শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning news: গৌৰৱ গগৈ, SIT ৰ প্ৰতিবেদনৰ পৰা আমেৰিকাৰ শুল্ক অস্থিৰতালৈ, দিনটোৰ খবৰ…

Morning news: প্ৰতিটো দিনে ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বহু ঘটনা সংঘটিত হয়। এনে ক্ষেত্ৰত কিছুমান খবৰ জনা সকলোৰে বাবে আৱশ্যক। গতিকে এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ'ল।

Morning news: গৌৰৱ গগৈ, SIT ৰ প্ৰতিবেদনৰ পৰা আমেৰিকাৰ শুল্ক অস্থিৰতালৈ, দিনটোৰ খবৰ…
পুৱাৰ মুখ্য খবৰ
barasha-sarma
Barasha Sarma | Published: 07 Oct 2025 07:55 AM

আজি ৭ অক্টোবৰ মঙলবাৰ। প্ৰতিদিনে ৰাাজ্য, দেশ-বিদেশৰ বহু প্ৰান্তত বিভিন্ন ঘটনা পৰিঘটনা সংঘটিত হয়। গতিকে আজি পুৱাৰ কেইটামান খবৰ তলত উল্লেখ কৰা হ’ল-

  1. পশ্চিম কাৰ্বি আংলঙত ভয়ংকৰ পথ দুৰ্ঘটনা। উলকুঞ্চি পৰা জিৰিকিংডিং অভিমুখে গৈ থকা বাহনখন দুৰ্ঘটনাত পতিত হয়। যাৰ ফলত ৩ জন নিহত আৰু ৩৫ জন আহত হয়। নিহত হোৱা তিনিজন হৈছে ভৰত কুমাৰ বে, কাঠি কিলিংপী আৰু কাছাং টেৰণপী।।
  2. গৌৰৱ গগৈৰ পাকিস্তানী লিংক সন্দৰ্ভত SIT ৰ প্ৰতিবেদন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, এই প্ৰতিবেদন অতি বেয়া। যিহেতু গৌৰৱ গগৈ বিৰোধীৰ উপ-দলপতি। গতিকে দিল্লীৰ পৰা সাংবাদিকক আমন্ত্ৰণ জনাই এই প্ৰতিবেদন ৰাজহুৱা কৰা হ’ব। উল্লেখ্য যে, ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে সকলো তথ্য উদঙোৱাৰ কথা আছিল যদিও আজিলৈ তথ্য প্ৰকাশ কৰা নাই।
  3. জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ অখিল গগৈ আৰু লুৰিণ জ্যোতি গগৈৰ স্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে,এগৰাকী স্বর্গগামী ব্যক্তিক লৈ ৰাজনীতি কৰাতো উচিত নহয়।
  4. ঘোষণা বিহাৰৰ সাধাৰণ নিৰ্বাচনৰ দিন।ৰাজ্যৰ ২৪৩খন আসনৰ বাবে দুটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। অহা ৬ নৱেম্বৰত ১২১খন আসনৰ বাবে আৰু ১১ নৱেম্বৰত দ্বিতীয় পৰ্যায়ত ১২২খন আসনৰ বাবে ভোটদান হ’ব। ১৪ নৱেম্বৰত ঘোষণা কৰা হ’ব ফলাফল।
  5. কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে, ভাৰতৰ মুখ্য ন্যায়াধীশৰ ওপৰত কৰা আক্ৰমণ আমাৰ ন্যায়পালিকাৰ মৰ্যাদা আৰু সংবিধানৰ মনোভাৱৰ ওপৰত আক্ৰমণ। আমাৰ দেশত এনে ঘৃণাৰ স্থান নাই, এই ঘটনা গৰিহনাৰ যোগ্য। উল্লেখ্য যে, এজন অধিবক্তাই মুখ্য ন্যায়াধীশৰ ওপৰত জোতা দলিওৱাৰ চেষ্টা কৰিছিল।
  6. বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে বিশ্বৰ “শুল্ক অস্থিৰতাই” বাণিজ্যত প্ৰভাৱ পেলাইছে। আমেৰিকাৰ শুল্ক নীতিৰ বাবে ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ অৱনতি ঘটনা বুলিও তেওঁ কয়।
  7. পাকিস্তানে নিঅ’ডাইমিয়াম আৰু প্ৰেছিঅ’ডাইমিয়ামকে ধৰি বহু বিৰল খনিজ পদাৰ্থ আমেৰিকালৈ প্ৰেৰণ কৰিছে। পাকিস্তান চৰকাৰৰ বিৰোধী দল পিটিআইয়ে এই গোপন চুক্তিৰ সবিশেষ প্ৰকাশ কৰাৰ দাবী জনায়। সংসদৰ মঞ্জুৰী অবিহনে চৰকাৰে এই চুক্তি কৰা বুলি কয়।

 

অন্য খবৰ পঢ়কঃ ৰাজনীতিৰ ক্ষেত্ৰখন অতি বেয়া, সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ সুযোগ লৈছেঃ দীপলিনা ডেকা