শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Protests in Assam : অন্তৱৰ্তীকালীন চৰকাৰলৈ স্মাৰক পত্ৰ ! বাংলাদেশত সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ উপলক্ষে চুবুৰীয়া ৰাষ্ট্ৰখনত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ অভিযোগৰ বিৰুদ্ধে গুৱাহাটীত ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। মঙলবাৰে গুৱাহাটীৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ।

Protests in Assam : অন্তৱৰ্তীকালীন চৰকাৰলৈ স্মাৰক পত্ৰ ! বাংলাদেশত সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে গুৱাহাটীত প্ৰতিবাদ
বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে অসমত প্ৰতিবাদ
manas-borah
Manas Borah | Published: 10 Dec 2024 21:26 PM

বাংলাদেশত হিন্দুৰ লগতে অন্যান্য সংখ্যালঘুৰ ওপৰত হোৱাৰ অমানৱীয় অত্যাচাৰৰ বন্ধ কৰাৰ দাবীত আজিৰ ভাৰতৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা দেখা যায় । ইয়াৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ উপলক্ষে চুবুৰীয়া ৰাষ্ট্ৰখনত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ অভিযোগৰ বিৰুদ্ধে গুৱাহাটীত ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। মঙলবাৰে গুৱাহাটীৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ।

অসমৰ লোক জাগৰণ মঞ্চৰ বেনাৰত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ জৰিয়তে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে । বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছক উদ্দেশ্যি প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত ইছলামিক মৌলবাদী আৰু চৰকাৰ উভয়কে দেশখনৰ হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ বিৰুদ্ধে অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে।

সূত্ৰ প্ৰতিবেদন অনুসৰি, পত্ৰখনত বাংলাদেশৰ মহিলাৰ ওপৰত আক্ৰমণ, হত্যা, লুণ্ঠন, অগ্নিসংযোগ আৰু নিৰ্যাতনৰ ওপৰত আলোকপাত কৰা হৈছে । স্মাৰক পত্ৰখন দাখিল কৰাৰ পূৰ্বে শিলপুখুৰীৰ নৱগ্ৰহ কালি মন্দিৰৰ চৌহদত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে প্ৰতিবাদকাৰী সকলে ।

এই সভাৰ জৰিয়তে অধিবক্তা বিজন মহাজনে বাংলাদেশৰ নিপীড়িত হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলক সুৰক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলে শিলপুখুৰীৰ ৰাজপথেৰে সমদল উলিয়াই বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে আৰু স্মাৰক পত্ৰ দাখিল কৰে।

স্মাৰক পত্ৰখনত বাংলাদেশ চৰকাৰক ইছলামিক উগ্ৰপন্থীৰ স্বেচ্ছাচাৰী হস্তক্ষেপৰ পৰা মুক্ত হৈ হিন্দু আৰু অন্যান্য সংখ্যালঘুসকলক মৰ্যাদা আৰু শান্তিৰে জীয়াই থকাৰ অধিকাৰ নিশ্চিত কৰিবলৈ দাবী জনোৱা হৈছে । ইয়াৰ উপৰিও চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহণা দি ইয়াক অন্যায় আৰু অগণতান্ত্ৰিক বুলি স্মাৰক পত্ৰখন উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে,যোৱা কেইটামান সপ্তাহত বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ ঘটনা আৰু হিন্দু সাধু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটিবলৈ আৰম্ভ কৰিছে । ইয়াৰ লগতে হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ ওপৰত হোৱা কথিত অত্যাচাৰক গৰিহণা দি সৰ্বাত্মক প্ৰতিবাদ দেখা গৈছে ভাৰতবৰ্ষত । কিন্তু যোৱা সোমবাৰে বৈদেশিক সচিব পৰ্যায়ৰ বৈঠকত ঢাকাই ইয়াক বিভ্ৰান্তিকৰ আৰু ভুল তথ্য বুলি অভিহিত কৰি কোনো দেশে নিজৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নালাগে বুলি উল্লেখ কৰে ।