শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

GMCHত নৱজাতকৰ মৃত্যু: ছিষ্টাৰ ইনচাৰ্জৰ দায়িত্বত থকা ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ

ঘটনা সন্দৰ্ভত নিলম্বিত নাৰ্ছ ভানুপ্ৰিয়া মিচঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীঘলীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় ভানুপ্ৰিয়াক। ঘটনাৰ নিশা ছিষ্টাৰ ইনচাৰ্জৰ দায়িত্বত আছিল ভানুপ্ৰিয়া। আজি আদালতত হাজিৰ কৰোৱা হ'ব ভানুপ্ৰিয়াক।

GMCHত নৱজাতকৰ মৃত্যু: ছিষ্টাৰ ইনচাৰ্জৰ দায়িত্বত থকা ভানুপ্ৰিয়া মিছঙক গ্ৰেপ্তাৰ
GMCHত নৱজাতকৰ মৃত্যু
trishna-kalita
Trishna Kalita | Updated On: 20 Aug 2025 13:16 PM

GMCHত চিকিৎসালয়ত থকা সদ্যজাত কেঁচুৱাৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।  সোমবাৰে পুৱা বিচনাৰ পৰা পৰি মৃত্যুক হয় NICU ত ভৰ্তি হৈ থকা এটি নৱজাতকৰ। জানিব পৰা মতে চিকিৎসা মহাবিদ্যালয়খলৰ প্ৰসূতি বিভাগৰ ৩নং মহলাত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা।

ঘটনাৰ পিছতে উৎকোচ লোৱাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসালখনৰ ১১জন অস্থায়ী ট্ৰলী পুলাৰক। ঘটনা সন্দৰ্ভত নিলম্বিত নাৰ্ছ ভানুপ্ৰিয়া মিচঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। দীঘলীয়া জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় ভানুপ্ৰিয়াক। ঘটনাৰ নিশা ছিষ্টাৰ ইনচাৰ্জৰ দায়িত্বত আছিল ভানুপ্ৰিয়া। 140/25 নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে নাৰ্ছ পৰিদৰ্শক ভানুপ্ৰিয়াক। BNSৰ 305 ধাৰা সন্নিবিষ্ট কৰি আজি আদালতত হাজিৰ কৰাব আৰক্ষীয়ে।

ইফালে  ভানুপ্ৰিয়া মিছঙৰ বাবে একাংশ সতীৰ্থ নাৰ্চ নিশাত ভঙাগৰ থানাত আৰু প্ৰতিবাদ সাব্যস্ত কৰে। ভানুপ্ৰিয়া মিছঙৰ সমৰ্থনত ওলাই অহা সতীৰ্থ নাৰ্ছৰ বিস্ফোৰণ অভিযোগ। তেওঁ কয় “সেইদিনা ভানুপ্রীয়াসহ মুঠ ৫ গৰাকী নাৰ্ছ দায়িত্বত আছিল। পূজা আৰু ৰৃশিকেশ নামৰ দুজন চিকিৎসকো আছিল দায়িত্বত । নিশাৰ দায়িত্বত আছিল দুগৰাকী ৱাৰ্ড গাৰ্ল আৰু দুগৰাকী ক্লিনাৰো।’ কিন্তু সকলোকে বাদ দি কেৱল ভানুপ্ৰিয়াক আটক কৰা কিয় হ’ল বুলি প্ৰশ্ন কৰে প্ৰতিবাদী সতীৰ্থ নাৰ্ছে।

জানিব পৰা মতে, সেই নিশা ভানুপ্রিয়া থকা ৰুমত ২৬ টা নহয় ৩৫ টা নৱজাতক আছিল। সেই সময়ত ভানুপ্ৰিয়াই গাখীৰ প্ৰস্তুত কৰিব গৈছিল বুলি উল্লেখ কৰিলে সতীৰ্থ নাৰ্চ। তেওঁ কয়,  “এটা ৰুমত ৩ গৰাকী নাৰ্ছ থাকিব লাগে যদিও অভাৱৰ বাবেই এগৰাকী কৈ নাৰ্ছ আছিল। যদি শাস্তি দিয়ে তেন্তে সকলোকে দিয়ক।’ ইয়াৰ উপৰিও নৱজাতক ৰখা ৱাৰ্মাৰ ভঙা আছিল বুলিও অভিযোগ কৰিলে সতীৰ্থ নাৰ্চে।

উল্লেখ্য যে, ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে সবিশেষ তথ্য লাভৰ বাবে চিকিৎসালয়ত উপস্থিত হৈ সদ্যজাত কেঁচুৱাৰ বিশেষ যতন কক্ষ পৰিদৰ্শন কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু চিকিৎসকসকলৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰে।  চিকিৎসা মহাবিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণৰ যন্ত্রপাতি তথা সা-সঁজুলি থকা স্বত্বেও এনে ধৰণৰ ঘটনা সংঘটিত হোৱাতো দুর্ভাগ্যজনক বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে সমস্ত ঘটনা সন্দর্ভত অনুসন্ধান কৰিবৰ বাবে এখন তিনিজনীয়া তদন্ত সমিতি গঠন কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

এই ঘটনাই চিকিৎসা মহাবিদ্যালয়খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ হেমাহিৰ বাবে এনে কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে  শিশুটিৰ পৰিয়ালৰ লোকে। এই কাণ্ডৰ উচিত তদন্তৰ দাবী কৰিছে পৰিয়ালৰ লোকে, লগতে দোষীৰ শাস্তিৰ দাবী জনায়।