শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান, এতিয়ালৈকে ১৫ জনক গ্ৰেপ্তাৰ

শেহতীয়াকৈ কাছাৰ আৰক্ষীয়ে ১৫ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰা গৈছে। জানিব পৰা মতে, সোমবাৰে নিশাও আন এজন ভুৱা চিকিৎসকক কৰায়ত্ত কৰে কাছাৰ আৰক্ষীয়ে।

ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান, এতিয়ালৈকে ১৫ জনক গ্ৰেপ্তাৰ
ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান
manas-borah
Manas Borah | Published: 28 Oct 2025 19:48 PM

ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে কাছাৰ আৰক্ষীয়ে। শেহতীয়াকৈ কাছাৰ আৰক্ষীয়ে ১৫ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰা গৈছে। জানিব পৰা মতে, সোমবাৰে নিশাও আন এজন ভুৱা চিকিৎসকক কৰায়ত্ত কৰে কাছাৰ আৰক্ষীয়ে। ধৃত ভুৱা চিকিৎসকজনৰ নাম ৰাজুল হক লস্কৰ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে,ৰাজুল হক লস্কৰ বয়স ৩৮ বছৰ। তেওঁৰ ঘৰ সোণাইৰ নগদিৰগ্ৰাম পাৰ্ট-৪ ত বুলি জানিব পৰা গৈছে । মঙলবাৰে শিলচৰত কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে কয় যে, তেওঁ “বেবী হেল্থ কেয়াৰ” নামৰ এখন অবৈধ ক্লিনিক দীৰ্ঘদিনৰ পৰা চলাই আহিছিল। ধৃত চিকিৎসকজনৰ চেম্বাৰৰ পৰা প্ৰয়োজনীয় নথি-পত্ৰ জব্দ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে।

বিষয়াগৰাকীয়ে লগতে কয় যে, ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কাছাৰ আৰক্ষীয়ে। সোমবাৰে ভুৱা চিকিৎসকৰ বিৰুদ্ধে তথ্য লাভ কৰাৰ পিছতে আৰক্ষী বাহিনীক প্ৰেৰণ কৰা হয় আৰু সেই স্থানত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে ৰাজুল হক লস্কৰ নামৰ ভুৱা চিকিৎসকজনক গ্ৰেপ্তাৰ কৰে। তেওঁ জানিবলৈ দিছে যে,এই পৰ্যন্ত ১৫ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে।

কেইদিনমানৰ আগতে গ্ৰেপ্তাৰ হোৱা শিলচৰৰ ডাঃ জে পি দাসৰ বিৰুদ্ধে গোচৰৰ তদন্ত অব্যাহত আছে বুলিও তেওঁ কয়। ডাঃ জে পি দাস বৰ্তমান শিলচৰত চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত অধিক তদন্ত চলি থকা বুলিও তেওঁ কয়।