জুবিন গাৰ্গৰ শেষ যাত্ৰাক অপমান! সামাজিক মাধ্যমত যুৱতীৰ বিতৰ্কিত পোষ্ট, গ্ৰেপ্তাৰৰ দাবী
যুৱতীগৰাকীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত ABVPকে ধৰি বিভিন্ন দল-সংগঠনে এজাহাৰ দাখিল কৰে। কেৱল ইমানেই নহয়, বহু লোকে যুৱতীগৰাকীয়ে আশ্ৰয় লোৱা সম্পৰ্কীয় মাহীয়েকৰ ঘৰ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।

ৰাজ্যৰ চৌদিশে এতিয়া কেৱল শোকৰ ছাঁ। এক মহাশিল্প সাধকৰ মহাপ্ৰয়াণে জোকাৰি তুলিছে অসম-অসমীয়াক। সকলোতে এতিয়া কেৱল বন্দিত হৈছে জুবিন গাৰ্গ। হৃদয়লৈ পৰা হৃদয়লৈ ধ্বনিত হৈছে এইজন সাধকৰ গান। মায়াবিনীৰ সুউচ্চ ধ্বনিত কঁপি উঠিছে আকাশ। মহাশিল্পীৰ মহাপ্ৰয়াণৰ এই সময়ছোৱাত হৃদয় কঁপি উঠিছে প্ৰতিজন অসমীয়াৰ। অন্তিম যাত্ৰাত তেওঁৰ সংগী হোৱাৰ উদ্দেশ্যে ওলাই আহিছে সকলো। শেষ সন্মান যাঁচি স্বতঃস্ফুৰ্তভাৱে দোকান-পোহাৰ বন্ধ কৰি ওলাই আহিছে পথলৈ।
এয়া এগৰাকী মহানায়কলৈ সকলোৰে সন্মান। চিৰনিদ্ৰাত শুই পৰা অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী। তাৰ মাজতেই সামাজিক মাধ্যমত এগৰাকী যুৱতীৰ মন্তব্যই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।
সামাজিক মাধ্যম যোগে শিৱাংগী ভট্টাচাৰ্য নামৰ এই যুৱতীগৰাকীয়ে জুবিন গাৰ্গৰ অনুৰাগীসকলক লৈ কটু মন্তব্য আগবঢ়াইছিল। অসমবাসীয়ে জুবিন গাৰ্গৰ প্ৰতি প্ৰদৰ্শন কৰা শোকক লৈ চূড়ান্ত অসভ্যালিসূচক মন্তব্য কৰিছিল যুৱতীগৰাকীয়ে।
ইয়াৰ পিছতে ক্ষোভিত হৈ পৰে প্ৰতিজন লোক। যুৱতীগৰাকীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত ABVPকে ধৰি বিভিন্ন দল-সংগঠনে এজাহাৰ দাখিল কৰে। কেৱল ইমানেই নহয়, বহু লোকে যুৱতীগৰাকীয়ে আশ্ৰয় লোৱা সম্পৰ্কীয় মাহীয়েকৰ ঘৰ ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।
জানিব পৰা মতে, এই যুৱতীগৰাকীৰ ঘৰ কলকাতাত আৰু বৰ্তমান তেওঁ বেংগালুৰুত থাকে। মালিগাঁৱৰ এখন শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ কৰি পুনৰ উভতি গৈছিল কলকাতালৈ। সামাজিক মাধ্যমত তেওঁৰ এই পোষ্টৰ পিছতে মালিগাঁওস্থিত যুৱতীগৰাকীৰ মাহীয়েকৰ বাসগৃহৰ বাহিৰত বহু জুবিন অনুৰাগী সমবেত হয়।
এনে পৰিস্থিতিৰ পিছতে স্থানীয় আৰক্ষীৰ এটা দলো সেই স্থানত উপস্থিত হয়। সম্প্ৰতি পৰিস্থিতি শাম কাটিলে যদিও বিতৰ্কিত মন্তব্যৰে অসমীয়াৰ আবেগ অনুভূতিত আঘাত দিয়াৰ অভিযোগ তুলি সকলোৱে যুৱতীগৰাকীক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তুলিছে।