5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমত মাওবাদীৰ মতাদৰ্শ প্ৰচাৰৰ অভিযোগত তিনিজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল NIA ৰ

অসমৰ বৰাক উপত্যকাত চিপিআই(মাওবাদী) মতাদৰ্শক প্ৰচাৰ কৰাৰ অভিযোগত অভিযুক্ত তিনিজনৰ বিৰুদ্ধে NIA য়ে অভিযোগনামা দাখিল কৰিছে । NIA ৰ তদন্ত অনুসৰি, ভাৰত বিৰোধী বৃহৎ ষড়যন্ত্ৰৰ অংশ হিচাপে জনসাধাৰণক হিংসাত্মক বিপ্লৱৰ বাবে সংগঠিত কৰাৰ বাবে তিনিওজনে প্ৰচেষ্টা চলাইছিল ।

অসমত মাওবাদীৰ মতাদৰ্শ প্ৰচাৰৰ অভিযোগত তিনিজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল NIA ৰ
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 01 Oct 2024 13:09 PM

অসমত নিষিদ্ধি চিপিআই(মাওবাদী)ৰ মতাদৰ্শৰ প্ৰচাৰৰ অভিযোগত অভিযুক্ত বৰাকৰ তিনিজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA য়ে । NIA ৰ এক বিবৃতিত জানিবলৈ দিয়া অনুসৰি, নিষিদ্ধ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সব্যসাচী গোস্বামী ওৰফে কিশোৰ ওৰফে বিকাশ দা ওৰফে অজয় ​​ওৰফে পংকজ, আমিৰুদ্দিন আহমেদ ওৰফে আমিৰুদ্দিন লস্কৰ ওৰফে সুনীল আৰু পলাতক অৱস্থাত থকা অভিযুক্ত নিৰ্মলা বিশ্বাস ওৰফে নিৰ্মলা দেৱী ওৰফে ছিমা বিশ্বাসৰ বিৰুদ্ধে ওৰফে কনিয়াকাৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে ।

চি পি আই (মাওবাদী)ৰ আন সদস্য আৰু কেডাৰৰ সৈতে এই তিনিওজনে সক্ৰিয়ভাৱে অসমৰ বৰাক উপত্যকাত নিষিদ্ধ সংগঠনটোৰ মতাদৰ্শ প্ৰচাৰ কৰিছিল বুলি  NIA য়ে বিবৃতিত উল্লেখ কৰিছে  । NIA ৰ তদন্ত অনুসৰি, ভাৰত বিৰোধী বৃহৎ ষড়যন্ত্ৰৰ অংশ হিচাপে জনসাধাৰণক হিংসাত্মক বিপ্লৱৰ বাবে সংগঠিত কৰাৰ বাবে তিনিওজনে প্ৰচেষ্টা চলাইছিল ।

NIA ৰ বিবৃতিটোত কোৱা হৈছে যে, এই অভিযুক্তসকলে দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি অসমৰ বৰাক উপত্যকাত শিবিৰ পাতি অঞ্চলটোত মাওবাদী শক্তিশালী নেটৱৰ্ক গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা চলাইছিল । ইয়াৰ লগতে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক বিঘ্নিত কৰাৰ লক্ষ্যৰে চিপিআই (মাওবাদী)ৰ কুৎসিত এজেণ্ডা ৰূপায়ণ কৰিবলৈ সমাজৰ দুৰ্বল শ্ৰেণীক লক্ষ্য় কৰি লৈছিল অভিযুক্তসকলে । লগতে লোকসকলক প্ৰেৰণা যোগাবলৈ অভিযুক্তসকলে আৰ্থ-সামাজিক বৈষম্যৰ শোষণত নিয়োজিত হৈছিল বুলি NIA ৰ বিবৃতিটোত উল্লেখ কৰা হৈছে ।

NIA ৰ তদন্তত আৰু পোহৰলৈ আহিছে যে, এই উদ্দেশ্যে অভিযুক্ত আহমেদে পলাতক হৈ থকা পত্নী বিশ্বাসৰ সৈতে ষড়যন্ত্ৰমূলভাৱে জংঘল আৰু চাহ বাগিচা অঞ্চলৰ গোপন স্থানত বৈঠকৰ আয়োজন কৰিছিল । ইফালে গোস্বামীক Assam State Leading Team (ASLT) গঠন কৰিবলৈ Eastern Regional Bureau (ERB)য়ে প্ৰতিনিধি হিচাপে নিযুক্তি দিছিল । লগতে অঞ্চলটোত মাওবাদী আন্দোলন আৰু নেটৱৰ্ক কৌশল আৰু শক্তিশালী কৰাৰ বাবে ASLT য়ে বৈঠকৰ আয়োজন কৰিছিল বুলিও বিবৃতিত উল্লেখ কৰা হৈছে ।

জানিব পৰা মতে প্ৰথমে, এই গোচৰ ৰুজু কৰিছিল অসম আৰক্ষীয়ে । অসমৰ কাছাৰ জিলাৰ চিপিআই (মাওবাদী)ৰ দুজন জ্যেষ্ঠ নেতা ক্ৰমে অৰুণ কুমাৰ ভট্টাচাৰ্জী ওৰফে কাঞ্চন দা ওৰফে জ্যোতিষ দা ওৰফে কবীৰ ওৰফে ৰঞ্জিত বসু ওৰফে কনক আৰু কাজল উৰাং ওৰফে আকাশ উৰাং ওৰফে বাবলু ওৰফে বাবুল ওৰফে ৰাজেশ ওৰফে সুদীপ ওৰফে ৰাহুল ওৰফে জিৰণক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই গোচৰটো প্ৰথমে অসম আৰক্ষীয়ে ৰুজু কৰিছিল । ২০২২ চনৰ মাৰ্চ মাহত এই গোচৰৰ দায়িত্ব লোৱা এন আই এয়ে ইয়াৰ পূৰ্বে মুঠ ৭ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল।

INPUT-PTI

Latest News