শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰথমবাৰলৈ ৰাহুল গান্ধীৰ বক্তব্যক আদৰণি জনালে হিমন্ত বিশ্ব শৰ্মাই

ৰাহুল গান্ধীয়ে ভোটাৰ তালিকাত জালিয়াতি হোৱাৰ বিৰুদ্ধে তোলা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে ৰাহুল গান্ধীৰ বক্তব্যই SIR ৰ প্ৰয়োজনীয়তাক প্ৰতিফলিত কৰিছে।

প্ৰথমবাৰলৈ ৰাহুল গান্ধীৰ বক্তব্যক আদৰণি জনালে হিমন্ত বিশ্ব শৰ্মাই
ৰাহুল গান্ধীৰ বক্তব্যক আদৰণি হিমন্ত বিশ্ব শৰ্মাৰImage Credit source: PTI/X handle
raj-saikia
Raj Saikia | Updated On: 08 Aug 2025 16:53 PM

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিজৰ মন্তব্যৰ জৰিয়তে নিৰ্বাচনী তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ বাবে “পৰোক্ষ সমৰ্থন” প্ৰদান কৰা বুলি দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাহুল গান্ধীয়ে ভোটাৰ তালিকাত ব্যাপক কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰা সন্দৰ্ভত সমালোচনা কৰি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। মুখ্য়মন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে উত্তৰ-পূব ৰাজ্যখনত “বাংলাদেশী”ৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰোৱাৰ বাবে SIR অতি প্ৰয়োজনীয়।

ইয়াৰ পূৰ্বে নতুন দিল্লীত এখন সংবাদমেলত ভাষণ দি ৰাহুল গান্ধীয়ে দাবী কৰে যে কৰ্ণাটকৰ মহাদেৱপুৰা বিধানসভা সমষ্টিত অবৈধ ঠিকনা আৰু নতুন ভোটাৰ ফৰ্ম ৬ৰ অপব্যৱহাৰ কৰা এক লাখৰো অধিক ভোট ভুৱা, ডুপ্লিকেট বা বাল্ক ভোটাৰ বুলি ধৰা পৰিছে।

‘‘ৰাহুল গান্ধীয়ে নিজেই এটা প্ৰমাণ পত্ৰ দিছে যে SIR চলাব লাগে। আধাৰ নম্বৰৰ লগতে এটা অনন্য নাম থাকিব লাগে। তেওঁ (গান্ধীয়ে) উত্তৰ ভাৰতীয় কিছুমান নাম লৈছিল। অসমত আমাৰ ভোটাৰ তালিকাত বাংলাদেশীৰ নাম আছে। বৰপেটা, গুৱাহাটী, কেৰালা আৰু দিল্লীতো একে নাম আছে। এয়া এক ৰোগ। সেইবাবেই বিহাৰত SIR কৰা হৈছে।’’ শৰ্মাই সাংবাদিকৰ আগত এইদৰে কয়।

আনকি মৃত লোকৰ নামো অসমৰ নিৰ্বাচনী তালিকাত সন্নিবিষ্ট হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ”সেইবাবেই অসমত ইয়াৰ প্ৰয়োজনীয়তা আছে। বহুদিনৰ মূৰত ৰাহুল গান্ধীয়ে পৰোক্ষভাৱে নিৰ্বাচন আয়োগক সমৰ্থন কৰিছে। তেওঁৰ এই দাবীয়ে প্ৰতিষ্ঠা কৰিছে যে SIRৰ প্ৰয়োজন। মই ইয়াক আদৰণি জনাইছো।’’ শৰ্মাই কয়।

লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিজেপি আৰু নিৰ্বাচন আয়োগে গোপন বুজাবুজিৰ জৰিয়তে নিৰ্বাচনত “বৃহৎ অপৰাধমূলক জালিয়াতি” কৰাৰ বিস্ফোৰক দাবী উত্থাপন কৰে।

দেশৰ বহু সমষ্টিত “ভোট চুৰি মডেল” ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ কৰি গান্ধীয়ে কয় যে ন্যায়পালিকা ইয়াৰ লগত জড়িত হোৱাটো প্ৰয়োজন কাৰণ, “আমি যিটো গণতন্ত্ৰক ইমান ভাল পাওঁ, এতিয়া সেই গণতন্ত্ৰৰ অস্তিত্ব নাই”।

তেওঁ দাবী কৰে যে মহাদেৱপুৰাত ১,০০,২৫০ টা ভোটৰ “ভোট চুৰি” হৈছে, য’ত ১১,৯৬৫ জন ডুপ্লিকেট ভোটাৰ, ৪০,০০৯ জন ভুৱা আৰু অবৈধ ঠিকনা, ১০,৪৫২ জন বাল্ক ভোটাৰ বা একক ঠিকনাৰ ভোটাৰ, ৪,১৩২ জন অবৈধ ফটো আৰু ৩৩,৬৯২ ভোটাৰে নতুন ভোটাৰৰ ৬ নং ফৰ্মৰ অপব্যৱহাৰ কৰিছে।