৰ সম্পৰ্ক এই গীতটিৰ মাজতেই যেন সুৰীয়া সুৰ মেৰিয়াই প্ৰোথিত হৈ আছে । ব’হাগ মানেই পুৰণি আৰু নতুনৰ সংযোগ । পুৰণিক আঁতৰাই নতুনক আদৰাৰ দস্তুৰটো ব’হাগৰ ঘাই চেতনালব্ধ বিধি । অসমীয়া বাৰটা মাহৰ প্ৰথমটো হ’ল ব’হাগ- যি আঁতৰাই ফাগুণ-চ’তৰ শুষ্কতা, বৰষুণে মাটি তিয়ায়, আদৰি আনে কোমল সেউজীয়া পাত, পাতত লুকুৱাই থয় কুলি-কেতেকীৰ মাত ।

আনন্দমুখৰ এই প্ৰাকৃতিক পৰিৱেশত মানুহ বহি থাকিব নোৱাৰে । বৰষুণ পৰাৰ পিছৰে পৰা খেতিৰ চিন্তা কৰিবৰ হয়েই । নাঙল-জুঁৱলি যদি বেয়া হৈ আছে তেন্তে সেয়া ঠিক কৰিব লাগিব । হাল জুৰিব লাগিব । কঠিয়া পেলাব লাগিব । কৃষিৰ লগত অসমীয়া মানুহৰ যি আজন্ম সম্পৰ্ক সেয়াই সমাজ এখন জীয়াই থকাৰ বা তাৰ গতিশীল অৱস্থাটোৰ বতৰা আমাক দিয়ে । শ্ৰমসাধ্য মাহকেইটাৰ সামৰণি মাঘ বিহুৰে কৰাৰ পিছত নতুনক আদৰাৰ বা আনন্দ-স্ফূৰ্তি কৰাৰ পৰিৱেশ এটা ব’হাগ বিহুৱে আনি দিয়ে ।

Bihu Dance

বিহু নৃত্য

অসম বা অসমীয়া বুলি ক’লে প্ৰথম উচ্চাৰণ হোৱা শব্দ কেইটাৰ বোধকৰোঁ প্ৰথমটোৱেই হ’ব ‘বিহু’ শব্দটো । ৰঙালী বিহুৰ মাহাত্ম্যৰ দিশটো অনেকেই গৰু বিহু অৰ্থাৎ গো-পূজাৰ দিশেৰে বিচাৰ কৰে । “লাও খা বেঙেনা খা বছৰি বছৰি বাঢ়ি যা”-মানে আগতকৈ তই (গৰু) শক্তিশালী হ’, আমাৰ খেতি-খোলা তোৰ/তহঁতৰ ওপৰতে । এই আশা থাপি গৰু বিহুৰ দিনা গৰুক নোৱাই-ধুৱাই, নতুন পঘাৰে সালংকৃত কৰি, সন্ধিয়া জাগ দি, পিঠা খুৱাই যেনে শ্ৰদ্ধা-ভক্তি দেখুওৱা হয় সেয়া জাতিটোৰ লোক কৃষ্টিৰ এক ঐশ্বৰ্যময় চানেকি ।

বিহুৰ দিনা গৰুক প্ৰথম বিচনিৰে বা দিয়াৰ পিছতহে মানুহে বিচনি ব্যৱহাৰ কৰে । এয়া কম শ্ৰদ্ধাৰ কথা নহয় । শ্ৰদ্ধাৰ চানেকিৰে ব’হাগ বিহুটো ভৰি আছে । মানুহ বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা জনাই শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছতহে জলপান গ্ৰহণ কৰে । গোসাঁই বিহুৰ দিনা গোসাঁইক শ্ৰদ্ধা জনোৱা হয় । বিহু-হুঁচৰিত গৃহস্থই ৰাইজৰ চৰণত সেৱা লৈ আশীৰ্বাদ লয় ।

Rongali

বিহু নৃত্য

নাঙল বিহুৰ দিনা নাঙল ধুই-পখালি জনোৱা হয় শ্ৰদ্ধা । তাঁতৰ বিহুৰ দিনা তাঁতশাল পৰিস্কাৰ কৰি বিশেষ নিয়মেৰে শ্ৰদ্ধা জনোৱা হয় । মনৰ মানুহজনক দেখাকৈ বা নেদেখাকৈ প্ৰেমিকাই বিহুৱান দিয়া কথাটোও এক মিঠা শ্ৰদ্ধাৰ উদাহৰণ । বিহু মাৰিবলৈ যাওঁতে ৰাইজক জনোৱা শ্ৰদ্ধা-ভক্তিৰ কথা বিহু নাম বা ঢোলৰ মালিতা সমূহত দেখিবলৈ পোৱা যায়–

“এথোকা তামোল চৈধ্য গুচি পাণ
প্ৰথমে ৰাইজক ধৰি যাওঁ মান ।।”
-(ঢোলৰ মালিতা)

