শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

২ লাখ বঙালী হিন্দুৰ ভিতৰত মাত্ৰ ২৫ হাজাৰ সন্দেহযুক্ত ভোটাৰ আদালততঃ মুখ্যমন্ত্ৰী

নিৰ্বাচন বহুত বেছি আকৰ্ষণীয় হ'ব কাৰণ বেছিভাগ বঙালী হিন্দুৱে আদালতত জয়ী হৈছে। তেওঁলোকক ১৯৭১ চনৰ শৰণাৰ্থী প্ৰমাণ পত্ৰহে প্ৰদান কৰা হৈছে।

২ লাখ বঙালী হিন্দুৰ ভিতৰত মাত্ৰ ২৫ হাজাৰ সন্দেহযুক্ত ভোটাৰ আদালততঃ মুখ্যমন্ত্ৰী
২ লাখ বঙালী হিন্দুৰ ভিতৰত মাত্ৰ ২৫ হাজাৰ সন্দেহবাদী ভোটাৰ আদালতত!Image Credit source: Facebook Page
barasha-misra
Barasha Misra | Updated On: 19 Sep 2025 12:24 PM

অসমত সন্দেহযুক্ত ভোটাৰ( ডি ভোটাৰ) হিচাপে চিহ্নিত বঙালী হিন্দু আদালতৰ ৰেকৰ্ডত দুই লাখৰ পৰা ২৫ হাজাৰলৈ হ্ৰাস পোৱা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, উচ্চতম ন্যায়ালয়ে অসম চুক্তিৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ আগৰ অসমত বসবাস কৰা লোকসকলক ১০০ শতাংশ ভাৰতীয় বুলি স্বীকৃতি দিয়ে।

তেওঁ কয়, ডি ভোটাৰৰ এটা সমস্যা আছে। অসমত দুই লাখ বঙালী হিন্দু আছিল, কিন্তু এতিয়া আদালতৰ ৰেকৰ্ডত মাত্ৰ ২৫ হাজাৰহে বাকী আছে। পাঁচ বছৰত প্ৰায় দুই লাখ লোক নোহোৱা হৈছে। ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে বঙালী হিন্দুসকলক ডি ভোটাৰৰ শ্ৰেণীৰ পৰা আঁতৰাই অনা হব। নিৰ্বাচন বহুত বেছি আকৰ্ষণীয় হ কাৰণ বেছিভাগ বঙালী হিন্দুৱে আদালতত জয়ী হৈছে। তেওঁলোকক ১৯৭১ চনৰ শৰণাৰ্থী প্ৰমাণ পত্ৰহে প্ৰদান কৰা হৈছে। সন্দেহবাদী ভোটাৰ অসমত বছৰ বছৰ ধৰি চলি থকা এটা বিষয়, আৰু এই সন্দৰ্ভত বিদেশী ন্যায়াধিকৰণত শুনানি গ্ৰহণ কৰা হয়।

ইফালে ২২ ছেপ্তেম্বৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনৰ পূৰ্বে বাকসা, তামুলপুৰ আৰু ওদালগুৰিত হিমন্ত বিশ্ব শৰ্মাই সভা অনুষ্ঠিত কৰে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ৪০ টা সাধাৰণ পৰিষদ সমষ্টিত এই ভোটগ্ৰহণ অনুষ্ঠিত হব।