শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰৈ ৰৈ বিনালেৰ পৰা মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশলৈ, পুৱাৰ খবৰ…

Morning news: আজি শুভমুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। পুৱা ৪.২৫ বজাৰ পৰা ছবিখনৰ দৰ্শনী আৰম্ভ হয়। বৰষুণকো নেওচি ৰাইজ ওলাই আহিছে প্ৰাণৰ শিল্পীগৰাকীৰ ছবি উপভোগ কৰিবলৈ।

ৰৈ ৰৈ বিনালেৰ পৰা মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশলৈ, পুৱাৰ খবৰ…
পুৱাৰ খবৰ
barasha-sarma
Barasha Sarma | Published: 31 Oct 2025 07:44 AM

আজি ৩১ অক্টোবৰ, ২০২৫। প্ৰতিটো দিনৰ দৰে আজিও দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত বহু ঘটনা-পৰিঘটনা সংঘটিত হৈছে। অসমৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ উল্লেখ কৰা হ’ল-

  1. আজি মুক্তি লাভ কৰিলে জুবিন গাৰ্গৰ জীৱনৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে। পুৱা ৪.২৫ বজাত গুৱাহাটীৰ মেট্ৰিক্সত ছবিখনৰ প্ৰথম দৰ্শনী হয়। আগন্তুক কেইবাটাও দিনৰ বাবে বিভিন্নটা ছবিগৃহ ইতিমধ্যে হাউচফুল।
  2. শীঘ্ৰেই মুকলি হ’ব গুৱাহাটী প্ৰৱেশদ্বাৰ আৰু গুৱাহাটী ৰিভাৰফ্ৰণ্ট। এই দুটা প্ৰকল্প অহা নৱেম্বৰ মাহত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ৰাইজলৈ উচৰ্গা কৰিব।
  3. মহিলা বিশ্বকাপৰ ফাইনেলত ভাৰত। ৭ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ভাৰতে। অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰে ভাৰতে।
  4. শুকুৰবাৰে মুম্বাইৰ আৰ এ ষ্টুডিঅ’ত ডাঙৰ ঘটনা সংঘটিত হয়। অভিযুক্ত ৰোহিত আৰ্য্যই প্ৰথম মহলাত ১৭টা শিশুসহ ২০ জন লোকক পণবন্দী কৰে। অৱশ্যে আৰক্ষীয়ে সুকলমে আটাইকেইজন পণবন্দীক উদ্ধাৰ কৰে। আৰক্ষীৰ এনকাউন্টাৰত মৃত্যু হয় ৰোহিতৰ। মৃত্যুৰ পূৰ্বে ৰোহিতে এটা ভিডিঅ’ প্ৰচাৰ কৰিছিল।
  5. ২০২৫ চনৰ ২৪ নৱেম্বৰৰ পৰা ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব ন্যায়াধীশ সূৰ্য কান্ত। বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইয়ে কেন্দ্ৰীয় চৰকাৰত তেওঁক নিযুক্তিৰ পৰামৰ্শ দিয়ে। পাছত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনায়।
  6. ৰাছিয়াৰ পাছত এইবাৰ আমেৰিকাই পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ বাবে সাজু হৈছে। ইয়াৰ বাবে ইতিমধ্যে ড’নাল্ড ট্ৰাম্পৰে নিৰ্দেশ জাৰি কৰিছে। শেষৰবাৰৰ বাবে দেশখনে ১৯৯২ চনত পাৰমাণৱিক অস্ত্ৰৰ পৰীক্ষণ কৰিছিল।
  7. পুনৰ ইউক্ৰেইনত আক্ৰমণ কৰিলে ৰাছিয়াই। ইয়াৰ ফলত সমগ্ৰ দেশখনত বিদ্যুত ব্যৱস্থাত প্ৰভাৱ পৰে।ইউক্ৰেইনৰ প্ৰধানমন্ত্ৰী ইউলিয়া শ্বিৰিডেংকোৱে ইয়াক চিষ্টেমেটিক এনাৰ্জী টেৰৰ বুলি কয়। এই আক্ৰমণত শিশুকে ধৰি ৩ জন লোক নিহত হয় আৰু কেইবাজনো আহত হয়।

 

অন্য খবৰ পঢ়কঃ মুক্তি পালে জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’, পুৱা ৪.২৫ বজাত প্ৰথম দৰ্শনী…