শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মছজিদত পেলালে গাহৰি, প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰা বাবেই যুৱতীক বদনামী কৰাৰ ষড়যন্ত্ৰ নেকি?

বৰপেটাৰ এজন যুৱকে পাঞ্জাবাৰীৰ মছজিদত গাহৰিৰ মাংস পেলোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। যুৱতীগৰাকীক বদনাম কৰিবৰ বাবেই তেওঁৰ নাম আৰু ফোন নম্বৰো টোপোলাটোত ৰখা বুলি আৰক্ষীৰ সন্দেহ।

মছজিদত পেলালে গাহৰি, প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰা বাবেই যুৱতীক বদনামী কৰাৰ ষড়যন্ত্ৰ নেকি?
মৃদুপৱন পাঠকImage Credit source: Getty Images
raj-saikia
Raj Saikia | Published: 09 Jul 2025 12:50 PM

দুদিন পূৰ্বে গুৱাহাটীৰ পাঞ্জাবাৰী মছজিদত উদ্ধাৰ হৈছিল গাহৰি মাংসৰ এটা টোপোলা। মছজিদত গাহৰি মাংসৰ টোপোলা উদ্ধাৰৰ পাছতেই সৃষ্টি হৈছিল চাঞ্চল্যৰ। কোনে পেলালে এই টোপোলাটো? কোনো অচিনাকী লোকে স্কুটীত আহি মছজিদলৈ নিক্ষেপ কৰিছিল টোপোলাটো। পাঞ্জাবাৰীৰ ফকৰুদ্দিন আলী আহমেদ পথৰ কাষতে থকা মছজিদটোত পেলোৱা হৈছিল গাহৰি মাংসৰ টোপোলাটো।

তাৰ পাছতেই এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত। কিন্তু চাঞ্চল্য অধিক বৃদ্ধি পায় তেতিয়া, যেতিয়া সেই মাংসৰ সৈতে উদ্ধাৰ হয় এগৰাকী যুৱতীৰ নাম আৰু ফোন নম্বৰ। অঞ্চলটোত সংস্থাপিত চিচিটিভিত স্পষ্ট হৈছিল উপপথটোত দুৰ্বৃত্তৰ গতিবিধি। যুৱতীগৰাকীক দিছপুৰ থানালৈ মাতি আনি সোধা-পোছা কৰে আৰক্ষীয়ে।

তদন্তকাৰী আৰক্ষীক যুৱতীগৰাকীয়ে জনায় যে এই বিষয়ে তেওঁ একেবাৰেই জ্ঞাত নহয়। আনকি সেই কাগজখনৰ আখৰো তেওঁৰ হাতৰ আখৰ নহয় বুলি দাবী কৰে যুৱতীগৰাকীয়ে। আৰক্ষীয়ে এই ঘটনাত যুৱতীগৰাকীৰ পৰিচিত কোনোবা থকাৰ সন্দেহ কৰে।

ইফালে এই ঘটনাত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃদুপৱন পাঠক নামৰ এজন যুৱকক। বৰপেটাৰ এই যুৱকজনেই মছজিদত গাহৰিৰ মাংস পেলোৱা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। যুৱতীগৰাকীক বদনাম কৰিবৰ বাবেই তেওঁৰ নাম আৰু ফোন নম্বৰো টোপোলাটোত ৰখা বুলি আৰক্ষীৰ সন্দেহ।

ইফালে মৃদুপৱনে কয় যে তেওঁক আৰক্ষীয়ে সন্দেহৰ ভিত্তিতহে ধৰি আনিছে, মাংসৰ টোপোলাটোৰ সৈতে পোৱা কাগজখনৰ আখৰ তেওঁৰ নহয়। ছোৱালীজনীক চিনি পোৱা বুলি স্বীকাৰ কৰিলেও এই ঘটনাৰ সৈতে তেওঁ জড়িত নহয় বুলি উল্লেখ কৰিছে মৃদুপৱনে।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনা সন্দৰ্ভত কয় যে প্ৰেমজনিত কাৰণত যুৱকজনে মছজিদত গাহৰিৰ মাংস পেলাইছিল। ইয়াত কোনো ধৰ্মীয় হিংসাৰ কথা জড়িত নাই।

শেহতীয়াকৈ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মৃদুপৱনে কেবাবাৰো প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল যুৱতীগৰাকীক। কিন্তু যুৱতীগৰাকীয়ে তেওঁৰ প্ৰস্তাৱ প্ৰত্যাখান কৰে। সেয়ে যুৱতীগৰাকীক বদনামী কৰিবলৈ বা তেওঁৰ ওপৰত প্ৰতিশোধ ল’বলৈ এই কাম কৰিলে মৃদুপৱন নামৰ যুৱকজনে।