শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শীতকালত বৃদ্ধি পাই ব্লাড চুগাৰ,ডায়েবেটিকৰ বাবে চিকিৎসকৰ পৰামৰ্শ...

শীতকালত বৃদ্ধি পাই ব্লাড চুগাৰ,ডায়েবেটিকৰ বাবে চিকিৎসকৰ পৰামৰ্শ…

Barasha Sarma
Barasha Sarma | Published: 28 Oct 2025 22:31 PM

Blood Sugar: বৰ্তমান সময়ত মানুহৰ মাজত ব্লাড চুগাৰৰ সমস্যা বৃদ্ধি হোৱা দেখা যায়। বিশেষকৈ শীতকালত ব্লাড চুগাৰ বৃদ্ধি হোৱাৰ আশংকা অধিক। এই ক্ষেত্ৰত ডায়েবেটিছ ৰোগীসকলে বিশেষ গুৰুত্ব দিয়া ভাল।

আজিকালি মানুহৰ ব্লাড চুগাৰ বৃদ্ধি হোৱাৰ সমস্যাই দেখা দিছে। বিশেষকৈ শীতকালত ব্লাড চুগাৰ বৃদ্ধি হোৱাৰ আশংকা অধিক।চিকিৎসকৰ মতে, উষ্ণতা হ্ৰাস পোৱাৰ ফলত শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়াৰ হাৰ লেহেমীয়া হয়। এই সময়চোৱাত মানুহে ব্যায়াম নকৰে। যাৰ বাবে তেজত গ্লুকজৰ মাত্ৰা অধিক হোৱাৰ সম্ভাৱনা থাকে।

দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কমলজিৎ সিঙে এই সন্দৰ্ভত সবিশেষ জনায়। তেওঁ কয় যে, শীতকালত ব্লাড চুগাৰ বৃদ্ধি হোৱাৰ আশংকা অধিক। গতিকে ডায়েবেটিছ ৰোগীসকলে স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। এই সময়চোৱাত ডায়েবেটিছ ৰোগীসকলে পানী খাব লাগে, ব্যায়াম কৰিব লাগে। বহুতে শীত কাল বুলি পানী কম খাই বা ব্যায়াম কম কৰে। ই স্বাস্থ্যত বেয়া প্ৰভাৱ পেলাব পাৰে।