Morning Headline: ১ মিনিটতে পঢ়ক ৰাজ্যৰ লগতে দেশ-বিদেশৰ প্ৰতিটো পুৱাৰ খবৰ
আজি ১১ জানুৱাৰী দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...
আজি ১১ জানুৱাৰী দেওবাৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দেওবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
-
ৰংমহলত উচ্চ ন্যায়ালয়ৰ শিলান্যাসৰ সন্দৰ্ভত আজি সংবাদমেল সম্বোধন কৰে মহাধিবক্তা দেৱজিৎ লন শইকীয়াই। সংবাদমেলত দেৱজিৎ শইকীয়াই কয়, “৩-৪ বছৰৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত এটা বিতৰ্ক চলি আছে । স্থানান্তৰ প্ৰক্ৰিয়াত কোনোবাই সমৰ্থন কৰিছে কোনোবাই বিৰোধ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা থকাৰ সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।”
-
অসমলৈ পুনৰ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ডিচেম্বৰ মাহত অসম ভ্ৰমণ কৰাৰ পাছত পুনৰ অহা ১৭ আৰু ১৮ জানুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণকালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱিত এলিভেটেড কৰিড’ৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
-
অযোধ্যাৰ ৰাম মন্দিৰ কমপ্লেক্সৰ সমীপত নামাজ আদায়ৰ চেষ্টা কৰা এজন যুৱকক আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে ৰখিব দিয়াৰ লগে লগে লোকজনে এটা বিশেষ সম্প্ৰদায়ৰ শ্লোগান দিবলৈ আৰম্ভ কৰে। যুৱকজন কাশ্মীৰৰ শ্বোপিয়ান নিবাসী আহমেদ শ্বেখ বুলি জানিব পৰা গৈছে।
-
বাংলাদেশত হিন্দু যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। পৰিয়ালৰ অভিযোগ যে জয়ক প্ৰথমে নৃশংসভাৱে প্ৰহাৰ কৰিছিল আৰু তাৰ পিছত স্থানীয় এজন লোকে বিষাক্ত দ্ৰব্য খুৱাইছিল। তেওঁক সংকটজনক অৱস্থাত চিলেটৰ মেগ ওচমানী মেডিকেল কলেজ হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয়। য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।
-
গোৰেশ্বৰত চৰকাৰী কাৰ্যসূচীৰ সময়ত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শৰ্মাই কয় যে বিষয়াসকলে কাগজ-পত্ৰ চূড়ান্ত কৰি আছে আৰু সবিশেষ “ফেব্ৰুৱাৰী মাহৰ আগতে” প্ৰকাশ কৰা হ’ব।
-
খালী হ’বলগীয়া অসমৰ তিনিখন ৰাজ্যসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। ইতিমধ্যে এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
-
জানুৱাৰী মাহৰ শেষৰ পূৰ্বে ৰাজহুৱা হ’ব সাংসদ গৌৰৱ গগৈৰ কথিত পাকিস্তান লিংকৰ সবিশেষ। এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শৰ্মাই কয় যে,বিষয়াসকলে কাগজ-পত্ৰ চূড়ান্ত কৰি আছে আৰু সবিশেষ “ফেব্ৰুৱাৰী মাহৰ আগতে” প্ৰকাশ কৰা হ’ব।
-
পাকিস্তান আৰু আফগানিস্তানৰ মাজত বাণিজ্য ৫৩% বৃহৎ পৰিমাণে হ্ৰাস পাইছে। খবৰ অনুসৰি দুয়োখন দেশৰ মাজত বাণিজ্য ২.৬১ বিলিয়ন ডলাৰৰ পৰা মাত্ৰ ৫৯৪ মিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। সীমান্তৰ উত্তেজনা আৰু পথ বন্ধ হোৱাৰ বাবে পাকিস্তানী ৰপ্তানিকাৰকসকলে প্ৰতিমাহে প্ৰায় ১৭৭ মিলিয়ন ডলাৰৰ ব্যাপক লোকচানৰ সন্মুখীন হৈছে।
-
ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ ৷ অসম প্ৰদেশ যু্ৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হুছাইন আহমেদ মাদানীৰ পদত্যাগ ।