শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning Headlines: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ

আজি ১২ আগষ্ট মঙলবাৰ, পুৱাৰে পৰা বিভিন্ন ঘটনা-পৰিঘটনা সংঘটিত হৈছে। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headlines: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ
barasha-misra
Barasha Misra | Published: 12 Aug 2025 07:00 AM

আজি ১২ আগষ্ট, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. সোমবাৰে দিল্লীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈক সাক্ষাৎ কৰে অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দলে। অজাপৰ প্ৰতিনিধি দলটোত আছিল লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞা, কমল নয়ন চৌধুৰী, জিয়াউৰ ৰহমান, চিত্ত বসুমতাৰী আৰু ৰাজু ফুকন।
  2. ‘মিঞা-মুছলমান’ সম্প্ৰদায়ে অবৈধভাৱে দখল কৰা বনাঞ্চল, গ্ৰাম্য চৰণীয়া সংৰক্ষিত ভূমি (ভিজিআৰ), আৰু পেছাদাৰী চৰণীয়া ভূমি (পিজিআৰ)ত উচ্ছেদ অভিযান চলোৱা হৈছে। আমছুৱে যদি অধিক কোলাহলৰ সৃষ্টি কৰে তেন্তে অধিক উচ্ছেদ কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে।
  3. অসমৰ বিভিন্ন প্ৰান্তত চলা উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে কংগ্ৰেছে শোক প্ৰকাশ কৰি আছে।
  4. পাকিস্তানৰ সেনা প্ৰধান অসীম মুনিৰে দিয়া পাৰমাণৱিক ভাবুকিৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতে। শেহতীয়াকৈ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি এই মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।
  5. বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ কমিটী ঘোষণা অসম প্ৰদেশ কংগ্ৰেছৰ। আহ্বায়কসহ ৩৩ জনীয়া ইস্তাহাৰ কমিটী ঘোষণা কংগ্ৰেছৰ।তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিধানসভা নিৰ্বাচন ইস্তাহাৰ সমিতিৰ প্ৰস্তাৱিত তালিকাত অনুমোদন জনাইছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে।
  6. পদপথৰ কুকুৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। শীঘ্ৰেই ৰাস্তাৰ পৰা কুকুৰ আঁতৰ কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ। বিগত সময়চোৱাক কুকুৰৰ আক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত।
  7. কেন্দ্ৰীয় চৰকাৰে পি এম উজ্জ্বলা যোজনাৰ অধীনত ঘৰুৱা গেছ চিলিণ্ডাৰত ৩০০ টকীয়া ৰাজসাহায্য ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে অব্যাহত ৰখাত অনুমোদন জনাইছে। এই সুবিধা এবছৰত সৰ্বাধিক ৯টা ৰিফিলত উপলব্ধ হ’ব, যিয়ে সকাহ দিব কোটি কোটি দৰিদ্ৰ পৰিয়ালক। এই সিদ্ধান্তত ১২ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব আৰু এল পি জিৰ অৰ্থনৈতিক ব্যৱহাৰ বৃদ্ধি পাব।
  8. ভাৰতৰ প্ৰযুক্তিৰ ওপৰত ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তেওঁ কয় যে, অপাৰেশ্যন সেন্দূৰৰ সফলতা থলুৱা প্ৰযুক্তিৰ বাবে সম্ভৱ হৈছে। গতিকে পৰৱৰ্তী সময়ত এই প্ৰযুক্তিক ভাৰতে গুৰুত্ব দিব লাগিব।
  9. ভোটাৰ তালিকা বিসংগতি তথা ভোট চুৰিৰ অভিযোগত নিৰ্বাচন আয়োগলৈ পদযাত্ৰা বিৰোধী সাংসদৰ। কিন্তু সাংসদৰ দলটোক আদবাটতে বাধা দিয়ে আৰক্ষীয়ে। সোমবাৰে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ লগতে আন কেবাগৰাকীও সাংসদক আটক কৰিছে আৰক্ষীৰ দলে।