শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কৰিছিল ভয়ংকৰ পৰিকল্পনা! দৰঙত গ্ৰেপ্তাৰ কুখ্যাত জেহাদী মুনছেৰ আলি…

দৰং জিলাৰ পৰা গ্ৰেপ্তাৰ এজন জেহাদী। অভিযোগ অনুসৰি তেওঁৰ বহু সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সু-সম্পৰ্ক আছিল। ইয়াৰোপৰি দৰঙৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কূটঘাটৰ পৰিকল্পনা কৰিছিল।

কৰিছিল ভয়ংকৰ পৰিকল্পনা! দৰঙত গ্ৰেপ্তাৰ কুখ্যাত জেহাদী মুনছেৰ আলি…
অভিযুক্ত
barasha-sarma
Barasha Sarma | Published: 26 Nov 2025 12:01 PM

একাংশ কুখ্যাত লোকৰ বিৰুদ্ধে সমগ্ৰ দেশতে আৰক্ষী তথা তদন্তকাৰী সংস্থাসমূহে নিজা নিজা অভিযান অব্যাহত ৰাখিছে। ইয়াৰ মাজতে দৰং জিলাৰ খাৰুপেটীয়াৰ পৰা গ্ৰেপ্তাৰ এজন কুখ্যাত জেহাদী। জানিব পৰা মতে, এই অভিযুক্ত জেহাদীজনৰ বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সু-সম্পৰ্ক আছিল। কোনো কূটঘাটমূলক পৰিকল্পনা কৰাৰো সম্ভাৱনা। কিন্তু তাৰ মাজতে দৰং আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

এই কুখ্যাত জেহাদীজন খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম কামাৰপাৰা গাঁৱৰ নিৱাসী মুনছেৰ আলি বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি তেওঁৰ আৰকান ৰোহিংগীয়া চেলভেশ্যন আৰ্মী (Arakan Rohingya Salvation Army) আৰু তেহৰিক- ই- তালিবান পাকিস্তান (Tahrik -E- Taliban Pakistan) নামৰ কুখ্যাত সংগঠনৰ সৈতে সু-সম্পৰ্ক আছিল।

অভিযুক্ত মুনছেৰ আলি দীৰ্ঘদিন ধৰি তামিলনাডুত কৰ্মৰত আছিল। কিছুদিন পূৰ্বে তেওঁ  কৰ্মস্থলীৰ পৰা খাৰুপেটীয়ালৈ উভতি আছিল। এই লোকজনে সামাজিক মাধ্যমৰ জৰিয়তে বাংলাদেশৰ উগ্ৰপন্থী সংগঠনৰ সৈতে সু-সম্পৰ্ক ৰখাৰো অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, মুনছেৰ আলিয়ে খাৰুপেটীয়ৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত কূটঘাটৰ পৰিকল্পনা কৰিছিল। কিন্তু তাৰ পূৰ্বে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তেওঁক কেচ নম্বৰ ১৩৪/২০২৫ ধাৰা ১৪৭/১৪৮/১৫২/১৯৬ BNS আৰু R/W ধাৰা ৩৯(২) UA (P) এক্টত গ্ৰেপ্তাৰ কৰি বুধবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ বিৰোধিৰ অনুপস্থিতিত বিধানসভাত তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল, নেলী কাণ্ডৰ CBI তদন্তৰ দাবী AIUDF ৰ…