শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমীয়া জাতিৰ আত্মসমৰ্পণৰ আৰম্ভণি! মুছলমানৰ বৰ্ধিত সম্পত্তিক লৈ সকীয়নি মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীগৰাকীৰ দাবী অসমত কেৱল জনগাঁথনিগত পৰিৱৰ্তনেই নহয়, অৰ্থনৈতিক পৰিৱৰ্তনো দেখা গৈছে। মুছলমানসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা অৰ্থনৈতিক সমৃদ্ধিয়ে অসমীয়া জনসাধাৰণৰ আত্মসমৰ্পণৰ আৰম্ভণিৰ সংকেত দিব পাৰে বুলিও অভিহিত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসমীয়া জাতিৰ আত্মসমৰ্পণৰ আৰম্ভণি! মুছলমানৰ বৰ্ধিত সম্পত্তিক লৈ সকীয়নি মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook/Himanta Biswa Sarma
monjit-dutta
Monjit Dutta | Published: 10 Nov 2025 14:41 PM

দেওবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ পিছত এক সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই। এই সংবাদমেলত তেওঁ কেবিনেটে গ্ৰহণ কৰা নানা সিদ্ধান্তৰ বিষয়ে সদৰী কৰাৰ লগতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভিন্ন দিশৰ ওপৰত মত দাঙি ধৰে। মুখ্যমন্ত্ৰীগৰাকীৰ দাবী অসমত কেৱল জনগাঁথনিগত পৰিৱৰ্তনেই নহয়, অৰ্থনৈতিক পৰিৱৰ্তনো দেখা গৈছে। মুছলমানসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা অৰ্থনৈতিক সমৃদ্ধিয়ে অসমীয়া জনসাধাৰণৰ আত্মসমৰ্পণৰ আৰম্ভণিৰ সংকেত দিব পাৰে বুলিও অভিহিত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, জনগাঁথনিগত পৰিৱৰ্তনৰ বাহিৰেও সম্পদ সৃষ্টিৰ ক্ষেত্ৰতো এতিয়া পৰিৱৰ্তন ঘটিছে। “পূৰ্বে আমি ভাবিছিলো যে জনসংখ্যাহে বৃদ্ধি পাইছে, কিন্তু এতিয়া আনকি সম্পদৰ আৰ্হিও সলনি হৈছে।”- এই ভাষ্য মুখ্যমন্ত্ৰীগৰাকীৰ। নিজ মন্তব্যৰ সমৰ্থনত তেওঁ ২০০১ চনৰ পৰা ২০১১ চনলৈকে চৰকাৰী তথ্যৰ উদ্ধৃতি দাঙি ধৰে।

এই তথ্যৰ ভিত্তিত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, ৰাজ্যত এতিয়া হিন্দু জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হ্ৰাস পোৱাৰ বিপৰীতে সকলো প্ৰান্ততে মুছলমান জনসংখ্যাৰ বৃদ্ধি অব্যাহত আছে। “অসমৰ প্ৰতিটো ব্লকতে হিন্দু জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কমি আহিছে আৰু মুছলমান জনসংখ্যা বৃদ্ধি পাইছে।”- এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে হিন্দু ধৰ্মাৱলম্বী লোকৰ পৰা মুছলমানৰ ভূমি ক্ৰয়ৰ দিশটোও আঙুলিয়াই দিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যত ভূমি ক্ৰয়-বিক্ৰী বিষয়ত বিগত বছৰ জাৰি কৰা নিৰ্দেশনাৰ অধীনত চৰকাৰে এই দিশত তীক্ষ্ণ দৃষ্টি ৰখাৰ ইঙ্গিত পোৱা গৈছে। মুখ্যমন্ত্ৰীৰ ভাষ্য মতে, ৰাজ্যত হিন্দু ধৰ্মাৱলম্বী লোকৰ পৰা মুছলমান লোকৰ মাটি বিক্ৰীৰ হাৰ যথেষ্ট বেছি যদিও মুছলমানৰ পৰা হিন্দু লোকৰ ভূমি ক্ৰয়ৰ হাৰ কম।

অৱশ্যে অসমীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমানৰ সৈতে জড়িত ভূমি চুক্তিত চৰকাৰে আপত্তি নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিছে। কিন্তু জনগাঁথনিৰ পৰিৱৰ্তন হোৱাটো স্পষ্ট বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পদৰ ক্ষেত্ৰতো এতিয়া এই পৰিৱৰ্তন পৰিলক্ষিত হৈছে বুলি সকীয়াই দিয়ে। ইয়াৰ দ্বাৰা এক প্ৰকাৰে অসমীয়া জনসাধাৰণৰ আত্মসমৰ্পণৰ এক অধ্যায় আৰম্ভ হৈছে বুলি তেওঁ লগতে শংকা প্ৰকাশ কৰে।