শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যত বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে এইসকল লোকে কৰিব পাৰিব আবেদন, প’ৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে

সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে আবেদন কৰা লোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই উপলক্ষে আজি মুখ্যমন্ত্ৰীয়ে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প’ৰ্টেল। পিছে এই অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে কেইবাটাও নিয়ম বান্ধি দিছে অসম চৰকাৰে?

ৰাজ্যত বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে এইসকল লোকে কৰিব পাৰিব আবেদন, প’ৰ্টেল মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে
বন্দুকৰ অনুজ্ঞাপত্ৰৰ বাবে এইসকল লোকে কৰিব পাৰিব আবেদনImage Credit source: PTI/Unsplash
trishna-kalita
Trishna Kalita | Published: 14 Aug 2025 13:50 PM

খিলঞ্জীয়া লোকৰ সুৰক্ষাকলৈ চিন্তিত হৈ পৰিছে অসম চৰকাৰ! যাৰ বাবে স্পৰ্শকাতৰ অঞ্চলত বাস কৰাৰ খিলঞ্জীয়া লোকক নিৰাপত্তাৰ বাবে বন্দুকৰ লাইচেন্স দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে, ৰাজ্যখনৰ যিসমূহ অঞ্চল অসুৰক্ষিত আৰু আওহতীয়া আৰু সেই অঞ্চলত বাস কৰাৰ ভূমিপুত্ৰ আৰু খিলঞ্জীয়া ভাৰতীয় লোকসকলক বন্দুকৰ অনুজ্ঞাপত্ৰ দিব ৰাজ্য চৰকাৰে।

সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে আবেদন কৰা লোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। এই উপলক্ষে আজি মুখ্যমন্ত্ৰীয়ে লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প’ৰ্টেল। পিছে এই অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে কেইবাটাও নিয়ম বান্ধি দিছে অসম চৰকাৰে?  ভূমিপুত্ৰ আৰু খিলঞ্জীয়া লোকৰ মাজত কোনসকলে লাভ কৰিব অনুজ্ঞাপত্ৰ? জানক

বন্দুকৰ অনুজ্ঞাপত্ৰ লাভৰ যোগ্যতা

  • অনুজ্ঞাপত্ৰৰ বাবে আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • আবেদনকাৰীৰ বয়স ২১ বছৰ হ’ব লাগিব।
  • আবেদনকাৰী অসমৰ স্পৰ্শকাতৰ এলেকাৰ বাসিন্দা হ’ব লাগিব।
  • আবেদনকাৰী মানসিক আৰু শাৰিৰীকভাৱে সুস্থ হ’ব লাগিব ।
  • ইয়াৰ উপৰিও বৈধ অস্ত্ৰচালনাৰ প্ৰশিক্ষণৰ পত্ৰ থকা লোকেহে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ।
  • লগতে অসমত তিনিটা প্ৰজন্ম থকা লোকে লাভ কৰিব অনুজ্ঞাপত্ৰ।

ক’ত কৰিব পাৰিব আবেদন

ওপৰত উল্লেখ কৰা ধৰণৰ যোগ্য ব্যক্তিসকলে সেৱা সেতু প’ৰ্টেল যোগে আবেদন কৰিব পাৰিব । তাৰ পিছত জিলা আয়ুক্ত কাৰ্যালয়ে তেওঁলোকক  অনুজ্ঞাপত্ৰ প্ৰদান কৰিব।

অনুজ্ঞাপত্ৰ প্ৰদানৰ প্রক্রিয়াতো কেনেধৰণ হ’ব?

  • প্ৰথমে নিৰাপত্তাৰ মূল্যায়ন
  • পৰীক্ষণ আৰু সত্যাসত্য নিৰূপণ
  • বিদ্যমান আইনৰ সৈতে সামঞ্জস্যকৰণৰ ওপৰত গুৰুত্ব। সহজভাৱে বৰ্তমানৰ আইনসমূহ মানি চলাৰ ওপৰত গুৰুত্ব।
  • অহস্তান্তৰযোগ্য আৰু সময়ে সময়ে পৰ্যালোচনা
  • নিৰীক্ষণ আৰু প্ৰতিবেদনৰ ওপৰত গুৰুত্ব

এই সন্দৰ্ভত কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল, “অসমৰ কিছুমান জিলা আছে, য’ত এখন গাঁৱৰ ২০-২৫ হাজাৰ মানুহে ঘেৰী আছে মাজত ১০০ জন মানুহে এখন সত্ৰত বহি আছে। তেওঁ আমি এনে নিদিও। বন্দুক লাগিব, মাটিও লাগিব, অধিকাৰো লাগিব। আইনী প্ৰক্ৰিয়াৰ অধীনত এনে পৰিয়ালে ইচ্ছা কৰিলে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব। সনাতন ধৰ্ম ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।”