শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Mother’s Day 2024: মাতৃ দিৱসৰ তাৰিখ, ইতিহাস, তাৎপৰ্য আৰু গুৰুত্ব, জানোঁ আহক

Mother's Day 2024: প্ৰত্যেক বছৰৰ এটা বিশেষ দিনত উদযাপন কৰা হয় মাতৃ দিৱস । এই দিনটোতে মাতৃ সকলে পৰিয়াল আৰু সমাজলৈ আগবঢ়োৱা ত্যাগ আৰু অমূল্য অৱদানক স্বীকৃতি দিয়া হয় । নিস্বাৰ্থভাৱে নিজকে উৎসৰ্গা কৰা মাতৃসকলৰ প্ৰভাৱ আমাৰ প্ৰত্যেকৰে জীৱনত অপৰিসীম । আমি ভাৱিব নোৱাৰো তেওঁলোকৰ প্ৰভাৱ আমাৰ জীৱনৰ কিমান দূৰলৈকে শিপাই আছে ।

Mother’s Day 2024: মাতৃ দিৱসৰ তাৰিখ, ইতিহাস, তাৎপৰ্য আৰু গুৰুত্ব, জানোঁ আহক
মাতৃ দিৱস
manas-borah
Manas Borah | Published: 11 May 2024 21:11 PM

মাতৃ আৰু মাতৃত্বৰ ব্যক্তিত্বক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰত্যেক বছৰৰ এটা বিশেষ দিনত উদযাপন কৰা হয় মাতৃ দিৱস । এই দিনটোতে মাতৃ সকলে পৰিয়াল আৰু সমাজলৈ আগবঢ়োৱা ত্যাগ আৰু অমূল্য অৱদানক স্বীকৃতি দিয়া হয় । নিস্বাৰ্থভাৱে নিজকে উৎসৰ্গা কৰা মাতৃসকলৰ প্ৰভাৱ আমাৰ প্ৰত্যেকৰে জীৱনত অপৰিসীম । আমি ভাৱিব নোৱাৰো তেওঁলোকৰ প্ৰভাৱ আমাৰ জীৱনৰ কিমান দূৰলৈকে শিপাই আছে ।

এই দিনটোতে আমি আমাৰ মাতৃৰ সেৱা গ্ৰহণ কৰোঁ, সন্মান জনাও আৰু শ্ৰদ্ধা নিবেদন কৰোঁ । এই বিশেষ দিনটোৰ উদযাপনৰ বাবে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী । মাতৃ দিৱস ২০২৪ উদযাপন কৰাৰ পূৰ্বে কেইটামান জানিবলগীয়া কথা আলোকপাত কৰোঁ আহক –

মাতৃ দিৱস ২০২৪: তাৰিখ আৰু ইতিহাস

আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱসৰ কোনো নিৰ্দিষ্ট তাৰিখ নাথাকে আৰু সাধাৰণতে প্ৰতি বছৰে মে’ মাহৰ দ্বিতীয় দেওবাৰে পালন কৰা হয় । এইবাৰ মাতৃ দিৱস ১২ মে’ অৰ্থাৎ দেওবাৰে উদযাপন কৰা হ’ব।

আজি বিশ্বৰ বিভিন্ন ঠাইত উদযাপন কৰা মাতৃ দিৱসৰ এই দিনটো ২০ শতিকাৰ আৰম্ভণিতে আন্না জাৰ্ভিছে মাতৃসকলৰ ত্যাগক স্বীকাৰ কৰি প্ৰতিষ্ঠা কৰিছিল। ১৯১৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি উড্ৰ’ উইলছনে মাতৃ দিৱস উদযাপন কৰিবৰ বাবে মে’ মাহৰ দ্বিতীয় দেওবাৰ দিনটোক ঘোষণা কৰে । তেতিয়াৰ পৰা আমেৰিকাত মে’ মাহৰ দ্বিতীয় দেওবাৰ দিনটো মাতৃ দিৱস হিচাপে পালন কৰা হয় । যিটো পিছলৈ বিশ্বৰ আন আন দেশসমূহেও গ্ৰহণ কৰে।

মাতৃ দিৱস ২০২৪: তাৎপৰ্য্য আৰু উদযাপন

মাতৃসকলে নিজৰ সন্তানৰ জীৱনত পেলোৱা গভীৰ প্ৰভাৱক স্বীকাৰ কৰা, মূল্যবোধ প্ৰদান কৰা, সহায় আগবঢ়োৱা আৰু বৃদ্ধিৰ লালন-পালন কৰা আদিৰ বিষয়বোৰৰ লগত মাতৃ দিৱসৰ তাৎপৰ্য্য নিহিত হৈ আছে । পৰিয়াল আৰু সমাজ গঢ় দিয়াত মাতৃসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । এই দিনটোতে তেওঁলোকৰ নিস্বাৰ্থ প্ৰেম আৰু উৎসৰ্গাক আলোকপাত কৰা হয় ।

মাতৃ দিৱস বিশ্বৰ বিভিন্ন ঠাইত ভিন্ন ধৰণে উদযাপন কৰা হয় । বহুতে এই দিনটোত মাতৃসকলক হাতেৰে বনোৱা কাৰ্ড আৰু উপহাৰৰ প্ৰদান কৰে । তদুপৰি এই দিনটোত বহুতে নিজ মাতৃৰ সৈতে ফুৰিবলৈ যায় । ইয়াৰ লগতে এটা নিদিষ্ট ঠাইত অনুষ্ঠান আয়োজন কৰিয়ো মাতৃ দিৱস উদযাপন কৰা হয় । এক কথাত মাতৃ দিৱসৰ উদযাপনে প্ৰতিটো অঞ্চলৰ অনন্য সাংস্কৃতিক পৰম্পৰাক প্ৰতিফলিত কৰে।

ভাৰতত মাতৃ দিৱসৰ দিনা পৰিয়ালসমূহে একত্ৰিত হৈ মাতৃসকলে তেওঁলোকৰ জীৱনত লোৱা অমূল্য ভূমিকাক সন্মান জনায়। লগতে দেশজুৰি মাতৃসকলৰ নিস্বাৰ্থ মৰম আৰু ত্যাগক উদযাপন কৰে। একেদৰে UK ত শিশুসকলে প্ৰায়ে মৰমৰ চিন হিচাপে মাকক ফুল আৰু কাৰ্ড উপহাৰ দিয়ে।

জাপানত উপহাৰ দিয়া কাৰ্নেচন মাতৃসকলৰ প্ৰেম আৰু কৃতজ্ঞতাৰ প্ৰতীক, আনহাতে ইথিওপিয়াৰ পৰিয়ালসমূহে বৃহৎ অনুষ্ঠান আয়োজন কৰি ভোজ ভাতৰ আয়োজন কৰে । মেক্সিকানসকলে চেৰেনেড আৰু কবিতা পাঠৰ জৰিয়তে মাতৃসকলক সন্মান জনায় আৰু নেপালত মাতা তীৰ্থ আউন্সি নামৰ এক বিশেষ ধৰ্মীয় উৎসৱ পালন কৰা হয়।

নিৰ্দিষ্ট ৰীতি-নীতি যিয়েই নহওক কিয়, মাতৃ দিৱসৰ সাৰমৰ্ম এইদৰেই সাৰ্বজনীন হৈয়েই আছে। এইয়া মাতৃ আৰু মাতৃত্বৰ ব্যক্তিত্বই আমাৰ জীৱনত যি গভীৰ প্ৰভাৱ পেলায়, তাক স্বীকাৰ কৰাৰ সময় ।