শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তলৈ দেশৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ পঞ্চায়ত বঁটা ২০২৪

নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ (Nanaji Deshmukh Sarvottam Panchayat Satat Vikas Puraskar) ৰ অধীনত নগাঁৱৰ  বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে  এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই বঁটা ১১ ডিচেম্বৰত এই বঁটা প্ৰদান কৰা হ'ব।

বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তলৈ দেশৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ পঞ্চায়ত বঁটা ২০২৪
বেবেজীয়া
barasha-sarma
Barasha Sarma | Published: 08 Dec 2024 17:18 PM

ঘোষণা হ’ ল ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা ২০২৪ (National panchyat award2024) । দেশৰ ৪৫ খন পঞ্চায়তক অহা ১১ ডিচেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে ৰাষ্ট্ৰীয় পঞ্চায়ত পুৰস্কাৰ প্ৰদান কৰিব। ইয়াৰে ১৭ খন পঞ্চায়তৰ নেতৃত্ব মহিলাৰ হাতত আছে। এইবাৰ এই বঁটাৰ বিশেষত্ব এয়াই যে অসমৰ এখন পঞ্চায়তে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। নগাঁও জিলাৰ বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে দেশৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ স্থান দখল কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। নগাঁৱৰ খাগৰিজান উন্নয়ন খণ্ডৰ অধীনত বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰি সন্মান কঢ়িয়াই অনাক লৈ উৎফুল্লিত হৈ পৰিছে নগাঁৱবাসী।

পঞ্চায়ত ৰাজ মন্ত্ৰণালয়ে উল্লেখ কৰিছে যে, এই পুৰস্কাৰ দৰিদ্ৰতা নিৰ্মূল, স্বাস্থ্য, শিশু কল্যান, পানীৰ পৰ্যাপ্ততা, স্বচ্ছতা, আন্তঃগাঁথনি উন্নয়ন,সামাজিক ন্যায়, মহিলা সবলীকৰণ, জলবায়ু স্থিৰতা আদিৰ দৰে বিভিন্ন মুখ্য বিষয়ক গুৰুত্ব প্ৰদান কৰে। মন্ত্ৰালয়ে কয় যে, এই বছৰত এই প্ৰতিযোগিতাত ১.৯৪ লাখ গাঁও পঞ্চায়তে অংশ গ্ৰহণ কৰিছিল আৰু বিভিন্ন ক্ষেত্ৰত ৪৫ গাঁও পঞ্চায়তক বিজেতা ঘোষণা কৰা হৈছে। এই শ্ৰেণী সমূহৰ ভিতৰত আছিল দীন দয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ, নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ, গ্ৰাম উৰ্জা স্বৰাজ বিশেষ পঞ্চায়ত পুৰস্কাৰ, কাৰ্বন নিউট্ৰল বিশেষ পঞ্চায়ত পুৰস্কাৰ আৰু পঞ্চায়ত ক্ষমতা নিপ্মাণ সৰ্বোত্তম সংস্থান পুৰস্কাৰ আদি।

নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ (Nanaji Deshmukh Sarvottam Panchayat Satat Vikas Puraskar) ৰ অধীনত নগাঁৱৰ  বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তে  এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই বঁটা ১১ ডিচেম্বৰত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ’ব।  কেন্দ্ৰীয় পঞ্চায়তীৰাজ মন্ত্ৰীৰ উপস্থিতিত এই বঁটা পঞ্চায়তসমূহক ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব।

নগাঁৱৰ এই খবৰ ৰাজ্যবাসীৰ বাবেও আনন্দৰ বিষয়। বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ পঞ্চায়ত সমন্বয়ক জৰ্ণা মংগুলুনীয়, খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৃষ্ণকান্ত শইকীয়া, স্বীকৃতিপ্ৰাপ্ত অভিযন্তা পিংকু দাধৰা, বেবেজীয়া বাংঠাই গাঁও পঞ্চায়ত জি আৰ এছ হাবিবুৰ ৰহমান ছিদ্দিক, বেবেজীয়া ডিমৌ বাংঠাই গাঁও পঞ্চায়তৰ সচিহ মোহন হাজৰিকাকেধৰি বিভিন্নজনৰ প্ৰচেষ্টা, গাঁৱবাসীৰ সহযোগত পঞ্চায়তখনে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসা বুটলিবলৈ সক্ষম হয়। উল্লেখ্য যে, খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ভকতগাঁও পঞ্চায়তে দীন দয়াল উপাধ্য়ায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ ২০২৩ ৰ অধীনত সমগ্ৰ দেশতে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।