নিযুত মইনা আঁচনিৰ চৰ্তসমূহ কি কি ? কোনসকল ছাত্ৰী এই আঁচনিৰ বাবে যোগ্য হিচাপে বিবেচিত হ’ব ?

Nijut Moina Scheme: এই আঁচনিৰ অধীনত অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে আঁচনিৰ অধীনত স্নাতক শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক ১৫০০ টকা, স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক ২৫০০ টকা আৰু উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা ছাত্ৰীক ১০০০ টকা প্ৰদান কৰিব ।

নিযুত মইনা আঁচনিৰ চৰ্তসমূহ কি কি ? কোনসকল ছাত্ৰী এই আঁচনিৰ বাবে যোগ্য হিচাপে বিবেচিত হ’ব ?

নিযুত মইনা আঁচনিৰ ধন পাবলৈ কি কি যোগ্যতা থাকিব লাগিব ?

Published: 

06 Oct 2024 17:56 PM

খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তি সাহায্য ধনৰাশি মুকলি কৰিলে। এই আঁচনিৰ অধীনত ৰাজ্যৰ ১,৫৯,০৯৩ গৰাকী ছাত্ৰী উপকৃত হ’ব । উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষত এই আঁচনিৰ বাবে ২৪০ কোটি টকা ধাৰ্য কৰা হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া অনুসৰি, এই আঁচনিৰ অধীনত অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰে আঁচনিৰ অধীনত স্নাতক শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক ১৫০০ টকা, স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীক ২৫০০ টকা আৰু উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা ছাত্ৰীক ১০০০ টকা প্ৰদান কৰিব ।

নিযুত মইনা আঁচনিৰ ধন লাভ কৰিবলৈ কি কি যোগ্যতা থাকিব লাগিব ?

  • এইবাৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ অধ্যক্ষসকলে ছাত্ৰীসকলক বেংক ড্ৰাফট প্ৰদান কৰিছে । ইয়াৰ পাছত প্ৰতিমাহৰ ১১ তাৰিখে দিনৰ ১১ ৰ বজাত ছাত্ৰীসকলৰ বেংক একাউণ্টত এই আঁচনিৰ ধন সোমাব ।
  • যিসকল ছাত্ৰীয়ে প্ৰথম বৰ্ষৰ পাছত দ্বিতীয় বৰ্ষত নাম ভৰ্তি কৰিব তেওঁলোকে এই আঁচনিৰ ধন লাভ কৰি থাকিব । যিসকল ছাত্ৰী উত্তীৰ্ণ নহয়, তেওঁলোক এই আঁচনিৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হ’ব । নামভৰ্তি নকৰা সকলেও এই আঁচনিৰ সুবিধা লাভ কৰাৰ পৰা বাদ পৰিব ।
  • এই আঁচনিৰ ধন লাভ কৰিবলৈ শিক্ষা বৰ্ষত কোনো ধৰণৰ অভিযোগ থাকিব নালাগিব । শ্ৰেণীত নিয়মীয়া উপস্থিতি, নিয়মানুবৰ্তিতা বৰ্তাই ৰখা, পৰীক্ষা নিয়মীয়াকৈ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব ।
  • উল্লেখ্য যে, যোগ্য ছাত্ৰীসকলে এটা বছৰত ১০ মাহ এই আঁচনিৰ ধন লাভ কৰিব । উল্লেখিত চৰ্ত অনুসৰি,গৰম বন্ধৰ বাবে দুটা মাহ ছাত্ৰীসকলক এই আঁচনিৰ ধন প্ৰদান কৰা নহয় ।
  • ইফালে পঢ়ি থকা অৱস্থাত বিয়া হোৱা ছাত্ৰীসকলেও এই আঁচনিৰ সুবিধা লাভ নকৰিব । যিসকল ছাত্ৰীয়ে ডিগ্ৰী পঢ়ি থকা অৱস্থাত বিয়াত বহে তেওঁলোক এই আঁচনিৰ পৰা বঞ্চিত হ’ব ।
  • এতিয়ালৈকে ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়ি থকা ছাত্ৰীসকলক এই আঁচনিয়ে সামৰি লোৱা নাই ।
  • এই ধন লাভ কৰাৰ ক্ষেত্ৰত যদি কোনো অনিয়ম হয়, তেন্তে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ।
  • তদুপৰি  ৰাজ্যৰ মন্ত্ৰী, বিধায়ক বা সাংসদৰ কন্যাই এই আঁচনিৰ সুবিধা লাভ নকৰে ।
Related Stories
ক’ত আছিল স্মাৰ্ট অসম আৰক্ষী? গুৱাহাটীত গণপ্ৰহাৰত প্ৰাণ গ’ল এজনৰ, আন এজনৰ অৱস্থা সংকটজনক…
নিৰ্বাচন জিকিবলৈ বাঙালীৰ মাজত সৃষ্টি কৰিছে NRCৰ আতংক, মমতা বেনাৰ্জীক তীক্ষ্ণ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ
গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ আজিৰ দিনটো…
ৰাজ্যিক কেবিনেটত সিদ্ধান্তঃ নৱেম্বৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব অতিৰিক্ত ধন, কৰিব লাগিব এই কাম…
অসম চুক্তিৰ ৬নং দফা ৰূপায়ণেৰে খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাইঃ দাবী ৰিপুণ বৰাৰ
যুদ্ধ হ’ব মৰমৰ…বিজেপিৰ কোনো শত্ৰু নাই বিটিআৰত, মুখ্যমন্ত্ৰীৰ মতে দুৰ্গা পূজাৰ পূৰ্বেই সম্পন্ন হ’ব বিটিচি নিৰ্বাচন
আপোনাৰ শৰীৰত তেজ কমিছে নেকি? হিম’গ্লবিন বৃদ্ধি কৰিবলৈ কি খাব লাগে জানেনে?
মাইগ্ৰেইনৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? জানক সবিশেষ
এনেকৈ ব্যৱহাৰ কৰক তুলসী পাত! চুলি হৈ পৰিব ধুনীয়া, মজবুত আৰু দীঘল...
শাওনৰ পূৰ্ণিমাত কৰক এই সহজ কাম! হাতলৈ আহিব ধন, লাভ কৰিব শিৱৰ আশীৰ্বাদ..