TV9 ASSAM
২৯ অক্টোবৰ অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাঁচখনীয়া মেচৰ টি-২০ শৃংখলা। সূৰ্যৰ নেতৃত্বত শৃংখলাৰ বাবে সাজু ভাৰতীয় দল।
অষ্ট্ৰেলিয়াত ভাৰতৰ টি-২০ অভিলেখ যথেষ্ট উন্নত। আপুনি জানি আচৰিত হ’ব যে অষ্ট্ৰেলিয়াই নিজ ঘৰুৱা ভূমিতে টি-২০ শৃংখলাত ভাৰতক কেতিয়াও পৰাস্ত কৰিব পৰা নাই।
অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এইপৰ্যন্ত চাৰিটা টি-২০ শৃংখলা খেলিছে। ইয়াৰে দুটা শৃংখলাত ভাৰত জয়ী হোৱাৰ বিপৰীতে দুটা শৃংখলা ড্ৰ’ হৈছে।
২০১৫-১৬ চনত অষ্ট্ৰেলিয়াত ভাৰতে ৩-০ ব্যৱধানত জয়লাভ কৰিছিল। ইয়াৰ পিছত ২০২০-২১ চনত ভাৰতে অষ্ট্ৰেলিয়াক ২-১ ব্যৱধানত পৰাস্ত কৰিছিল।
যোৱা তিনিটা টি-২০ শৃংখলাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে জয়লাভ কৰিছে। অন্তিমবাৰৰ টি-২০ শৃংখলাৰ মুখামুখিত ভাৰতে অষ্ট্ৰেলিয়াক ৪-১ ব্যৱধানত পৰাস্ত কৰিছিল।
ভাৰতীয় দলে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াত ঘৰুৱা দলটোৰ বিৰুদ্ধে পাঁচখন মেচৰ টি-২০ শৃংখলা খেলিব। ফৰ্মত থকা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এইবাৰ প্ৰদৰ্শন লক্ষণীয় হ’ব।
ভাৰতে ৭ বাৰ পাঁচখন মেচৰ টি-২০ শৃংখলা খেলিছে। ইয়াৰে ৫টা শৃংখলাত জয়লাভ কৰাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজৰ হাতত এবাৰ পৰাস্ত হৈছে, নিউজিলেণ্ডৰ বিৰুদ্ধে এবাৰ ড্ৰ’ হৈছে।
পঢ়িবলৈ ক্লিক কৰক
এই ৩ ভাৰতীয় খেলুৱৈয়ে কোবোৱা নাই এটাও ছয়