দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ
আজি ২৯ অক্টোবৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ গঠনত অনুমোদন জনায়। কামৰ পৰিসৰ, অধ্যক্ষ, সদস্যৰ নাম চূড়ান্ত কৰা হৈছে। ১৮ মাহৰ ভিতৰত পে আয়োগে নিজৰ পৰামৰ্শ দাখিল কৰিব, যিটো ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব।
- পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জনক। ইয়াৰ পূৰ্বে তেওঁলোকক চিআইডিৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। বৰ্তমান বাক্সাৰ নিকাছি কাৰাগাৰত পাঁচজন আৰু হাফলং কাৰাগাৰত দুজন অভিযুক্তক কাৰাবন্দী কৰি ৰখা হৈছে।
- ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ ৰণ্টু পানীফুকন,তন্ময় চেতিয়া,উৎপল দত্তক। বীৰ লাচিত সেনাৰ এই তিনিওজন নেতাক সোমবাৰে গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে। উল্লেখ্য যে, অলপতে বীৰ লাচিত সেনাৰ সদস্যই অপহৰণ আৰু ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰাৰ সময়তে দিছপুৰ আৰক্ষীয়ে আটক কৰিছিল সংগঠনটোৰ মুখ্য সচিব ৰণ্টু পানীফুকনক।
- শেহতীয়াকৈ কাছাৰ আৰক্ষীয়ে ১৫ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰা গৈছে। বিষয়াগৰাকীয়ে লগতে কয় যে, ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কাছাৰ আৰক্ষীয়ে। সোমবাৰে ভুৱা চিকিৎসকৰ বিৰুদ্ধে তথ্য লাভ কৰাৰ পিছতে আৰক্ষী বাহিনীক প্ৰেৰণ কৰা হয় আৰু সেই স্থানত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে ৰাজুল হক লস্কৰ নামৰ ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে। তেওঁ জানিবলৈ দিছে যে,এই পৰ্যন্ত ১৫ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।
- আলফা স্বাধীনৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে আজি মঙলবাৰে তিনিচুকীয়াত পুনৰ আলফা স্বাধীনৰ এজন কেডাৰৰ আত্মসমৰ্পণ। আলফা স্বাধীনৰ কেডাৰজন নাম সমীৰণ চেতিয়া উৰফে প্ৰবীণ অসম বুলি জানিব পৰা গৈছে ৷ খবৰ অনুসৰি, ২০২২ চনত আলফা স্বাধীনত যোগদান কৰিছিল সমীৰণ চেতিয়া উৰফে প্ৰবীণ অসমে।
- হামাছে আমেৰিকাৰ পৃষ্ঠপোষকতাত হোৱা যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ পাছতে ইজৰাইলে পুনৰ গাজাত চলোৱা আক্ৰমণত ৯ জন লোকৰ মৃত্যু হয়। আইডিএফে কয় যে, প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে ইজৰাইলৰ সেনাবাহিনীক গাজা ষ্ট্ৰিপত তৎক্ষণাত আক্ৰমণ চলাবলৈ নিৰ্দেশ দিয়াৰ পিছতে এই আক্ৰমণ সংঘটিত হয়। এক প্ৰতিবেদন অনুসৰি, ইজৰাইলে গাজাত আক্ৰমণ চলোৱাৰ সিদ্ধান্তৰ বিষয়ে আমেৰিকাক অৱগত কৰিছিল। এজন সামৰিক বিষয়াই কয় যে, হামাছৰ উগ্ৰপন্থীয়ে প্ৰথমে ইজৰাইল বাহিনীক আক্ৰমণ কৰিছিল।