শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ বাবে প্ৰয়োজন হ’ব প্ৰশাসনৰ পূৰ্ব-অনুমতি ! চামগুৰি উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱত জাৰি কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা…

নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ নগাঁৱৰ জিলা আয়ুক্ত তথা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে কিছু নিষেধাজ্ঞা জাৰি কৰিছে । ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত ৰাইজৰ মাজত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰিছে জিলা দণ্ডাধীশ গৰাকীয়ে ।

নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীৰ বাবে প্ৰয়োজন হ’ব প্ৰশাসনৰ পূৰ্ব-অনুমতি ! চামগুৰি উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱত জাৰি কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা…
যিকোনো সমাৱেশৰ বাবে প্ৰশাসনৰ পূৰ্ব-অনুমতি প্ৰয়োজন হ'ব
manas-borah
Manas Borah | Published: 20 Oct 2024 09:40 AM

উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ জিলা কেইখনত ১৫ অক্টোবৰৰ পৰা নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ আছে । নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ নগাঁৱৰ জিলা আয়ুক্ত তথা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে কিছু নিষেধাজ্ঞা জাৰি কৰিছে । ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত ৰাইজৰ মাজত শান্তি আৰু নিৰাপত্তা বজাই ৰাখিবৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰিছে জিলা দণ্ডাধীশ গৰাকীয়ে ।

কি কি ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে-

  • নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে গ্ৰহণ কৰা কাৰ্যসূচীৰ বাবে ৰাজনৈকি দল বা প্ৰাৰ্থীয়ে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগৰ বিষয়াৰ পূৰ্ব-অনুমতি ল’ব লাগিব । পূৰ্ব-অনুমতি অবিহনে নিৰ্বাচনী প্ৰচাৰৰ শোভাযাত্ৰা, ৰাজহুৱা অনুষ্ঠান আনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে নগাঁও জিলা প্ৰশাসনে ।
  • সকলো দলেই নিশা ১০ বজাৰ ভিতৰত নিৰ্বাচনী প্ৰচাৰ সামৰিব লাগিব । পূৰ্ব-অনুমতি অবিহনে ৫ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব । ইয়াৰ লগতে কোনো ধৰণৰ সমাৱেশ আয়োজন কৰাৰ বাবে প্ৰশাসনৰ পৰা পূৰ্ব-অনুমতি গ্ৰহণ কৰিব লাগিব ।
  • নিৰ্বাচনী প্ৰচাৰৰ সময়ত সাম্প্ৰদায়িক, উচটনিমূলক ভাষণ বা শ্ল’গান দিয়া ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে । একেদৰে বিভিন্ন বৰ্ণ, ভাষিক বা ধৰ্মীয় গোট আঘাত কৰিব পৰা বেনাৰ, পোষ্টাৰ বা দেৱাল-লিখনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
  • ইফালে, কোনো ব্যক্তি, দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা নগদ বা বস্তুগতভাৱে যিকোনো উদ্দেশ্যৰ বাবে অনুদান সংগ্ৰহ কৰিব নোৱাৰিব । লগতে বিস্ফোৰক সামগ্ৰী বা অন্যান্য বিপদজনক সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰটো কঠোৰভাৱে নিষিদ্ধ আৰোপ কৰা হৈছে ।
  • নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে অনুজ্ঞাপত্ৰপ্ৰাপ্ত পিষ্টল বা আন কোনো অস্ত্ৰ আৰক্ষী থানাত জমা দিবলৈ নিৰ্দেশনা জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে ।

প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰা বিবৃতিত এই কথাও স্পষ্ট কৰি দিছে যে, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,আইন প্ৰয়োগকাৰী কৰ্মী,চৰকাৰী বিষয়া বা চৰকাৰী কৰ্তব্যত নিয়োজিত কৰ্মচাৰীৰ সমাৱেশৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহয় । লগতে পূজাস্থলীত ধৰ্মীয় সমাৱেশ ক্ষেত্ৰটো এই নিষেধাজ্ঞা প্ৰযোজ্য নহয় । পৰৱৰ্তী জাননী নিদিয়ালৈকে এই নিষেধাজ্ঞা প্ৰযোজ্য হৈ থাকিব ।