শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প’ষ্ট মেলনৰ অনুষ্ঠানে বিশ্ব মনোৰঞ্জনৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে অসমক, মুখ্যমন্ত্ৰীৰ দাবী

হিমন্ত বিশ্ব শৰ্মাই কয় যে এই অনুষ্ঠানে চহৰখনক বিশ্ব মনোৰঞ্জনৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে। ৮ ডিচেম্বৰত অনুষ্ঠিত এই কনচাৰ্টলৈ কেইবাখনো দেশৰ দৰ্শনাৰ্থী আহিছিল, যিটো অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি মুখ্যমন্ত্ৰীয়ে কয়।

প’ষ্ট মেলনৰ অনুষ্ঠানে বিশ্ব মনোৰঞ্জনৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে অসমক, মুখ্যমন্ত্ৰীৰ দাবী
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook
raj-saikia
Raj Saikia | Published: 09 Dec 2025 16:03 PM

সোমবাৰে নিশা গুৱাহাটী মহানগৰীৰ খানাপাৰাত অনুষ্ঠিত হয় পপ ষ্টাৰ প’ষ্ট মেলনৰ কনচাৰ্ট। এই অনুষ্ঠানক লৈ সামাজিক মাধ্যমত বিভিন্ন ইতিবাচক আৰু নেতিবাচক সমালোচনা দেখিবলৈ পোৱা গৈছে। শিল্পীগৰাকীয়ে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সন্দৰ্ভত কৰা মন্তব্যক লৈও সৃষ্টি হৈছে বিতৰ্ক। বহুতেই ইয়াক অপমান বুলি দাবী কৰাৰ বিপৰীতে একাংশই তাৰ বিশ্লেষণ ইতিবাচকভাৱে কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত আমেৰিকান ৰেপাৰ তথা গায়ক প’ষ্ট মেলনৰ কনচাৰ্টক এক “ঐতিহাসিক অনুষ্ঠান” বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই অনুষ্ঠানে চহৰখনক বিশ্ব মনোৰঞ্জনৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে। ৮ ডিচেম্বৰত অনুষ্ঠিত এই কনচাৰ্টলৈ কেইবাখনো দেশৰ দৰ্শনাৰ্থী আহিছিল, যিটো অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি মুখ্যমন্ত্ৰীয়ে কয়।

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শৰ্মাই কয় যে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ লণ্ডন, আমেৰিকা, ইউৰোপ আৰু ফ্ৰান্সৰ লোক গুৱাহাটীলৈ আহিছিল। ‘‘অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোক ইয়ালৈ আহিছিল এটা শ্ব’ চাবলৈ। আমাৰ ৰাজ্যখন এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যটনস্থলী হিচাপে পৰিগণিত হোৱাটো অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত।’’

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে কনচাৰ্টৰ বাবে অহা বহু পৰ্যটক অহা চাৰি-পাঁচ দিন ৰাজ্যখনত থাকিব, যাৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপৰ সৃষ্টি হ’ব। বিশেষকৈ স্থানীয় ব্যৱসায়ীসকলৰ বাবে এই অনুষ্ঠানে পৰ্যটন আৰু আতিথ্যৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব বুলিও তেওঁ কয়।

প’ষ্ট মেলনক বিশ্বব্যাপী সংগীতৰ আইকন আৰু গ্ৰেমী বঁটাৰ বাবে মনোনীত শিল্পী বুলি অভিহিত কৰি শৰ্মাই কয় যে গুৱাহাটীত তেওঁৰ উপস্থিতিয়ে অঞ্চলটোৰ মনোৰঞ্জনৰ প্ৰফাইলত এক উল্লেখযোগ্য পৰিৱৰ্তনৰ সংকেত দিছে। তেওঁ মন্তব্য কৰে যে প’ষ্ট মেলনৰ প্ৰদৰ্শনে গুৱাহাটীক বিশ্ব মনোৰঞ্জনৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিব।

ডঃ শৰ্মাই লগতে আশা প্ৰকাশ কৰে যে ভৱিষ্যতে শিলচৰ আৰু যোৰহাটতো একেধৰণৰ বৃহৎ পৰিসৰৰ কনচাৰ্ট অনুষ্ঠিত হ’ব পাৰে আৰু এনে অনুষ্ঠানে সেই অঞ্চলসমূহৰ অৰ্থনীতিও উন্নীত কৰাত সহায় কৰিব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে।

অসমত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সংগীত অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম এই কনচাৰ্টটোৱে ৰাজহুৱা বিতৰ্কৰ সূত্ৰপাত ঘটাইছে যদিও মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে ইয়াৰ লাভ মনোৰঞ্জনৰ বাহিৰত অনুভৱ কৰা হ’ব, বিশ্বব্যাপী আকৰ্ষণ বৃদ্ধি আৰু পৰ্যটকৰ আগমন বৃদ্ধি পাব।