কাজিৰঙাৰৰ সমীপত হোটেল নিৰ্মাণ প্ৰকল্প সন্দৰ্ভত অভিযোগ খাৰিজ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ
অভিযোগ কৰা হৈছিল যে পঞ্চ তাৰকাযুক্ত ৰিজ’ৰ্টকে ধৰি প্ৰস্তাৱিত পৰ্যটন আন্তঃগাঁথনি প্ৰকল্পই বন্যপ্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে, স্থানচ্যুতিৰ সৃষ্টি কৰিব পাৰে আৰু পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, বিশেষকৈ হাতীৰ বাসস্থান ইংলে পথাৰ অঞ্চলত ইয়াৰ প্ৰভাৱ পৰিব পাৰে ।
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত তথা ইয়াৰ আশে-পাশে বিলাসী হোটেল নিৰ্মাণৰ প্ৰস্তাৱক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ছুঅ’ মট’ গোচৰ খাৰিজ কৰিছে । প্ৰথমে মূল আবেদন নং ১০৪৯/২০২৪/পিবি হিচাপে পঞ্জীয়ন কৰা এই গোচৰটো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নতুন দিল্লীৰ বিচাৰপীঠে এক বাতৰিৰ ভিত্তিত আৰম্ভ কৰিছিল । পিছত গোচৰটো কলকাতাৰ ইষ্টাৰ্ণ জ’ন বিচৰপীঠলৈ হস্তান্তৰ কৰি মূল আবেদন নং ১৭৫/২০২৪/ইজেড হিচাপে পুনৰ দাখিল কৰা হয় ।
বাতৰিটোত অভিযোগ কৰা হৈছিল যে পঞ্চ তাৰকাযুক্ত ৰিজ’ৰ্টকে ধৰি প্ৰস্তাৱিত পৰ্যটন আন্তঃগাঁথনি প্ৰকল্পই বন্যপ্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে, স্থানচ্যুতিৰ সৃষ্টি কৰিব পাৰে আৰু পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, বিশেষকৈ হাতীৰ বাসস্থান ইংলে পথাৰ অঞ্চলত ইয়াৰ প্ৰভাৱ পৰিব পাৰে ।
প্ৰতিবেদনত প্ৰকল্পসমূহ জীৱ-জন্তু ক’ৰিডৰৰ ওচৰত থকাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে ঘোষিত ইক’-চেন্সিটিভ জ’ন (ইএছজেড)ৰ অভাৱৰ বিষয়েও উদ্বেগ প্ৰকাশ কৰা হৈছে ।
২০২৫ চনৰ ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা শুনানিৰ সময়ত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিত শইকীয়া আৰু অধিবক্তা মলিকা ৰায় দে’ই আৰু পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ হৈ অধিবক্তা অমৃতা পাণ্ডেই তেওঁলোকৰ যুক্তি দাঙি ধৰে ।
অসম চৰকাৰে শপতনামা দাখিল কৰি কয় যে প্ৰস্তাৱিত হোটেলৰ স্থানসমূহ উদ্যানখনৰ এক কিলোমিটাৰ বাফাৰ জ’নৰ বাহিৰত আৰু কোনো অধিসূচিত বন্যপ্ৰাণী ক’ৰিডৰৰ ভিতৰত নাই । বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি চৰকাৰৰ “দায়বদ্ধতা”ৰ কথাও উল্লেখ কৰি বন্যপ্ৰাণী অভয়াৰণ্যত শেহতীয়াকৈ সংযোজন কৰা আৰু বন্যপ্ৰাণীৰ চলাচলৰ সুবিধাৰ বাবে ওখ স্থানৰ লগতে বন্যপ্ৰাণী ক’ৰিডৰ সৃষ্টিৰ কথা উল্লেখ কৰে ।
চৰকাৰে আৰু কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ আশে-পাশে থকা সংৰক্ষিত অঞ্চলকে ধৰি বৃহৎ অঞ্চল সামৰি সংহত ই এছ জেডৰ প্ৰস্তাৱ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ক দাখিল কৰা হৈছে আৰু বিবেচনাধীন হৈ আছে । অসম চৰকাৰে এই কথাও স্পষ্ট কৰি দিয়ে যে হোটেল নিৰ্মাণ সংস্থাৰ সৈতে চুক্তি স্বাক্ষৰিত হ’লেও এতিয়ালৈকে কোনো বিশদ প্রকল্পৰ প্রতিবেদন দাখিল কৰা হোৱা নাই ৷
তেওঁলোকে সেউজ ন্যায়াধীকৰণক আশ্বাস দিয়ে যে কোনো অনুমোদন প্ৰদান কৰাৰ পূৰ্বে লাভ কৰা যিকোনো প্ৰস্তাৱক সকলো প্ৰাসংগিক নিয়ম, বিধি, নীতি-নিয়ম, আৰু আদালতৰ আদেশৰ প্ৰতি লক্ষ্য ৰাখি ভালদৰে পৰীক্ষা কৰা হ’ব ।
ইফালে, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে পুনৰ কয় যে অভিযোগ উত্থাপিত ভূমি ৰাজ্য চৰকাৰৰ অধীনস্থ আৰু ই এছ জেডৰ প্ৰস্তাৱ পৰীক্ষাৰ অধীনত আছে ।
যুক্তি শুনি আৰু নথি-পত্ৰ পৰ্যালোচনা কৰাৰ পাছত ন্যায়িক সদস্য ন্যায়াধীশ বি অমিত স্থলেকাৰ আৰু বিশেষজ্ঞ সদস্য ডঃ অৰুণ কুমাৰ বাৰ্মাক লৈ গঠিত সেউজ ন্যায়াধীকৰণৰ পূব মণ্ডলৰ বিচাৰপীঠে এই সিদ্ধান্তত উপনীত হয় যে এই পৰ্যায়ত বাতৰিৰ প্ৰবন্ধটোত উত্থাপিত আশংকা অমূলক ।
প্ৰকল্পৰ তদন্ত আৰু চলি থকা ই এছ জেড প্ৰস্তাৱ সন্দৰ্ভত অসম চৰকাৰে দিয়া আশ্বাসৰ কথা ন্যায়াধিকৰণে লক্ষ্য কৰে । ফলস্বৰূপে সেউজ ন্যায়াধীকৰণে ইয়াত হস্তক্ষেপ কৰাৰ কোনো ভিত্তি বিচাৰি নোপোৱাত মূল আবেদনখন খাৰিজ কৰে । যোৱা বছৰৰ ৩ আগষ্টত অসম চৰকাৰে টাটা গ্ৰুপৰ সহযোগী কোম্পানীৰ সৈতে কাজিৰঙাত ১২০ কোটি টকা ব্যয় সাপেক্ষে তাজ ৰিজ’ৰ্ট এণ্ড স্পা নিৰ্মাণৰ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছিল ।