শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শোকাৱহ ঘটনা! চন্দ্ৰপুৰৰ কলং নৈত পৰি মৃত্যুক সাৱটিলে মাতৃৰ লগতে দুই কন্যাই

জানিব পৰা মতে কাপোৰ আৰু গা ধুবলৈ গৈ প্ৰথমে নৈত পিছলি পৰিছিল সৰু কন্যা। কন্যাক উদ্ধাৰ কৰিবলৈ যাওঁতে মাতৃ উটি গল নদীৰ কোবাল সোঁতত।সৰু ভগ্নী, মাতৃক বচাবলৈ গৈ নদীত জাপ দিলে ডাঙৰ কন্যাই। তাৰ পিছৰ পৰিৱেশ অবৰ্ণনীয়।

শোকাৱহ ঘটনা! চন্দ্ৰপুৰৰ কলং নৈত পৰি মৃত্যুক সাৱটিলে মাতৃৰ লগতে দুই কন্যাই
Mother And Two Daughters Death In Kalong River
Trishna Kalita
Trishna Kalita | Published: 13 Apr 2025 08:26 AM

ৰাজ্যৰ চৌদিশে ৰঙালী বিহুটিক লৈ আনন্দময় পৰিৱেশ। ইয়াৰ মাজতে সংঘটিত হ’ল এটি শোকাৱহ ঘটনা।  চন্দ্ৰপুৰৰ কলং নৈত নদীত গাধুবলৈ যোৱা মাতৃ কন্যাৰ লগত ঘটিল মৰ্মান্তিক ঘটনাটো। তাৰ পাছতেই কলংৰ পাৰত দেখা গ’ল কান্দোনৰ ৰোল। উদ্ধাৰ কৰা হ’ল আনটো মৃতদেহ। মন সেমেকি উঠিল সকলোৰে।

জানিব পৰা মতে কাপোৰ আৰু গা ধুবলৈ গৈ প্ৰথমে নৈত পিছলি পৰিছিল সৰু কন্যা। কন্যাক উদ্ধাৰ কৰিবলৈ যাওঁতে মাতৃ উটি গল নদীৰ কোবাল সোঁতত।সৰু ভগ্নী, মাতৃক বচাবলৈ গৈ নদীত জাপ দিলে ডাঙৰ কন্যাই। তাৰ পিছৰ পৰিৱেশ অবৰ্ণনীয়। সন্ধানহীন হৈ পৰিল মাতৃ-কন্যাসহ তিনিগৰাকী।মাতৃ গোলাপী দেৱী, কন্যা পংকিতা কুমাৰী, নীলাক্ষী কুমাৰীক উদ্ধাৰ কৰিবলৈ আৰক্ষী-SDRFয়ে চলালে অভিযান। নদীৰ পাৰত ভিৰ স্থানীয় লোকৰ। সকলোৱে অপেক্ষা কৰিছিল সুকলমে উদ্ধাৰ হওক মাতৃ আৰু দুই কন্যা।

পিছে নিয়তিৰ নিষ্ঠুৰ পৰিহাস। ২ বজাত উদ্ধাৰ হল মাতৃৰ নিথৰ দেহ। কিছু সময়ৰ পিছত উদ্ধাৰ সৰু কন্যাৰ মৃতদেহ কিছু সময়ৰ পিছত উদ্ধাৰ ডাঙৰ কন্যাৰ মৃতদেহও। আৰক্ষী-SDRFৰ অভিযানত উদ্ধাৰ তিনিওৰে নিথৰ দেহ। সেই দৃশ্য আছিল অতিকৈ শোকাৱহ। চকুলো ৰাখিব পৰা নাছিল উপস্থিত থকাসকলে।  শনিবাৰে চন্দ্ৰপুৰৰ পাৱাৰ হাউছত সংঘটিত হৈছে এই শোকাৱহ ঘটনা।

স্থানীয় লোকে জনোৱা মতে দুই কন্যাৰ পিতৃ বৰ্তমান কাৰাগাৰত আছে । ২৫ এপ্ৰিলত কাৰাগাৰৰ পৰা মুক্ত হোৱা কথা আছিল তেওঁ। দুদিন পূৰ্বে মাতৃ সহ দুই কন্যাই কাৰাগাৰত গৈ সাক্ষাৎ কৰিও আহিছিল। কিন্তু পাৰলৈ কাপোৰ ,গা ধুবলৈ গৈ কলংৰ বুকুত শেষ হৈ গল মাতৃ সহ দুই কন্যাৰ জীৱন। ইফালে কাৰাগাৰত অকলশৰীয়া হৈ ৰৈ গ’ল পিতৃ। স্বামী কাৰাগাৰত  থকা অৱস্থাত অতি কষ্টেৰে দুই কন্যাক পোহপাল দিছিল মাতৃ গোলাপী দেৱীয়ে। কিন্তু আধা বাটৰে সামৰণি পৰি তেওঁলোক জীৱন নাটৰ। কিছুসময়ত ভিতৰতে শেষ হৈ গ’ল একেটা পৰিয়ালৰে তিনিগৰাকীকৈ মহিলাৰ জীৱন। ৰঙালী বিহুৰ প্ৰাকক্ষণত ঘটনা এই ঘটনাই শোকস্তব্ধ কৰি তুলিছে ৰাজ্যবাসীক।