গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজনৰ মৃত্যু, দুজন আহত
গোৱালপাৰা জিলাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এগৰাকী ৫৩ বছৰীয়া বৃদ্ধ। নিহত লোকজনক গজেন্দ্ৰ ক্ষত্রিয় বুলি চিনাক্ত কৰা হৈছে। আনহাতে হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছে তুলসী ক্ষত্রিয় আৰু সোনমণি ক্ষত্রিয় নামৰ আন দুজন লোক।

গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। গোৱালপাৰা জিলাৰ লক্ষীপুৰত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এগৰাকী ৫৩ বছৰীয়া বৃদ্ধ। নিহত লোকজনক গজেন্দ্ৰ ক্ষত্রিয় বুলি চিনাক্ত কৰা হৈছে। স্থানীয় সংবাদ দাতাই জানিবলৈ দিয়া মতে, যোৱা নিশা লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ অধীনস্থ শিগৰী গাঁৱত প্ৰৱেশ কৰে বনৰীয়া হাতীৰ এটা বৃহৎ জাক। হাতীৰ জাকটোৱে প্ৰথমে গজেন্দ্ৰ ক্ষত্রিয়ৰ বাৰীত সোমাই ঘৰৰ আচবাব লণ্ডভণ্ড কৰে।
ইয়াৰ পিছতে বন্য হস্তীৰ জাকটোৱে গজেন্দ্ৰ ক্ষত্রিয় শুই থকা অৱস্থাত শোৱাপাটিতে ভৰিৰে গচকি প্ৰাণ কাঢ়ি নিয়ে। আনহাতে বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছে দুজনকৈ লোক। আহত হোৱা লোক দুজনক ক্ৰমে তুলসী ক্ষত্রিয় আৰু সোনমণি ক্ষত্রিয় বুলি চিনাক্ত কৰা হৈছে। হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোক দুজন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।
সংবাদ দাতাই জানিবলৈ দিয়া মতে, যোৱা নিশা প্ৰায় ৪০/৪২টা হাতীৰ বৃহৎ জাক এটাই লক্ষীপুৰৰ শিগৰী আমবাৰী গাঁৱত চলায় এই সন্ত্ৰাস। হাতীৰ জাকটোৱে উধিৰ ক্ষত্রিয়, কানাই ক্ষত্রিয়, কৰ্মেশ্বৰ বৰ্মণ, মালতি দাস, ভানুমতি ক্ষত্ৰিয়ৰ উপৰিও আন ১০টা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰিও ভঁৰালৰ পৰা ধান চাউল উলিয়াই খাই তহিলং কৰে।
ইয়াৰ উপৰিও পৰিয়াল কেইটাৰ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি কাপোৰ-কানিকে ধৰি সকলো সামগ্ৰী বিনষ্ট হোৱাত মূৰে কঁপালে হাত দিছে এতিয়া ভুক্তভোগী পৰিয়াল কেইটাই। প্ৰণিধানযোগ্য যে, উল্লেখিত গাওঁ সমূহত বিগত কিছু দিনৰ পৰা হাতীৰ জাকটোৱে বাহৰ পাতি আছিল।
এই বিষয়ে স্থানীয় ৰাইজে লক্ষীপুৰ আঞ্চলিক বনবিভাগক অৱগত কৰাৰ পিছতো বনৰীয়া হাতীৰ জাকটোক খেদিবলৈ লক্ষীপুৰ আঞ্চলিক বনবিভাগ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি অভিযোগ উঠিছে। স্থানীয় লোকসকলৰ অভিযোগ, হাতীৰ জাকটোক বাধা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ।
ইফালে কালিৰ এই ঘটনাৰ পিছত আজি পুৱাৰ ভাগত লক্ষীপুৰ আৰক্ষী আৰু বনবিভাগ ঘটনাস্থলীত উপস্থিত হয় আৰু গজেন্দ্ৰ ক্ষত্ৰিয়ৰ মৃতদেহটো মৰণোত্ত পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।