Morning Headlines: কাতি বিহুৰ পৰা আৰম্ভ কৰি ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ
আজি ১৮ অক্টোবৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

আজি ১৮ অক্টোবৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। তুলসী তলৰ চাকিগছি আৰু আকাশ বন্তিৰে উদ্ভাসিত হ’ব সমগ্ৰ অসম। শস্যৰ শ্ৰীবৃদ্ধিৰ কামনা কৰিব প্ৰতিজন অসমীয়াই।
- আজি ধনতেৰাচ। এই দিনটোত ভগৱান ধন্বন্তৰিক পূজা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত কিছুমান সামগ্ৰী ক্ৰয় কৰা শুভ আৰু কিছুমান ক্ৰয় কৰা অশুভ বুলি গন্য কৰা হয়।
- অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ মাজতে এক বৃহৎ সফলতা লাভ কৰিছে। এক বিশেষ অভিযান চলাই শ্ৰীভূমি আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৬ কোটি টকাৰ নিচাযুক্ত সামগ্ৰী।
- অসমীয়াৰ হিয়াৰ আমঠু ৰাহুল গান্ধীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে শুকুৰবাৰে এদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছ সাংসদ তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। প্ৰয়াত শিল্পীগৰাকীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতে তেওঁ কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় আৰু পৰিয়ালক সাক্ষাৎ কৰে।
- অসম মন্ত্ৰীসভাত স্থান পাব পাৰে বিপিএফৰ বিধায়কে,শৰ্মাৰ মন্ত্ৰীসভাত খালী থকা এখন আসনত বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ এগৰাকী বিধায়কক নিযুক্তি দিয়া হ’ব পাৰে। এইলৈ সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে।
- কটকটীয়া নিৰাপত্তাৰ মাজেৰে হাফলং কাৰাগাৰত শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত। কাৰাগাৰলৈ নিয়াৰ পূৰ্বে হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম) আদালতত হাজিৰ কৰোৱা হয় শেখৰ জ্যোতি আৰু অমৃতপ্ৰভাক।
- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ এজনীয়া তদন্ত আয়োগ গঠন। অহা ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ আয়োগৰ সমুখত ঘটনা সন্দৰ্ভত জবানবন্দী দিব পাৰিব। ঘটনা সন্দৰ্ভত জবানবন্দী দিয়া লোকসকলে শপতনামাৰ সৈতে তথ্যৰ সমৰ্থনত নথিৰ তালিকা জমা দিব লাগিব।
- সাময়িক যুদ্ধ বিৰতি ঘোষণা কৰিছে পাকিস্তান আৰু আফগানিস্তানে। কাটাৰৰ মধ্যস্থতাত যুদ্ধবিৰতিলৈ আহিছে চুবুৰীয়া দেশ দুখন। চাৰিদিন ধৰি যুদ্ধসদৃশ পৰিৱেশ বৰ্তী আছিল দেশ দুখনৰ মাজত।
- সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীত একাংশ সুৰাসক্ত লোকৰ উদ্ভণ্ডালিত দুখ প্ৰকাশ স্থানীয় ৰাইজৰ। তেওঁলোকে কয়, সমাধিস্থলীলৈ মদ্যপান কৰি আৰু গুটখা খাই নাহিব। সমাধিস্থলীত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ আহ্বান ৰাইজৰ।