শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাসগৃহত ভয়ংকৰ জুই! শোৱাপাটীতে মৃত্যুক সাৱতি ল’লে মাতৃ-পুত্ৰই…

পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ তথা শোকাবহ ঘটনা। শোৱাপাটিতে মৃত্যুক সাৱতি লয় মাতৃ আৰু তেওঁৰ ১২ বছৰীয়া পুত্ৰই। বৰ্তমান ঘটনা সন্দৰ্ভত আৰম্ভ হৈছে তদন্ত।

বাসগৃহত ভয়ংকৰ জুই! শোৱাপাটীতে মৃত্যুক সাৱতি ল’লে মাতৃ-পুত্ৰই…
ঘটনাস্থলী
barasha-sarma
Barasha Sarma | Updated On: 04 Sep 2025 18:19 PM

এক ভয়ংকৰ তথা মৰ্মান্তিক ঘটনা। বুধবাৰে নিশা শোৱাপাটীতে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি লয় দুই মাতৃ-পুত্ৰই। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে শোৱাপাটীতে ছটফটাই দুয়ো মৃত্যুক সাৱতে কিন্তু সহায়ৰ বাবে কোনো স্থানীয় লোক আগবাঢ়ি নাহে। এই ৰহস্যজনক ঘটনাটোৱে এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে।

চামগুৰিৰ ১ নং চিমনাবস্তিত ৩ ছেপ্টেম্বৰৰ নিশা সংঘটিত হৈছে এই শোকাবহ ঘটনা। মৃত্যু হোৱা মাতৃগৰাকী বিনা সিং আৰু পুত্ৰ সাগৰ সিং বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি নিশা শুই থকা অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱতি লয় মাতৃ আৰু ১২ বছৰীয়া পুত্ৰই। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, কালি নিশা কৰম পূজা চাবলৈ গৈছিল বীনা সিঙৰ ১৭ বছৰীয়া কন্যাই। যেতিয়া তেওঁ পূজা চাই ঘৰলৈ ঘূৰি আহে তেতিয়া দেখে যে ঘৰটো জ্বলি আছে। লগে লগে তেওঁ ওচৰৰ মানুহক খবৰ দিয়ে যদিও জুই দেখি কোনোৱে আগবাঢ়ি নহাৰ অভিযোগ উত্থাপন হৈছে। নিশাই ওচৰৰে ভিনিহিয়েক খবৰ দিয়ে কন্যাই। পৰৱৰ্তী সময়ত তেওঁ সেই স্থানত উপস্থিত হয় যদিও মাতৃ-পুত্ৰক ৰক্ষা কৰিব নোৱাৰিলে। এনে অৱস্থাত জীৱন্ত অগ্নিদগ্ধ হৈ অকাল মৃত্যুক সাৱতি লয় মাতৃ-পুত্ৰই।

লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে। পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কোঠাটো ছীল কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে। একাংশই এয়া দুৰ্ঘটনা বুলি কৈছে যদিও স্থানীয় ৰাইজৰ মতে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। কিয়নো গাঁওখনত পূৰ্বতেও এনে ধৰণৰ হত্যাকাণ্ড সংঘটিত হৈছিল। কিন্তু আজি পৰ্যন্ত দোষী কৰায়ত্ব নহ’ল। স্থানীয় লোকৰ মত, আৰক্ষী তথা প্ৰশাসনৰ বাবে এনে ঘটনা গাঁওখনত সংঘটিত হৈ আহিছে।

স্থানীয় ৰাইজে দাবী কৰে যে, এয়া এক পৰিকল্পিত হত্যাকাণ্ড। গতিকে দোষীক বিচাৰি সোনকালে কঠোৰ শাস্তি দিব লাগে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি স্থানীয় ৰাইজক সোধ পোছ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাব যে এয়া কোনো হত্যাকাণ্ড নে দুৰ্ঘটনা। বৰ্তমান এই কাণ্ডই ডাঙৰ ৰহস্যৰ সৃষ্টি কৰিছে।

 

 

অন্য খবৰ পঢ়কঃ গুৱাহাটীৰ উন্মুক্ত নলাত পৰি মৃত্যু ৩ বছৰীয়া শিশুৰ, প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ…