শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

উজনিৰ পৰা উৎখাত কৰা হ’ব বিজেপিকঃ কংগ্ৰেছত যোগদান কৰিয়েই ৰিপুন বৰাৰ হুংকাৰ

যোৱা ২ ছেপ্টেম্বৰত  তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি বৰাই দল ত্যাগ কৰিছিল। বৰাই কৈছিল যে,  তৃণমূল কংগ্ৰেছক উত্তৰ-পূব ৰাজ্যৰ জনসাধাৰণে পশ্চিম বংগৰ “আঞ্চলিক দল” বুলি গণ্য কৰে।

উজনিৰ পৰা উৎখাত কৰা হ’ব বিজেপিকঃ কংগ্ৰেছত যোগদান কৰিয়েই ৰিপুন বৰাৰ হুংকাৰ
ৰিপুন বৰাImage Credit source: facebook
Barasha Sarma
Barasha Sarma | Published: 08 Sep 2024 15:45 PM

দেওবাৰে পুনৰবাৰ কংগ্ৰেছত যোগদান কৰিলে ৰিপুন বৰাই। কিছুদিন পূৰ্বে তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতেই বৰাই আজি এ আই চি চিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ নেতৃত্বত পুনৰ কংগ্ৰেছ দলত যোগদান কৰে। যোগদানৰ পাছতেই ৰিপুন বৰা শাসকীয় দল বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠি কয় যে বিজেপিত ৰুধিবলৈ হ’লে সকলো বিৰোধী দল একত্ৰিত হ’ব লাগিব। ইয়াৰোপৰি পৰিস্থিতিৰ তাগিদাত পৰি তেওঁ কংগ্ৰেছ দলত যোগদান কৰা বুলি কয়।

ৰিপুন বৰাই কয় যে, মই পুুনৰ স্ব- গৃহলৈ উভতি আহিব পাৰিছো।  ইয়াৰ বাবে কংগ্ৰেছৰ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে, বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীক ধন্যবাদ। দললৈ ঘূৰি অহাৰ ক্ষেত্ৰত তেওঁলোকে জনোৱা অনুমোদনৰ বাবে মই কৃতজ্ঞ। ইয়াৰ লগতে তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ মধ্যস্থতাক লৈ কৃতজ্ঞতা জ্ঞাপন কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ লগতে প্ৰতিগৰাকী কংগ্ৰেছৰ কৰ্মকৰ্তাক বৰাই ধন্যবাদ জনায়।

তেওঁ কয় যে, এইবাৰ গৌৰৱ গগৈয়ে যোৰহাটত বিজেপিৰ ঘাটি ভাঙিছে। এইবাৰ নিৰ্বাচনৰ ৰণডংকা আমি উজনিৰ পৰা বজাম আৰু উজনিত বিজেপিক ঘাটি উৎখাত কৰি পেলাম। কেৱল উজনিতে নহয়, নামনি অসম, বৰাক উপত্যকা আদি সকলোকে বিজেপিক উৎখাত কৰা হ’ব। বিজেপিৰ অত্যাচাৰৰ পৰা সকলোৱে পৰিত্ৰাণ পাব বিচাৰিছে  বুলি মন্তব্য কৰে বৰাই।

বৰাই লগতে কয়,  আঢ়ৈতা বছৰ দলৰ পৰা আঁতৰি আছিলো আৰু এতিয়া স্ব- গৃহলৈ ঘূৰি আহিছো। অসমৰ পৰিস্থিতিৰ তাগিদাত পুনৰ কংগ্ৰেছত যোগদান কৰিছো। বিজেপিৰ সাম্প্ৰদায়িকতা, দুৰ্নীতিৰ বিৰুদ্ধেও সৰৱ হৈ পৰা দেখা যায় বৰাই।

উল্লেখ্য যে, ২০২২ চনত ৰিপুন বৰাই কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল। ২০১৬ চনৰ পৰা ২০২১ চনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তেওঁ সভাপতি পদত আছিল। এসময়ত অসমৰ ৰাজনীতিত সক্ৰিয় ব্যক্তিৰ ভূমিকা পালন কৰা ৰিপুন বৰাৰ ৰাজনৈতিক অস্তিত্ব তৃণমূল কংগ্ৰেছলৈ গতি কৰাৰ পাছত নাইকীয়া হৈ পৰিছিল। তেনে পৰিস্থিতিত এই  নেতাগৰাকীয়ে পুনৰ কংগ্ৰেছত যোগদান কৰে।

যোৱা ২ ছেপ্টেম্বৰত  তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি বৰাই দল ত্যাগ কৰিছিল। বৰাই কৈছিল যে,  তৃণমূল কংগ্ৰেছক উত্তৰ-পূব ৰাজ্যৰ জনসাধাৰণে পশ্চিম বংগৰ “আঞ্চলিক দল” বুলি গণ্য কৰে।লগতে ৰাইজে দলটোক নিজৰ দল বুলি মানি ল’বলৈ ইচ্ছা প্ৰকাশ নকৰে বুলি কৈছিল বৰাই। এই ক্ষেত্ৰত বৰাই যি উপদেশ আগবঢ়াইছিল সেয়াও দলে আওকান কৰিছিল বুলি অভিযোগ তুলি তেওঁ তৃণমূল কংগ্ৰেছ দল ত্যাগ কৰিছিল।