শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning Headlines: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

আজি ৫ অক্টোবৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ…
barasha-misra
Barasha Misra | Updated On: 05 Oct 2025 06:47 AM

আজি ৫ অক্টোবৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি হাগ্ৰামাৰ শপত গ্ৰহণ। ২০২৫ বৰ্ষৰ বিটিচি নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিছিল হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে। প্ৰৱল প্ৰত্যাহ্বান জনোৱাৰ পাছতো বিপিএফক ৰুধিবলৈ সক্ষম নহ’ল বিজেপি আৰু ইউপিপিএলে।
  2. মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত বিশ্বনাথ সমষ্টিত সর্বমুঠ ৩৪,৬২০ গৰাকী হিতাধিকাৰীয়ে ১০ হাজাৰ টকাকৈ মুঠ ৩৪ কোটি ৬২ লাখ টকাৰ চেক লাভ কৰিছে। ইয়াৰে ৩২,৯৯৭গৰাকী হিতাধিকাৰী গ্রামাঞ্চলৰ আৰু ১৬২৩ গৰাকী হিতাধিকাৰী নগৰাঞ্চলৰ।
  3. পূৰ্ণগতিত অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। আজি গৰিমা গাৰ্গক প্ৰদান GMCHত কৰা জুবিন গাৰ্গৰ পোষ্টম’ৰ্টেম ৰিপ’ৰ্ট। তদন্তকাৰী বিষয়াৰ হাতত গৰিমাই ওভতাই দিলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। SITৰ তদন্তৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে গৰিমা শইকীয়া গাৰ্গৰ। শনিবাৰে জুবিনৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী।
  4. ট্ৰাম্প প্ৰশাসনে এতিয়া দেশৰ অসংগত প্ৰব্ৰজিত শিশুক নিজৰ গৃহভূমিলৈ উভতি যাবলৈ ২ লাখতকৈ অধিক টকাৰ প্ৰস্তাৱ দিছে। অৱশ্যে মেক্সিকোৰ পৰা অহা শিশুৱে যোগ্য নহ’ব। ইমিগ্ৰেচনৰ সমৰ্থকসকলে এই পদক্ষেপক তীব্ৰ সমালোচনা কৰিছে।
  5. জুবিনৰ সহযোগী শেখৰজ্যোতি গোস্বামী বিৰুদ্ধে উত্থাপন হৈছে এক বিস্ফোৰক অভিযোগ। শেখৰজ্যোতি গোস্বামী বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসমৰ প্রখ্যাত শিল্পী প্রসেনজিৎ লাহনে৷
  6. জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে এজনীয়া তদন্ত আয়োগ গঠন। ন্যায়াধীক সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা হ’ল এজনীয়া তদন্ত আয়োগ। এই আয়োগে ২০২৫ চনৰ ১৯ ​​ছেপ্টেম্বৰত ছিংগাপুৰত অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা তদন্ত কৰিব।
  7. জুবিনৰ প্ৰকৃত কণ্ঠয়েই আমি ব্যৱহাৰ কৰিব অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ৰ সংলাপত। নিশ্চিত কৰিলে পৰিচালক ৰাজেশ ভূঞাই। তেওঁ কয়, ছবিখনৰ শ্বুটিঙত লেপেল লগোৱা আছিলে, আমি কণ্ঠ সলনি কৰিব বিচৰা নাই। জুবিনৰ প্ৰকৃত কণ্ঠয়েই আমি ব্যৱহাৰ কৰিম। অৱশ্যে তাত এটা দুটা অংশত বতাহ আছে বা অন্য শব্দ আছে, তেনেকুৱা শব্দবোৰ আমি AI ৰ জৰিয়তে জুবিনৰ কণ্ঠৰ লগতে মিলাম।
  8. সূৰ্য উঠা দেশ জাপানৰ ৰাজনৈতিক ইতিহাসত সূচনা হ’ল নতুন এক অধ্যায়ৰ। জাপানৰ শাসকীয় দল লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে শনিবাৰে প্ৰাক্তন অৰ্থনৈতিক নিৰাপত্তা মন্ত্ৰী ছানাই তাকাইচিক নতুন নেতা হিচাপে নিৰ্বাচিত কৰে।
  9. কাইলৈ লক্ষ্মী পূজা। ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ উপচাৰেৰে ভৰিছে বজাৰ। এই দিনটোত দেৱীৰ আৰাধনা কৰিলে ঘৰত ধন-সম্পত্তি তথা সুখ-সমৃদ্ধিৰে নদন-বদন হৈ পৰে বুলি বিশ্বাস কৰা হয় ।