শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning Headlines: ১ মিনিটতে পঢ়ক আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

আজি ১৭ আগষ্ট দেওবাৰ, পুৱাৰে পৰা বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হৈছে। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: ১ মিনিটতে পঢ়ক আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
barasha-misra
Barasha Misra | Published: 17 Aug 2025 06:45 AM

আজি ১৭ আগষ্ট, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. নিশা যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড। যোৰহাটৰ মালৌ আলিত সংঘটিত হয় এই ঘটনা। অগ্নিকাণ্ডত জাহ যায় ৫টাকৈ ভাড়াঘৰ। এই জুইত ভস্মীভূত হয় লক্ষাধিক সা-সম্পত্তি।
  2. সমাগত ২০২৬ৰ নিৰ্বাচন। এই নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যিক বিজেপি। ১৬গৰাকী নেতাক ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ হিচপে দিলে নিযুক্তি। পূৰ্বৰ বহুকেইজনক আঁতৰাই স্থান দিলে নতুন মুখক।
  3. অসম জাতীয় পৰিষদৰ নামত ভুৱা পত্ৰ ভাইৰেল। এই ভাইৰেল হোৱা পত্ৰৰ সন্দৰ্ভত এজাহাৰ দাখিল জগদীশ ভূঞাৰ। তেখেতে স্পষ্ট কৰি দিছে যে, এই পত্ৰ কেতিয়াও প্ৰেৰণ কৰা নাছিল দলটোৱে।
  4. কলকাতাত চলি থকা বিতৰ্কৰ মাজতে মুক্তি পালে বিবেক অগ্নিহোত্ৰীৰ ছবি দ্য বেংগল ফাইলছৰ ট্ৰেইলাৰ। বিবেক অগ্নিহোত্ৰীৰ ছবিখন ১৯৪৬ চনত বংগত সংঘটিত হোৱা সংঘৰ্ষত আধাৰত নিৰ্মিত, যিখনক ইতিমধ্যে বংগ চৰকাৰে বৰ্জন কৰিছে আৰু অভিনেতাজনক ভাবুকি দিয়া বাতৰি প্ৰকাশ পাইছে।
  5. ১৯২৫ত প্ৰতিষ্ঠা হোৱা RSSৰ এই এশবছৰীয়া যাত্ৰা ব্যাপক সংঘৰ্ষময় আছিল ৷ বিতৰ্ক, বাৰে বাৰে নিষিদ্ধ ঘোষিত হোৱাৰ পাছতো সমাজৰ বিভিন্ন স্তৰত ব্যক্তি নিৰ্মাণৰ কামত নিয়োজিত হৈ আছে RSS। সংঘৰ কাম কাজক উচ্চ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
  6. গুৱাহাটীত অসম-মেঘালয় মুখ্যমন্ত্ৰীৰ বৈঠক, শনিবাৰে গুৱাহাটীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, দুয়োখন ভগ্নী ৰাজ্য পাৰস্পৰিক উন্নয়ন শক্তিশালী কৰাৰ বাবে বহুতো বিষয়ৰ ওপৰত আলোচনা হয়।
  7. ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকৰ দিনা পুনৰ ভাৰত-পাকিস্তানৰ সংঘাত মীমাংসাৰ ক্ষেত্ৰত নিজৰ হস্তক্ষেপৰ দাবী কৰিছে ট্ৰাম্পে। নতুন দিল্লীয়ে ইতিমধ্যে বাৰে বাৰে ট্ৰাম্পৰ দাবী অস্বীকাৰ কৰি আহিছে যদিও এই কথা যেন মানি ল’বলৈ অস্বীকাৰ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।
  8. অপাৰেচন সেন্দূৰৰ পাছৰে পৰা দেশৰ বিনিয়োগকাৰীসকলে শ্বেয়াৰ বজাৰৰ পৰা ২৩.৪৭ লাখ কোটি টকা লাভৱান হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ’ল এই সময়ছোৱাত ছেন্সেক্স ফ্লেট আৰু নিফটি প্ৰায় ১ শতাংশ বৃদ্ধি পাইছে।
  9. হোটেলৰ ভিতৰত হোজাইৰ যুৱ নেতাক যুৱ নেত্ৰীৰ প্ৰচণ্ড চৰ। অভিযোগ অনুসৰি, হোজাইৰ এগৰাকী বিজেপিৰ যুৱ মৰ্চাৰ নেতাৰ গালত পৰিল সেই সংগঠনৰ এগৰাকী নেত্ৰীৰ প্ৰচণ্ড চৰ। এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।