শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাইজক দিয়া প্রতিশ্রুতিৰ পৰা এইখন চৰকাৰ কেতিয়াও আঁতৰি অহাৰ নজিৰ নাই: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আজি বিশ্বনাথ সমষ্টিত সর্বমুঠ ৩৪,৬২০ গৰাকী হিতাধিকাৰীয়ে ১০ হাজাৰ টকাকৈ মুঠ ৩৪ কোটি ৬২ লাখ টকাৰ চেক লাভ কৰিছে। ইয়াৰে ৩২,৯৯৭গৰাকী হিতাধিকাৰী গ্রামাঞ্চলৰ আৰু ১৬২৩ গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ।

ৰাইজক দিয়া প্রতিশ্রুতিৰ পৰা এইখন চৰকাৰ কেতিয়াও আঁতৰি অহাৰ নজিৰ নাই: মুখ্যমন্ত্ৰী
মহিলা উদ্যমিতা পুঁজিৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ Image Credit source: social media
trishna-kalita
Trishna Kalita | Updated On: 04 Oct 2025 21:29 PM

আজি বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্রত আয়োজিত এক জনসভাত ৩৪,৬২০ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই । অনুষ্ঠানত মুখ্যমন্ত্রীয়ে বিহালী সমষ্টিৰ পূৰ্বে ৰৈ যোৱা ৩১৮৪ গৰাকী হিতাধিকাৰীকো আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰা হয়। উল্লেখ্য যে, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত আজি বিশ্বনাথ সমষ্টিত সর্বমুঠ ৩৪,৬২০ গৰাকী হিতাধিকাৰীয়ে ১০ হাজাৰ টকাকৈ মুঠ ৩৪ কোটি ৬২ লাখ টকাৰ চেক লাভ কৰিছে। ইয়াৰে ৩২,৯৯৭গৰাকী হিতাধিকাৰী গ্রামাঞ্চলৰ আৰু ১৬২৩ গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ।

এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, হস্ততাঁত আৰু হস্তশিল্পকে প্রমুখ্য কৰি আন বিভিন্ন ক্ষেত্ৰত মহিলা উদ্যোগীৰ বিকাশৰ জৰিয়তে গাঁওকেন্দ্ৰিক জীৱিকাৰ বিকল্প সম্ভাৱনাৰ প্ৰসাৰ ঘটাবলৈ লক্ষ্য লোৱা হৈছে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়, “মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ কথা কওঁতে প্রথমে মানুহে বিশ্বাস কৰিবই খোজা নাছিল। কিয়নো ৰাজ্যৰ ৪ লাখ মহিলা আত্মসহায়ক গোটৰ ৪০ লাখ গৰাকী মহিলাক ১০,০০০ টকাকৈ দিবলৈ ৪০০০ কোটি টকাৰ প্ৰয়োজন আছিল। সেইদৰে অৰুণোদয় আঁচনিৰ ৩০ লাখ হিতাধিকাৰীৰ বাবেও মাহত ৪ কোটিকৈ বছৰত ৪৮০০ কোটিৰ প্ৰয়োজন আছিল। সেয়ে বহুতে এই আঁচনি ৰাজ্য চৰকাৰৰ নিৰ্বাচনমুখী অবাস্তৱ ঘোষণা বুলি কৈছিল।”

আজি বিশ্বনাথৰ হিতাধিকাৰীসকললৈ চেক বিতৰণৰ পাছত পর্যায়ক্রমে ৰাজ্যৰ আনবোৰ সমষ্টিতো চেক বিতৰণ কাৰ্যসূচী অব্যাহত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয়,” ৰাজ্যৰ মহিলাসকলক আর্থিকভাৱে স্বচ্ছল কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোট গঠন কৰি মহিলা সদস্যাসকলক ঘূর্ণীয়মান পুঁজি যোগান ধৰাৰ লগতে বেংকৰ পৰা ঋণ গ্ৰহণৰ ব্যৱস্থাও কৰি দিছিল।” তেওঁ কয় যে, এই পদক্ষেপৰ অধীনত আজি অসমৰ প্ৰায় ৮ লাখ উদ্যমী মহিলা লাখপতি বাইদেউলৈ উন্নীত হ’বলৈ সক্ষম হৈছে। ৰাজ্যৰ আত্মসহায়ক গোটৰ ৪০ লাখ মহিলাকে লাখপতি বাইদেউলৈ উন্নীত কৰাটো ৰাজ্য চৰকাৰৰ সপোন আছিল আৰু তাক বাস্তৱায়িত কৰাৰ বাবেই চৰকাৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ শুভাৰম্ভ কৰিছিল।”

মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰেচন কার্ড থকা পৰিয়ালসমূহে অহা ১ নৱেম্বৰৰ পৰা চাউলৰ লগতে সুলভ মূল্যত দাইল, চেনী আৰু নিমখো লাভ কৰিব। পৰৱৰ্তী সময়ত ৰেচন কার্ডধাৰীসকলক মিঠাতেল প্রদানৰো ব্যৱস্থা কৰা হ’ব আশ্বাস প্রদান কৰে মুখ্যমন্ত্রীয়ে। তেওঁ কয় যে অহা ৭ অক্টোবৰৰ পৰা অৰুণোদয় আঁচনিৰ অধীনত মহিলাসকলক মাহিলী ১২৫০ টকাকৈ প্ৰদানৰ পদক্ষেপ লোৱা হৈছে। ৰন্ধন গেছৰ কাৰ্ড থকা অৰুণোদয় পৰিয়ালে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবে ২৫০ টকাকৈ ৰাজসাহায্য পাব বুলিও কয় মুখ্যমন্ত্রীয়ে