পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
প্ৰতিদিনে ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত বহু ঘটনা-পৰিঘটনা সংঘটিত হয়। কিন্তু প্ৰতিটো খবৰ জনা সম্ভৱ নহয়। যাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত উল্লেখ কৰা হ'ল।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে সাংসদ গৌৰৱ গগৈক নিযুক্তি। ইয়াৰ লগতে জাকিৰ হুছেইন শিকদাৰক পুনৰ এবাৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত ৰাখি ৰ’জলীনা তিৰ্কী আৰু বিধায়ক প্ৰদীপ সৰকাৰকো কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়া হয়।
- অহা জুন মাহৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ তিনিটা ইউনিট কাৰ্যক্ষম কৰাৰ বাবে আগবাঢ়িছে এন এইচ পি চি । ২৫০ মেগাৱাটকৈ উৎপাদন ক্ষমতা থকা ইউনিট কেইটা কাৰ্যক্ষম কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বিচাৰিছে এন এইচ পি চিয়ে। এক্সচেঞ্জ ফাইলিঙত কোৱা হৈছে যে, কোম্পানীটোৱে ৰাষ্ট্ৰীয় বান্ধ সুৰক্ষা কৰ্তৃপক্ষ(NDSA)ৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে।
- অসমৰ দুখন আসনৰ বাবে ১৯ জুনত অনুষ্ঠিত হ’ব ৰাজ্যসভা নিৰ্বাচন। এই দিনটোত ৰাজ্যসভাৰ মুঠ ৮ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। অসমৰ দুখন আসনৰ বাবে আৰু তামিলনাডুৰ ৬ খন ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । এই আসনসমূহ জুন আৰু জুলাই মাহত খালী হ’ব।
- দেশত পুনৰ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। নিতৌ ন ন ৰাজ্যৰ পৰা আক্ৰান্ত ৰোগীৰ সংখ্যা পোহৰলৈ আহিছে। যাৰ বাবে স্বাস্থ্য বিভাগ এলাৰ্ট হৈ পৰিছে আৰু সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাইছে।
- কৰ্ণাটকত বিজেপিৰ এম এল চি এন ৰবিকুমাৰে কালাবুৰাগীৰ উপায়ুক্ত ফৌজিয়া তৰান্নুমক ‘পাকিস্তানী’ বুলি অভিহিত কৰিছিল। তাৰ পাছতে এতিয়া নেতাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।
- সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাট ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই সময়চোৱাত মোদীয়ে অপাৰেশ্যন সেন্দূৰৰ পৰা আৰম্ভ কৰি সন্ত্ৰাসবাদীলৈ বিভিন্ন মন্তব্য কৰে। তেওঁ কয় যে, পৃথিৱীয়ে কেতিয়াও দেখা নোপোৱা এক কাম আমাৰ বীৰসকলে কৰিলে । আমি ২২ মিনিটত বিচাৰি উলিয়াই সকলো মাটিত মিলাই দিছো।
- ভিয়েটনাম ভ্ৰমণত ব্যস্ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ এটা ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। ভিডিঅ’টোত ইমানুৱেল মেক্ৰনক পত্নী ব্ৰীজিট মেক্ৰনে চৰ মৰা দেখা গৈছে। এই ভিডিঅ’টোক বিশেষ গুৰুত্ব নিদিবলৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে।
- পাকিস্তানে চেষ্টা কৰিছে শক্তি বৃদ্ধি কৰাৰ। তুৰ্কী ভ্ৰমণৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ ইৰাণত উপস্থিত হয়। তুৰ্কীত এৰদোগানক নিজৰ ভাতৃ বুলি গণ্য কৰা শ্বাহবাজ শ্বৰীফে এতিয়া পেজেস্কিয়ান আৰু সুপ্ৰিম লীডাৰ আলী খামেনেইৰ সৈতেও সম্পৰ্ক স্থাপনৰ চেষ্টা চলাইছে।
অন্য খবৰ পঢ়কঃ APCC president: পত্নীৰ পাকিস্তান বিতৰ্কৰ মাজতেই আহিল ভাল খবৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