Dhul

বিহুৰ বাবে ঢোল নিৰ্মাণ

ব’হাগ মানেই কৰ্ম সংস্কৃতি উজাৰি দিয়া এটা মাহ । ই কোনোবাটো কামৰ সামৰণি মৰাৰ মাহ, আকৌ কোনোবাটো কামৰ আৰম্ভণি কৰাৰ মাহ । খেতিৰ প্ৰসংগত কিছু কথা কোৱা হৈছেই । ঘৰ- দুৱাৰৰ মেৰামতিৰ কাম বা নতুনকৈ ঘৰ বনোৱা কাম মাঘ বা ফাগুনত আৰম্ভ কৰি চ’তৰ ভিতৰত শেষ কৰাটো নিয়ম । চ’তত তেনে কাম আৰম্ভ কৰাটো নীতি বিৰুদ্ধ কথা । আকৌ ব’হাগলৈ তেনে কাম পেলাই থোৱাটোও নীতিৰ বাজৰ কথা । বিহু চেৰা তাঁত অমংগলীয়া বুলি কথা এষাৰ আছেই ।

মানুহৰ মৌলিক প্ৰয়োজন অন্ন, বস্ত্ৰ, বাসস্থান-এই তিনিওটাৰ সংযোগী উদ্যম হিচাপে ব’হাগ বা ব’হাগ বিহুৱে ক্ৰিয়া কৰি আহিছে । বিহুৰ বাবে লাৰু-পিঠা, চিৰা-সান্দহ আদি প্ৰস্তুত কৰা কামবোৰো আমাৰ কৰ্মসংস্কৃতিৰে আন এক প্ৰতিফলন বুলি ক’ব পাৰি ।

Pitha

বিহুৰ বাবে পিঠা-পনা প্ৰস্তুত

“ব’হাগত জাতিয়ে স্নান কৰে মলিয়ন বস্ত্ৰ সলায় ।” যদিওবা আন দুটা বিহুত চাফ-চিকুণতাৰ দিশটোত চকু দিয়া হয়, কথাষাৰ পিছে ব’হাগ বিহুৰ ক্ষেত্ৰত বেছি প্ৰযোজ্য । কাৰণ নতুন বছৰ, কাপোৰ-কানি নোধোৱাকৈ একোৱেই এৰি দিব নোৱাৰি । জপাত, পেৰাত, বাকচত থকাবোৰৰ বাহিৰে গোটেই কাপোৰেই ধুব খোজে গৃহিণীয়ে । ঘৰ মচা, বেৰ লেপা, ঘৰ কোবাই-কিলাই পৰিষ্কাৰ কৰা কামবোৰ উৰুকালৈ সাতদিনমান থাকোতেই আৰম্ভ হৈ যায় ।

কাপোৰ ধুবৰ বাবে কলাখাৰ, চূণ, কাপোৰ ধোৱা চৌদা আদিবোৰে প্ৰাথমিকতা পায় । চাবোন, গুৰি চাবোন (চাৰ্ফ), আদিবোৰ আহি পিছত যোগ হৈছে । কাপোৰ নৈ বিলত ধোৱা হয় । পানীয়ে মানুহৰ মলি নিজৰ গালৈ টানি লৈ জাতিটোক পৰিষ্কাৰ কৰে । বছৰৰ প্ৰথম দিনটোত ন-বস্ত্ৰ পিন্ধাৰ নিয়মটো পৰিচন্নতাৰে এক বিধি বুলি ক’ব পাৰি ।

Tatxal

তাঁতশালত ব্যস্ত শিপিনী

ব’হাগ মানেই নাচ-বাগ, গীত-মাতৰ এক হেন্দোলনি তোলা সোণালী অধ্যায় । অশ্লীলতাৰ গোন্ধ এটি তাহানিতে বিহু নামত-নাচত আছিল । সেয়া বিশ্বাসৰ সুৰুঙাৰে সোমাইছিল । পুৰুষ-প্ৰকৃতিৰ মিলন আকাংক্ষাত পথাৰ উৰ্বৰ হ’ব-এয়া এসময়ৰ বিহুনামৰ অন্যতম লহৰ আছিল । পিছলৈ সেয়া গুছিল । নাচনী-ঢুলীয়াৰ দপ দপনিত অসম কঁপি উঠিল । সেই কঁপনিয়ে আহি মঞ্চ চুলেহি যদিও মাটিৰ পৰা উঠি নহা বহু বিহুৱা, বিহুতলী আজিও উজনিত জিলিকি আছে ।

জাত জাত বিহুনামে, ঢোলৰ মালিতাই, পেঁপুৱাৰ তিহিতি সুৰে সেই বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰাই অসমৰ কৃষ্টি-সংস্কৃতিক সমৃদ্ধ কৰি আহিছে । নাচনীৰ নাচৰ দেহা ৰাই-জাই কৰা ভাঁজত নাচ বলিয়াৰতো কথাই নাই, ঠৰঙা হৈ থকা গেঠুৱাৰো গালৈ হেন্দোলনি আনে । টাকুৰি এটা ঘূৰি থকাৰ দৰে কি স্ফুৰ্তি, কি ছন্দ, কি লয়লাস! এই বিহুৰ টাকুৰিটোৰ সময়ৰ লগে লগে বেগ বঢ়া-টুটা হৈছে, কিন্তু টাকুৰিটো আজিও ঘূৰি আছে । অসমীয়া থকালৈকে ই ঘূৰি থাকিব ।

চিত্তৰঞ্জন বৰা, পুৰণিগুদাম