শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যিক কেবিনেটত সিদ্ধান্তঃ নৱেম্বৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব অতিৰিক্ত ধন, কৰিব লাগিব এই কাম…

অহা নৱেম্বৰ মাহত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক দৰমহাৰ সৈতে ১০০০ টকাকৈ অতিৰিক্ত ধন প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত লৈছে। ৰাজ্যত মুঠ প্ৰায় ৪ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে ৪০ কোটি টকা এইক্ষেত্ৰত ব্যয় কৰিব ৰাজ্য চৰকাৰে।

ৰাজ্যিক কেবিনেটত সিদ্ধান্তঃ নৱেম্বৰত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব অতিৰিক্ত ধন, কৰিব লাগিব এই কাম…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাImage Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 07 Aug 2025 23:30 PM

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এক সুখবৰ আগবঢ়াইছে। তেওঁ সদৰী কৰা মতে অহা নৱেম্বৰ মাহত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক দৰমহাৰ সৈতে ১০০০ টকাকৈ অতিৰিক্ত ধন প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত লৈছে।

অৱশ্যে এই ধনৰাশি এক বিশেষ উদ্দেশ্যৰেহে প্ৰদান কৰা হ’ব। তেওঁ উল্লেখ কৰা মতে, কিতাপৰ বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰাজ্য চৰকাৰে আগবঢ়োৱা এই ১০০০ টকাৰে কৰ্মচাৰীসকলে কিতাপ ক্ৰয় কৰিব লাগিব আৰু কিতাপ ক্ৰয়ৰ ৰছিদ নিজা বিভাগৰ মুখ্য কাৰ্যালয়ত জমা দিব লাগিব।

ৰাজ্যত মুঠ প্ৰায় ৪ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে ৪০ কোটি টকা এইক্ষেত্ৰত ব্যয় কৰিব ৰাজ্য চৰকাৰে। কিতাপ ক্ৰয়ৰ ৰছিদ জমা নিদিলে পৰৱৰ্তী মাহত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা ১০০০ টকা ক্ৰয় কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিছে। ইয়াৰ লগতে কিতাপৰ বৰ্ষৰ উপলক্ষে আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।

ৰাজ্য চৰকাৰে কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্যৰ ১০০০ জন যুৱ লেখকক ভৱিষ্যতৰ বাবে উৎসাহ প্ৰদান কৰিবলৈ ২৫ হাজাৰকৈ এককালীন সাহায্য আগবঢ়াব। অসম প্ৰকাশন পৰিষদে এই লেখকসকলৰ তালিকা চূড়ান্ত কৰিব। ইফালে ৰাজ্যত এইবছৰ কেইবাখনো গ্ৰন্থমেলা যাতে অনুষ্ঠিত হয়, তাৰ বাবে ৰাজ্য চৰকাৰে সাহায্য আগবঢ়াব।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, জিলা সদৰসমূহত কোনো অনুষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে ৰাজ্য চৰকাৰে ৫ লাখ সাহায্য আগবঢ়াব। একেদৰে সম-জিলাত গ্ৰন্থমেলা আয়োজনৰ বাবে ২.৫০ লাখ টকা লাভ কৰিব। অহা ১৬ আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী অনুষ্ঠানত কিতাপৰ বৰ্ষ অন্ত নপৰালৈকে বিশিষ্ট অতিথিসকলক গামোচৰ লগতে এখন কিতাপেৰে সম্বৰ্ধনা জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কিতাপৰ বৰ্ষ উপলক্ষে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ নামত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এখন জীৱনীমূলক গ্ৰন্থ ১ জানুৱাৰীত পোৱাকৈ ৰাজ্যৰ ১২ লাখ পৰিয়ালক বিতৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চৰকাৰী শিক্ষক, পঞ্চায়তৰ প্ৰতিনিধি ইত্যাদি লোকসকল এই ১২ লাখ পৰিয়ালৰ ভিতৰত থাকিব। ইফালে কেবিনেটৰ পূৰ্বৰ সিদ্ধান্ত অনুসৰি অৰুণোদয়ৰ হিতাধিকাৰীকো একোখনকৈ কিতাপ দিয়া হ’ব।

