শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ১০ ছেপ্টেম্বৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
পুৱাৰ মুখ্য খবৰ
manas-borah
Manas Borah | Published: 10 Sep 2025 07:01 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত চি পি ৰাধাকৃষ্ণন। মঙলবাৰে অনুষ্ঠিত হোৱা উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এৰ সমৰ্থিত প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে ৪৫২ টা ভোট লাভ কৰাৰ বিপৰীতে ইণ্ডিয়া ব্লকৰ সমৰ্থিত প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে ৩০০ ভোট লাভ কৰে। দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় চি পি ৰাধাকৃষ্ণন।
  2. মঙলবাৰে অনুষ্ঠিত হয় দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। লোকসভা আৰু ৰাজ্যসভাৰ ৭০০ৰো অধিক সংসদ সদস্যই মঙলবাৰে নিজৰ ভাৰতৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটদান কৰে। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰথমজন ভোটাৰ হিচাপে ভোটদান কৰে প্ৰধানমন্ত্ৰীয়ে।
  3. অৱশেষত মুকলি আকাশৰ তললৈ আহিল অভিনেত্ৰী নন্দিনী কাশ্যপ। ৪৩ দিনৰ অন্তত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহে অভিনেত্ৰীগৰাকী। নিশা গুৱাহাটীত অভিনেত্ৰীগৰাকীৰ গাড়ীৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল ছামিউল ইছলাম নামৰ এজন যুৱকে। এই গোচৰতে কাৰাবন্দী হৈ আছিল অভিনেত্ৰীগৰাকী। কামৰূপ মহানগৰ জিলা চেছন ন্যায়াধীশৰ আদালতে সোমবাৰে জামিন মঞ্জুৰ কৰিছিল।
  4. বিদেশী বহিষ্কাৰক লৈ মঙলবাৰে ৰাজ্যিক কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। যদি কোনো মানুহক বিদেশী বুলি চিনাক্ত কৰে আৰু উপায়ুক্তই তেওঁৰ নথি-পত্ৰত সন্তুষ্ট নহ’লে ১০ দিনৰ ভিতৰত বিদেশীক চিনাক্ত কৰি অসমৰ পৰা ঘূৰাই পঠিওৱা হ’ব। নতুন SOP অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে।
  5. Gen-Z ৰ প্ৰতিবাদত জ্বলিছে নেপাল। প্ৰতিবাদ ৰোধত ব্যৰ্থ নেপাল চৰকাৰৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ পদত্যাগ। তাৰ লগে লগে পদত্যাগ কৰিলে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলেও। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ বিৰুদ্ধে Gen-Z প্ৰজন্মই আৰম্ভ কৰিছিল প্ৰতিবাদ। চৰকাৰৰ দমন তথা দুৰ্নীতিৰ বিৰুদ্ধে কৰা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে নেপালত। কেবাজনো মন্ত্ৰীৰ বাসগৃহত অগ্নি সংযোগৰ লগতে আক্ৰমণো কৰা হয় ৰাজনীতিকক।
  6. গৌৰৱ গগৈৰ পাকিস্তান লিংক অভিযোগৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিশেষ তদন্তকাৰী দলক প্ৰতিবেদন দাখিলৰ কোনো নিৰ্দিষ্ট সময়সীমা দিয়া হোৱা নাই। এই তথ্যসমূহ হয় মোৰ ওচৰত বা মুখ্য সচিবৰ ওচৰত দাখিল কৰিব। প্ৰতিবেদন পঢ়িলেই পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত ল’ম। তেওঁ আৰু কয় যে, এছ আই টিয়ে ১০ ছেপ্টেম্বৰ বুধবাৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে আৰু তেওঁলোকে কোনো ধৰণৰ সময় বৃদ্ধিৰ অনুৰোধ কৰা নাই।