শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১০ ছেপ্টেম্বৰ হ’ব অসমৰ ৰাজনীতিৰ বাবে বিশেষ দিন ! এইবাৰ মুখ্যমন্ত্ৰীক সময়সীমা বান্ধি দিলে গৌৰৱ গগৈয়ে…

এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়, এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে সময়সীমা বান্ধি দিলে মুখ্যমন্ত্ৰীক । গৌৰৱ গগৈয়ে কৈছে যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ ছেপ্টেম্বৰত খুজিব লাগিব ক্ষমা ।

১০ ছেপ্টেম্বৰ হ’ব অসমৰ ৰাজনীতিৰ বাবে বিশেষ দিন ! এইবাৰ মুখ্যমন্ত্ৰীক সময়সীমা বান্ধি দিলে গৌৰৱ গগৈয়ে…
হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈImage Credit source: PTI
manas-borah
Manas Borah | Published: 09 Jun 2025 22:46 PM

সাংসদৰ পত্নীৰ পাকিস্তানৰে সংযোগ ! এই বিষয়টোৱে অসমৰ ৰাজনীতি গৰম কৰি ৰাখিছে । এই বিষয়টোৰ সামৰণিৰ বাবে অপেক্ষা কৰিব লাগিব ১০ ছেপ্টেম্বৰলৈকে । বৰ্তমান সময়ত চলি থকা চৰ্চাবোৰৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে, এই ১০ ছেপ্টেম্বৰ দিনটো অসমৰ ৰাজনীতিৰ বাবে এটা বিশেষ দিন হ’ব ।

এই চৰ্চাৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয়, এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে সময়সীমা বান্ধি দিলে মুখ্যমন্ত্ৰীক । গৌৰৱ গগৈয়ে কৈছে যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ ছেপ্টেম্বৰত খুজিব লাগিব ক্ষমা । এতিয়া সাংসদগৰাকীৰ এই মন্তব্যৰ পাছতে বহুতে কৈছে, “কাৰ হাতত কি অস্ত্ৰ আছে নাজানো, কিন্তু ১০ ছেপ্টেম্বৰলৈ অপেক্ষা কৰিব লাগিব ।”

অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সোমবাৰে কয় যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ ছেপ্টেম্বৰত ক্ষমা খুজিব লাগিব । এই একে সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও । শৰ্মাই কৈছে যে, এই দিনটোতে সাংসদৰ পত্নী পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে লিংকৰ সকলো কথা স্পষ্ট হ’ব ।

সোমবাৰে দিনটোত প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অসম বিধানসভাত প্ৰৱেশ কৰে গৌৰৱ গগৈয়ে । সাংসদ গগৈয়ে মুখ্যমন্ত্ৰীৰ আসনৰ ঠিক বিপৰীতে থকা অধ্যক্ষ গেলেৰীৰ পৰা দৰ্শনাৰ্থী হিচাপে উপস্থিত থাকি বিশেষ এদিনীয়া অধিৱেশনৰ কাৰ্যক্ৰমণিকা প্ৰত্যক্ষ কৰে।

গেলেৰীত কিছু সময় কটাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক সাক্ষাৎ কৰে সাংসদগৰাকীয়ে। ইয়াৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈয়ে কয় যে, বিধানসভাৰ ভিতৰত আৰু বাহিৰত ৰাজনীতি অব্যাহত থাকিব। আমি বিধানসভাৰ ভিতৰত আৰু বাহিৰতো উত্তৰ দিম।

উল্লেখ্য যে, গৌৰৱ গগৈক এক প্ৰকাৰে কটাক্ষ কৰি বিধানসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে, কংগ্ৰেছে ‘নাগৰিকত্ব’ক মূল্য নিদিয়ে, কাৰণ তেওঁলোকৰ এজন নেতাৰ পৰিয়ালৰ চাৰিজন সদস্যৰ ভিতৰত তিনিজন বিদেশী। তদুপৰি পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে পত্নীৰ সম্পৰ্ক থকাৰ অভিযোগত অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে সাংসদগৰাকীক বিভিন্ন সময়ত সমালোচনা কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে, সাংসদ গগৈৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্নে ১৯ বাৰ পাকিস্তান ভ্ৰমণ কৰিছিল।

পাকিস্তানৰ সৈতে সাংসদ গগৈ আৰু তেওঁৰ পত্নীৰ ঘনিষ্ঠ সম্পৰ্কৰ অভিযোগৰ সমৰ্থনত অসম চৰকাৰৰ হাতত নথিপত্ৰ প্ৰমাণ আছে বুলি দাবী কৰি আহিছে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে ১০ ছেপ্টেম্বৰত এই বিষয়টোৰ সকলো তথ্য ৰাজহুৱাভাৱে প্ৰকাশ কৰা হ’ব বুলি সময়সীমা বান্ধি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

সাংবাদিকে এই সময়সীমাৰ বিষয়ে সোধাত সাংসদ গগৈয়ে কয় যে, “তেওঁ ১০ ছেপ্টেম্বৰত ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব। যদি তেওঁ কিবা কয় তেন্তে আমি ১১ ছেপ্টেম্বৰত উত্তৰ দিম। অহা বছৰৰ বিধানসভা নিৰ্বাচনলৈকে মোৰ পৰিয়ালৰ বহু তথ্য ছ’চিয়েল মিডিয়াত প্ৰকাশ পাব, বিশেষকৈ বিজেপিৰ আই টি চেলে প্ৰকাশ কৰিব । মোৰ ব্যক্তিগত বিষয়ত ভোট দিব নে প্ৰকৃত সমস্যা কংগ্ৰেছে কেনেদৰে সমাধান কৰিব সেয়া চাই ভোট দিব, তাত ৰাইজে সিদ্ধান্ত ল’ব।” এইদৰে কয় সাংসদ গৌৰৱ গগৈয়ে ।