‘জুবিন গাৰ্গ পুঁজি’ গঠনৰ ঘোষণা বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীৰ, ক’লে বহু গুৰুত্বপূৰ্ণ কথা…
পাণবজাৰৰ নেহৰু পাৰ্কত আয়োজন কৰা সংবাদমেল সংবাদমেলত ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ- ২০২৬’ৰ বঁটা আৰু বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে সাহিত্যিকগৰাকীয়ে। লগতে ৰাজ্যৰ উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি গঠন’ৰ কথা ঘোষণা ড° ৰীতা চৌধুৰীৰ।
২০২৬ বৰ্ষৰ ৬ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ শিৱসাগৰত অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ। ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ, ২০২৬’ সন্দৰ্ভত সংবাদমেল সম্বোধন বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীৰ। পাণবজাৰৰ নেহৰু পাৰ্কত আয়োজন কৰা সংবাদমেল সংবাদমেলত ‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ- ২০২৬’ৰ বঁটা আৰু বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে সাহিত্যিকগৰাকীয়ে। লগতে ৰাজ্যৰ উদীয়মান শিল্পীৰ বাবে ‘জুবিন গাৰ্গ পুঁজি গঠন’ৰ কথা ঘোষণা ড° ৰীতা চৌধুৰীৰ।
‘ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ- ২০২৬’ত শিশু-সাহিত্য শিতানত ‘ৰূপা চৌধুৰী সাহিত্য বঁটা’ দিব্যলতা দত্তলৈ আগবঢ়োৱা হ’ব। কবিতাৰ ক্ষেত্ৰত সৃজনশীল সাহিত্য বঁটা আগবঢ়োৱা হ’ব বিকিয়ান বাইলুঙক। দিনকৰ কুমাৰলৈ আগবঢ়োৱা হ’ব অনুবাদ বঁটা। লগতে যুৱ শিতানত ‘মলিনা চৌধুৰী সাহিত্য বঁটা’ আগবঢ়োৱা হ’ব পৰিস্মিতা বৰদলৈলৈ। আৰু জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে অৰূপ কুমাৰ দত্তলৈ আগবঢ়োৱা হব ‘ৰংমন বঁটা’। সংবাদমেলতে এই ঘোষণা কৰে ৰীতা চৌধুৰীয়ে।
ইফালে উদীয়মান শিল্পীলৈ আগবঢ়োৱা হ’ব জুবিন গাৰ্গ পুঁজি। পডকাষ্ট’ত ইউটিউবৰ পৰা পোৱা ধন ২০ বছৰলৈ ফিক্সড ডিপ’জিট কৰি তাৰ পৰা পোৱা সুতেৰে আগবঢ়াব এই পুঁজি। সংবাদমেলতে এই ঘোষণা ৰীতা চৌধুৰীৰ।
উল্লেখ্য যে, জুবিন গাৰ্গৰ সৈতে হোৱা শেষ সাক্ষাৎকাৰত ইউটিউবৰ পৰা ২,৯০৯ ডলাৰ (২,৬৩,৪৬৮.৪২ ভাৰতীয় টকা) লাভ কৰিছিল ড° ৰীতা চৌধুৰীয়ে। জুবিন গাৰ্গ সন্দৰ্ভত তেওঁ কয়, “জুবিনে বৰ অসমৰ ধাৰণা দি থৈ গৈছে। নিজৰ লগতে আনকো জীয়াই থকাৰ ধাৰণা দি গৈছে। জুবিনবিহীন এই সময়ত যি শূন্যতা তেওঁৰ অনুৰাগীসকলৰ সন্মুখত দেখা দিছে, তেওঁলোকৰ বাবে আমি আমাৰ মঞ্চৰ পৰা কাম কৰিবলৈ ইচ্ছুক।”
জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট দাখিল সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰীতা চৌধুৰীয়ে কয়, “যিহেতু বিষয়টো বিচাৰাধীন, সেই এই বিষয়ত মই মন্তব্য কৰিব নিবিচাৰোঁ। মই কলমৰ মাজেৰে যিখিনি কৰি আছোঁ, কৰি যাম। জুবিন গাৰ্গৰ সকলো কৰ্মক গোট খোৱাই আমি এটা তৰা সাজিব বিচাৰোঁ। মই SITৰ চাৰ্জশ্বীটখন দেখা নাই। কিন্তু, আমি সকলোৱে বিচাৰিছোঁ জুবিনে ন্যায় পাওক।”