শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning News: শ্ৰেয়াছ আয়াৰৰ স্বাস্থ্যৰ পৰা আমেৰিকালৈ, পুৱাৰ খবৰ…

Morning news: প্ৰতিটো দিনে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত বহু ঘটনা সংঘটিত হয়। শেহতীয়াকৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বীৰ লাচিত সেনাৰ সদস্যক। লগতে সংগঠনটোৱে বিকাশ অসমক অব্যাহতি দিয়ে।

Morning News: শ্ৰেয়াছ আয়াৰৰ স্বাস্থ্যৰ পৰা আমেৰিকালৈ, পুৱাৰ খবৰ…
পুৱাৰ বাতৰি
barasha-sarma
Barasha Sarma | Published: 28 Oct 2025 07:48 AM

আজি ২৮ অক্টোবৰ, ২০২৫। প্ৰতিটো দিনৰ দৰে আজিও ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তত বহু খবৰ পাকঘূৰণি খাই আছে। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

  1. বীৰ লাচিত সেনাৰ একাংশ সদস্যৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ইয়াৰ পাছতে সংগঠনটোৱে সকলো পদৰ বাবে অব্যাহতি দিয়ে বিকাশ অসমক। উল্লেখ্য যে, সংগঠনটোৰ একাংশ সদস্যৰ বিৰুদ্ধে অপহৰণ আৰু ধন দাবীৰ অভিযোগ উত্থাপন হৈছে। কেইবাজন সদস্য গ্ৰেপ্তাৰ হৈছে।
  2. অসমত এতিয়াই নহয় ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ। ১২ খন ৰাজ্যত হ’ব SIR. NRCৰ কাম শেষ হোৱাৰ পাছত অসমত হ’ব SIR। সংবাদমেলযোগে এই ঘোষণা কৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে।
  3. ICUত ভৰ্তি ভাৰতীয় ক্ৰিকেট দলৰ বেটাৰ শ্ৰেয়াছ আয়াৰ। জানিব পৰা মতে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলৰ সময়ত আঘাত পাইছিল শ্ৰেয়াছে। বৰ্তমান তেওঁ ছিডনীৰ এখন হাস্পাতালত ভৰ্তি হৈ আছে। তেওঁৰ Spleen Laceration অৰ্থাৎ প্লীহাত আঘাত পাইছে।
  4. দিল্লীত এতিয়াও কম হোৱা নাই বায়ু প্ৰদূষণ। এতিয়াও বহু ঠাইত এ কিউ আই ৩০০ ৰ ওপৰত দেখা গৈছে। যাৰ ফলত বহু অঞ্চল ধোঁৱা ধোঁৱা হৈ থকা দেখা গৈছে।
  5. ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় তুৰ্কী। এতিয়ালৈকে এই ভূমিকম্পৰ ফলত কোনো লোকৰ বিশেষ ক্ষয়-ক্ষতি হোৱা নাই যদিও কেইবাটাও অট্টালিকা ভাঙি যায়।
  6. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক ভাবুকি প্ৰদান কৰিছে। এসপ্তাহৰ ভিতৰত ট্ৰাম্পে ৰাছিয়াক যুদ্ধ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে কয় যে,উপকূলৰ ওচৰত পাৰমাণৱিক চাবমেৰিন নিয়োগ আছে। ৰাছিয়াই জানে আমেৰিকাৰ চাবমেৰিন সবাতোকৈ শ্ৰেষ্ঠ।
  7. গাজাত নিয়োগ কৰা হ’ব আন্তঃৰাষ্ট্ৰীয় সেনা। কিন্তু সেই সেনাত তুৰ্কীৰ সেনা নিয়োগ কৰাত বাধা প্ৰদান কৰিছে ইজৰাইলে।

 

অন্য খবৰ পঢ়কঃ ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাবল্য আছিল ৬.১…