ত্ৰিকোন প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰাণ গ’ল মৃগাংকৰ, গ্ৰেপ্তাৰ ৰাজু আলী…
এক চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। ত্ৰিকোট প্ৰেমৰ ভয়াবহ পৰিণতি। অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় এজন যুৱকে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজনক।

বিগত দুটা দিনত ২টাকৈ চাঞ্চল্যকৰ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰ। মাতৃ আৰু অবৈধ প্ৰেমিকে মিলি ১০ বছৰীয়া এটি শিশুক হত্যা কৰাৰ ঘটনা পোহৰলৈ অহাৰ এদিন পাছতে সোমবাৰে গুৱাহাটীক সংঘটিত হয় আন এক ভয়ংকৰ ঘটনা। ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মৃগাংক বৰ্মন (২৬) নামৰ যুৱকজনে মৃত্যুক সাৱতি লয়। জানিব পৰা মতে, দিন দুপৰতে গড়চুত চাৰিআলিৰ Silver Arcade বিল্ডিঙৰ পাৰ্কিঙত মৃগাংক ছূৰীৰে আক্ৰমণ কৰিছিল এজন লোকে।
লগে লগে মৃগাংক বৰ্মনক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মৃগাংক বৰ্মনৰ। ঘটনাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰহাৰ কৰা ছুৰীখন উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। ইয়াৰোপৰি এই ঘটনাৰে জড়িত থকাৰ সন্দেহত গড়চুক আৰক্ষীয়ে ৰাজু আলী নামৰ এজনক কামৰূপৰ দামপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি, মহানগৰীৰ গড়চুকৰ Silver Arcade অট্টালিকাত সংঘটিত হৈছে এই ঘটনা। অট্টালিকাটোত থকা Hi City Inn নামৰ হোটেলখনত দুপৰীয়া প্ৰায় ১ বজাত ২০৯ নম্বৰ কোঠা বুক কৰিছিল মৃগাংক বৰ্মনে। সেই কোঠাটোতে শুৱালকুছিৰ এগৰাকী যুৱতী (৩৬)ৰ সৈতে ৩ ঘন্টা সময় পাৰ কৰিছিল মৃগাংকই। পৰৱৰ্তী সময়ত দুয়ো হোটেল এৰি দিছিল যদিও পাৰ্কিঙত যুৱতীগৰাকীৰ সৈতে মৃগাংকৰ কাজিয়া লাগিছিল। তাৰ পাছতে ৰাজু আলী নামৰ লোকজনে এই হত্যাকাণ্ড সংঘটিত কৰি তাৰ পৰা পলায়ন কৰিছিল ।
স্থানীয় লোকে জনোৱা মতে, যুৱকজনে তেজেৰ লুতুৰী-পুতুৰী অৱস্থাত ৰাজপথলৈ ওলাই আহিছিল আৰু পাছে পাছে বাইক লৈ এজন যুৱক ওলাই গৈছিল। ইয়াৰ লগে লগে স্থানীয় লোকে খবৰ দিছিল আৰক্ষীক।
ত্ৰিকোন প্ৰেম
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজু আলী নামৰ যুৱকজনে কয় যে, প্ৰায় ২ বছৰ ধৰি এগৰাকী যুৱতীৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু সেই যুৱতীগৰাকীয়ে কালি মৃগাংক বৰ্মনৰ লগত হোটেলৰ কোঠালৈ আহিছিল। যাৰ বাবে তেওঁ মৃগাংকক ছুৰীৰে আক্ৰমণ কৰে। ৰাজু আলীৰ ভাষ্য অনুসৰি ক’ব পাৰি যে সম্ভৱতঃ ত্ৰিকোন কোনৰ ভয়াবহ পৰিণতি স্বৰূপে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়।
উল্লেখ্য যে, মৃগাংক বৰ্মনৰ ঘৰ নলবাৰীত। পেচাত অভিনেতা যুৱকজনে অসমীয়া কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে। এই ঘটনাই সমগ্ৰ মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…