শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বোৱাৰীৰ সৈতে অবৈধ প্ৰেম! দুধনৈত ৬০ৰ ঊৰ্ধ্বৰ বৃদ্ধাক হানি-খুচি হত্যা যুৱকৰ

মঙলবাৰে নিশা দুধনৈৰ উদয়পুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷ ছুৰীৰে আক্ৰমণ কৰি ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ ৬০ৰ ঊৰ্ধ্বৰ মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে৷ ঘটনা অনুসৰি মঙলবাৰে নিশা নিপ্পজ্যোতি ৰাভা নামৰ যুৱকজনে মৃত মহিলাগৰাকীৰ ঘৰৰ লগতে থকা দোকানলৈ বস্তু কিনিবলৈ আহিছিল। সেই সময়তে মহিলা গৰাকীক চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰে নিপ্পজ্যোতিয়ে।

বোৱাৰীৰ সৈতে অবৈধ প্ৰেম! দুধনৈত ৬০ৰ ঊৰ্ধ্বৰ বৃদ্ধাক হানি-খুচি হত্যা যুৱকৰ
৬০ৰ ঊৰ্ধ্বৰ বৃদ্ধাক হানি-খুচি হত্যা যুৱকৰImage Credit source: Facebook
trishna-kalita
Trishna Kalita | Updated On: 14 May 2025 11:47 AM

ৰাজ্যত সংঘটিত হৈছে ইটোৰ পাছত আনটো নৃশংস হত্যাকাণ্ড। মহানগৰীৰ পিছত এইবাৰ দুধনৈত পৰকীয়া প্ৰেমৰ বাবে এগৰাকী মহিলাক হত্যা। ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ মহিলাগৰাকীক হানি-খুচি হত্যা এজন যুৱকৰ । লগতে দুই নাতিকো ডিঙি চেপি হত্যাৰ চেষ্টা চলাই ঘাতকে। মহিলাগৰাকীৰ বোৱাৰী গৰাকীৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকা যুৱকজনে এই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

নিপ্পজ্যোতি ৰাভা নামৰ যুৱকজনে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ। মঙলবাৰে নিশা দুধনৈৰ উদয়পুৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷ ছুৰীৰে আক্ৰমণ কৰি ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ ৬০ৰ ঊৰ্ধ্বৰ মহিলাগৰাকীক হত্যা কৰাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে৷ ঘটনা অনুসৰি মঙলবাৰে নিশা নিপ্পজ্যোতি ৰাভা নামৰ যুৱকজনে মৃত মহিলাগৰাকীৰ ঘৰৰ লগতে থকা দোকানলৈ বস্তু কিনিবলৈ আহিছিল। সেই সময়তে মহিলা গৰাকীক চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰে নিপ্পজ্যোতিয়ে।

কেৱল এয়াই নহয় মহিলাগৰাকীৰ ক্ৰমে কণমানি নাতিনী দুগৰাকীকো ডিঙি চেপি হত্যাৰ চেষ্টা চলাইছিল ঘাতক নিপ্পজ্যোতিয়ে। চিঞৰ-বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ। স্থানীয় লোকসকলক দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ঘাতক নিপ্পজ্যোতিয়ে। তাৰ পাছতে ঘটনাসন্দৰ্ভত অৱগত কৰা হয় আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

স্থানীয় লোকে জনোৱা অনুসৰি মৃত মহিলাগৰাকীৰ বোৱাৰীগৰাকীৰ সৈতে হত্যাকাৰী নিপ্পজ্যোতিৰে আছিল পৰকীয়া প্ৰেমৰ সম্পৰ্ক৷ স্থানীয় লোকৰ এই অভিযোগৰ পাছতে ঘটনা সন্দৰ্ভত মৃত মহিলাগৰাকীৰ বোৱাৰীগৰাকীক আটক কৰিছে আৰক্ষীয়ে। ইফালে ঘাতক নিপ্পজ্যোতি ওৰফে নিৰজ ৰাভাক বিচাৰি অব্যাহত আছে আৰক্ষীয়ে অভিযান৷ নিপ্পজ্যোতিক বিচাৰি পোৱাৰ পাছতহে ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব।

উল্লেখ্য যে বিগত কেইদিনমানৰ ভিতৰতে পৰকীয়া প্ৰেমক বাবে প্ৰাণ হেৰুৱাবলগীয়া হৈছে দুজন। য’ত মাতৃ আৰু অবৈধ প্ৰেমিকে মিলি এটি ১০ বছৰীয়া পুত্ৰ সন্তানক হত্যা কৰে । এই হত্যাকাণ্ডটো ইমানে লোমহৰ্ষক আছিল যে, ১০ বছৰীয়া শিশুটিক হত্যা কৰি সেই মৃতদেহ ছুটকেছত ভৰাই পেলাই দিয়া হৈছিল এটা জোপোহাত । দেওবাৰে এই কথা সদৰী কৰিছে আৰক্ষীয়ে ।

ইয়াৰ উপৰিও  সোমবাৰে গুৱাহাটীক সংঘটিত হয় আন এক ভয়ংকৰ ঘটনা। ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মৃগাংক বৰ্মন (২৬) নামৰ যুৱকজনে মৃত্যুক সাৱতি লয়। জানিব পৰা মতে, দিন দুপৰতে গড়চুত চাৰিআলিৰ Silver Arcade বিল্ডিঙৰ পাৰ্কিঙত মৃগাংক ছূৰীৰে আক্ৰমণ কৰিছিল এজন লোকে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজু আলী নামৰ যুৱকজনে কয় যে, প্ৰায় ২ বছৰ ধৰি এগৰাকী যুৱতীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু সেই যুৱতীগৰাকীয়ে কালি মৃগাংক বৰ্মনৰ লগত হোটেলৰ কোঠালৈ আহিছিল। যাৰ বাবে তেওঁ মৃগাংকক ছুৰীৰে আক্ৰমণ কৰে।