অংগনবাড়ী সহায়িকাসকল অংগনবাড়ী কৰ্মীলৈ পদোন্নতিৰ বাবে ৰাজ্যিক কেবিনেটে বয়সৰ সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈহে। পূৰ্বে পদোন্নতিৰ বাবে উৰ্ধতম বয়সৰ সীমা ৪৫ বছৰ আছিল যদিও এতিয়া এই বয়সৰ সীমা ৫০ বছৰ বয়সলৈ বৃদ্ধি কৰা হৈছে। অসম ফৰেষ্ট প্ৰটেকচন ফ’ৰ্চ আৰু ফ্ৰণ্টলাইন ফ’ৰেষ্ট ষ্টাফক মাহে ২০০০ টকাকৈ ৰেচনৰ বাবে আগবঢ়াই অহা হৈছিল।

কিন্তু ৰাজ্যিক কেবিনেটে আজি অসম ফৰেষ্ট প্ৰটেকচন ফ’ৰ্চ আৰু ফ্ৰণ্টলাইন ফ’ৰেষ্ট ষ্টাফক অসম আৰক্ষীৰ সমানে ৰেচনৰ বাবে ২৫০০ টকাকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। মিছন বসুন্ধৰা ৩.০ৰ অধীনত নামঘৰ, বিদ্যালয়-মহাবিদ্যালয়, চৰকাৰী কাৰ্যালয়, এন জি অ’ক মাটি দিয়াৰ প্ৰক্ৰিয়াই প্ৰায় সম্পূৰ্ণতা লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

আজি কেবিনেটে ভূমি আবণ্টনৰ বাবে প্ৰায় ৩৬ হাজাৰ প্ৰস্তাৱত অনুমোদন জনায় বুলি তেওঁ জানিবলৈ দিয়ে। বিটিআৰত উন্নয়ন খণ্ডসমূহৰ পুনৰ গঠন কৰাৰ বাবে বিটিআৰ প্ৰশাসনে দিয়া প্ৰস্তাৱত অনুমোদন জনায় কেবিনেটে। পূৰ্বে বিটিআৰত ২২টা উন্নয়ওন খণ্ড আছিল যদিও এতিয়া এই সংখ্যা ২৩টালৈ বৃদ্ধি পাইছে। বাক্সা জিলাৰ গোৱৰ্ধনাত এটা নতুন বিডিঅ’ অফিচ মুকলি কৰা হ’ব।

ৰাজ্যত ঔদ্যোগীকৰণৰ বাবে আজি কেবিনেটে ১,৮৪৩ টকা বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনায়। এডভাণ্টেজ আছাম ৩.০ৰ স্বাক্ষৰিত চাৰিখন বুজাবুজিৰ চুক্তিয়ে আজি কেবিনেটৰ অনুমোদন লাভ কৰে। এইদৰে এতিয়া এই চুক্তিসমূহে পূৰ্ণাঙ্গ ৰূপ পাব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।

তেওঁ সদৰী কৰা মতে, ভেলী ষ্ট্ৰং চিমেণ্টে ৪৮০ কোটি টকা, ষ্টাৰ চিমেণ্ট নৰ্থইষ্ট লিমিটেডে গোলাঘাটত ৬৫০ কোটি টকা, গুৱাহাটীত ১৩০ কোটি টকা প্ৰকল্পৰ এখন নতুন হোটেল আৰু পেপচি কোম্পানীয়ে অসমত নিজা চফ্ট ড্ৰিংকছ নিৰ্মাণ প্ৰকল্পৰ বাবে ৫৮৩ কোটি টকা ব্যয় কৰিব। ৰাজ্যৰ মাজুলী, আমিনগাঁও, ডিফু, কলিয়াবৰ, বঙাইগাঁও আৰু শিলচৰত নিৰ্মাণ হৈ থকা ৬টা চাইন চেণ্টাৰৰ বাবে অতিৰিক্ত ১৭৮ টকাৰ অনুমোদন জনাইছে কেবিনেটে।