পংখী সন্দিকৈৰ কথা মনত আছেনে? ৰাজ্য জোকাৰি যোৱা কাণ্ডৰ মূল অভিযুক্ত নিতিকেশৰ মৃত্যু…
পংখী সন্দিকৈ কাণ্ডৰ কথা মনত আছেনে? এই কাণ্ডৰ মূল অভিযুক্ত নিতিকেশ দাসৰ মৃত্যু হৈছে। তথ্য় অনুসৰি, পত্নীৰ মৃত্যুৰ পাছত গ্ৰেপ্তাৰ হৈছিল নিতিকেশ। কিন্তু জামিনত মুক্ত হৈ আছিল তেওঁ।

পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ কথা মনত আছেনে? ২০২৪ চনৰ ৩ মে’ত চৰাইদেউ জিলাৰ সাপেখাটী কঠিয়াখুণ্ডা গাঁৱৰ নিবাসী নিতিকেশ দাস (৩২)ৰ পত্নী পংখী সন্দিকৈ দাস(২২)ৰ ৰহস্যজনক মৃত্যু হৈছিল। এই কাণ্ডই সমগ্ৰ অসম জোকাৰি গৈছিল। এই কাণ্ডৰ মূল অভিযুক্ত আছিল পংখীৰ স্বামী নিতিকেশ দাস। কিন্তু শেহতীয়াকৈ নিতিকেশেও মৃত্যুক সাৱতি লয়। পংখীৰ মৃত্যুৰ পাছতে নিতিকেশ গ্ৰেপ্তাৰ হৈছিল যদিও জামিন লৈছিল তেওঁ।
জানিব পৰা মতে, পংখীক হত্যা কৰা অভিযোগত নিতিকেশ গ্ৰেপ্তাৰ হৈছিল। কিন্তু সেই বছৰৰে ২৬ জুনত নিতিকেশ জামিনত মুক্ত হৈছিল। পংখী কাণ্ডৰ মূল অভিযুক্ত নিতিকেশৰে এতিয়া মৃত্যু হৈছে। খবৰ অনুসৰি, ১৬ ছেপ্টেম্বৰৰ সন্ধিয়া নিতিকেশে মৃত্যুক সাৱতি লয়। এক দুৰ্ঘটনাতপতিত হৈ নিতিকেশ ডিব্ৰুগড়ৰ এখন হাস্পাতালত চিকিৎসাধীন অৱস্থাত আছিল। উচ্চ ৰক্তচাপজনিত সমস্যাও আছিল তেওঁৰ। কিন্তু চিকিৎসাধীন অৱস্থাতে নিতিকেশে মৃত্যুক সাৱতি লয়।
উল্লেখ্য যে, ২০২৩ চনৰ ৩ অক্টোবৰত নিতিকেশ আৰু পংখী বিবাহপাশত আৱদ্ধ হৈছিল। অভিযোগ অনুসৰি বিয়াৰ পাছতে নিতিকেশ আৰু তেওঁৰ পৰিয়ালৰ লোকে পংখীক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি গৈছিল। দীৰ্ঘদিনীয়া অত্যাচাৰ সহিব নোৱাৰি অৱশেষত পংখীয়ে চৰম পন্থা গ্ৰহণ কৰিছিল। বিয়াৰ মাত্ৰ ৭ মাহ পাছতে ন-কইনাগৰাকীয়ে নিজৰ জীৱন শেষ কৰি দিয়া কাণ্ডই বহুতৰে চকু সেমেকাই তুলিছিল।
এই কাণ্ডৰ মূল অভিযুক্ত আছিল নিতিকেশ। ঘটনা সন্দৰ্ভত পংখীৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ লগতে স্থানীয় ৰাইজেও এই কাণ্ডৰ উচিত তদন্তৰ দাবী জনাইছিল। এই কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। পংখীৰ কাণ্ডৰ ন্যায় বিচাৰি শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল শিৱসাগৰ আৰু চৰাইদেউৰ বহু অঞ্চলত। পাছত ৪ মে’ত গ্ৰেপ্তাৰ হৈছিল নিতিকেশ। পংখীৰ মৃত্যুৰ কেইটামান মাহ পাছতেই এতিয়া নিতিকেশেও মৃত্যুক সাৱতি লয়।
অন্য খবৰ পঢ়কঃ নৈশ পাৰ্টিৰ মাজতে মহানগৰীত যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড! আটক অভিযুক্ত…