শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জনজাতিকৰণৰ দাবীত বিশ সহস্ৰাধিক মটক জনগোষ্ঠীয়ে কঁপালে ৰাজপথ

জনজাতিকৰণৰ দাবীত মটকৰ গৰ্জন! হাতে হাতে জোঁৰ লৈ ডিকম-লাহোৱালৰ আকাশ বতাহ কঁপালে মটক যুৱ-ছাত্ৰ সন্মিলনে। মৰাণৰ পাছত এইবাৰ পুনৰ উজনি কঁপালে মটক জনগোষ্ঠীয়ে।

জনজাতিকৰণৰ দাবীত বিশ সহস্ৰাধিক মটক জনগোষ্ঠীয়ে কঁপালে ৰাজপথ
barasha-misra
Barasha Misra | Published: 27 Sep 2025 06:37 AM

মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে। প্ৰায় বিশ সহস্ৰাধিক মটক জনগোষ্ঠীৰ লোকে উজনিৰ ৰাজপথ উত্তাল কৰি তোলে। হাতে হাতে জোঁৰ লৈ মহানগৰৰ আকাশ-বতাহ কঁপাই তোলে। ডিকম ইকৰাতলীৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি লাহোৱাললৈকে বিশাল প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰিলে মটক যুৱ-ছাত্র সন্মিলনে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত প্ৰৱঞ্চনাৰ বিৰুদ্ধে ব্যাপক ৰূপত প্ৰতিবাদ কৰে মটক জনগোষ্ঠীৰ লোকসকলে। ইফালে মটক জনগোষ্ঠীৰ প্ৰতিবাদৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথছোৱা স্তব্ধ হৈ পৰে। বকুলৰ পৰা ডিকমলৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱাত যান-বাহন চলাচলত বাধা প্ৰদান কৰে আৰক্ষীয়ে।

লাহোৱাল ৰাজপথত অনুষ্ঠিত কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ৰঞ্জিত গোহাঁইয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়, ‘ভূমিপুত্ৰ মটক জনগোষ্ঠীক জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন চৰকাৰে চৰম প্ৰৱঞ্চনা কৰিলে। এই প্ৰৱঞ্চনাৰ ফল সময়ত ভূগিব লাগিব। আমি অকৰা মটক। চৰকাৰে আমাক জনজাতিকৰণ ক’ৰ পৰা আনি দিয়ে আমি নাজানোঁ।’

এই প্ৰতিবাদী সভাত মটক যুৱ-ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা মিন্টু বৰপাত্ৰগোহাঁইয়ে কয়, ‘একালৰ সৱল পৰাক্ৰমী মটক জনগোষ্ঠীসকল সকলোদিশত উপেক্ষিত। এতিয়া আমাৰ ৰাজ্যত বহিৰাগতই শোষণ কৰি আছে। ভূমিপুত্ৰ হৈয়ো আমি সংৰক্ষণ বিচাৰিবলগীয়া হৈছে। কি বিজেপি, কি কংগ্ৰেছ সকলোৱে আমাক ঠগিলে। আমি কোনোদিন অসমীয়া জাতিৰ পৰা পৃথকাবাদী মনোভাৱ পোষণ কৰা নাই। বৃহত্তৰ অসমীয়া জাতি জাতি গঠনত অৱদান আছে আৰু অনাগত দিনলৈ থাকিব।’

ইফালে এই প্ৰতিবাদকলৈ সাধাৰণ সম্পাদক সৌৰভ গোহাঁইয়ে কয়, ‘মটক জনগোষ্ঠীক জনজাতিকৰণ লাগিবই। তাৰ বিকল্প আন একো নাই। এইখন চৰকাৰে মটক জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়েই সময় পাৰ কৰিলে। বিজেপিয়ে দিয়া ললিপপ আমি সংৰক্ষণ কৰি ৰাখিম। এই ললিপপ সময়ত দিম। মটক জনগোষ্ঠীৰ এই আন্দোলনেই শেষ আন্দোলন নহয়, জনজাতিকৰণ নিদিয়ালৈকে আন্দোলন চলি থাকিব।’

এই কাৰ্যসূচীত মটক সন্মিলনৰ সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱা, মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈয়ে আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, প্ৰতিবাদী কাৰ্যসূচী আৰম্ভণিৰ বাবে ত্ৰিশ সহস্ৰাধিক মটক জনগোষ্ঠীৰ লোকে জুবিন গাৰ্গৰ মায়াবিনী গীত পৰিৱেশন কৰি হাৰ্টথ্ৰৱলৈ শ্ৰদ্ধাঞ্জলি জনায়।