শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহানগৰীৰ ব্যক্তিগত চিকিৎসালয়ত লুণ্ঠন! যুৱকৰ মৃত্যুৰ পিছত ভয়ংকৰ তথ্য পোহৰলৈ…

দালাল চক্ৰৰ কবলত পৰি সৰ্বস্বান্ত হ'ল এগৰাকী মাতৃ। ৰোগীৰ জীৱনৰে হেতালি দিছপুৰৰ কচমো মেডিকেলৰ। ঘটনা অনুসৰি দুমাহ পূৰ্বে দুৰ্ঘটনাত পতিত হৈ GMCHত ভৰ্তি হৈছিল ১৯ বছৰীয়া ঋষি পণ্ডিত। মূৰত আঘাতপ্ৰাপ্ত হৈছিল ঋষি। যাৰ ফলত উন্নত চিকিৎসাৰ বাবে যুৱকজনক বিহাৰৰ পাটনালৈ নিয়াৰ পৰামৰ্শ দিছিল এগৰাকী চিকিৎসকে।

মহানগৰীৰ ব্যক্তিগত চিকিৎসালয়ত লুণ্ঠন! যুৱকৰ মৃত্যুৰ পিছত ভয়ংকৰ তথ্য পোহৰলৈ…
গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে ডাঙৰ অভিযোগ
trishna-kalita
Trishna Kalita | Updated On: 17 Dec 2025 13:03 PM

ৰোগীৰ চিকিৎসাৰ নামত মহানগৰীত চলিছে নেকি লুণ্ঠন? গুৱাহাটী মহানগৰীৰ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। দিশপুৰৰ কচমো মেডিকেলত ৰুগীৰ মৃত্যুক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।  দিছপুৰৰ কচমো মেডিকেলত যুৱকে প্ৰাণ হেৰুওৱাৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। মেডিকেলখনৰ ডাক্তৰৰ ব্যৱহাৰ সন্দৰ্ভতো বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ! ধন দিয়াৰ পাছতো সঠিক চিকিৎসা নোপোৱাৰ অভিযোগ মাতৃৰ। কেৱল ইমানে নহয় দিশপুৰ আৰক্ষীয়ে গোচৰ নোলোৱাৰ অভিযোগ ভুক্তভোগী মাতৃৰ।

ৰোগীৰ জীৱনৰে হেতালি দিছপুৰৰ কচমো মেডিকেলৰ। দালাল চক্ৰৰ কবলত পৰি সৰ্বস্বান্ত হ’ল এগৰাকী মাতৃ। ঘটনা অনুসৰি দুমাহ পূৰ্বে দুৰ্ঘটনাত পতিত হৈ GMCHত ভৰ্তি হৈছিল ১৯ বছৰীয়া ঋষি পণ্ডিত।
মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ঋষি। যাৰ ফলত উন্নত চিকিৎসাৰ বাবে যুৱকজনক বিহাৰৰ পাটনালৈ নিয়াৰ পৰামৰ্শ দিছিল এগৰাকী চিকিৎসকে।

কিন্তু GMCHৰ পৰা পাটনাৰ পৰিৱৰ্তে দিছপুৰৰ কচমো মেডিকেলত কৌশলেৰে ভৰ্তি কৰোৱা যুৱকজনক। অভিযোগ অনুসৰি বাবু নামৰ এটা দালাল টেকনিচিয়ানে ৪৫ হাজাৰ টকাতে কচমো মেডিকেলে চিকিৎসা প্ৰদানৰ কৰিব বুলি আশ্বাস দিছিল মাতৃ মনিকা ডেকাক। বিগত ৬ ডিচেম্বৰত দিছপুৰৰ কচমো মেডিকেলত ভৰ্তি হৈছিল যুৱকজন। যুৱকজনৰ স্বাস্থ্য অধিক অৱনতি ঘটাত ভেণ্টিলেশ্যনত ভৰ্তি কৰাই চিকিৎসালয়খনে।

ইফালে যুৱকজন সুস্থ অৱস্থাত আছে বুলি মাতৃক অৱগত কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই। কিন্তু আজি পুৱা হঠাৎ যুৱকজনৰ মৃত্যু হোৱা বুলি সদৰি কৰে মাতৃক। বিগত ১১ দিনে বিভিন্ন ঔষধ, পৰীক্ষাৰ নামত ৮-১০ হাজাৰকৈ ধন আদায় কৰাৰ অভিযোগ মাতৃৰ। চিকিৎসালয়খনৰ লুণ্ঠনৰাজৰ বাবে দিছপুৰ আৰক্ষীৰ কাষ চাপিও বিমুখ হ’বলগীয়া হৈছে দুৰ্ভগীয়া মাতৃ। পুত্ৰক হেৰুৱাই ৰাজপথতে হিয়াভগা কান্দোন মাতৃৰ। অভিযোগ অনুসৰি ধন নিদিয়াৰ বাবেই ৰোগীক চিকিৎসা নকৰাৰ অভিযোগ উত্থাপন কৰিছে ঋষি পণ্ডিতৰ মাতৃয়ে।