29 Octiber 2025
TV9 ASSAM
শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পানী নাপালে প্ৰস্ৰাৱ ঘনীভূত হৈ ফেনাযুক্ত হ’ব পাৰে। গতিকে পৰ্যাপ্ত পানী সেৱন কৰক।
কিছুমান বৃক্কৰ ৰোগ যেনে গ্ল’মেৰুলোনেফ্ৰাইটিছ বা নেফ্ৰটিক চিণ্ড্ৰমৰ ফলত প্ৰস্ৰাৱত প্ৰটিন নিৰ্গমন হয়, যাৰ ফলত ফেন হয়।
প্ৰস্ৰাৱ সংক্ৰমণৰ ফলত এই সমস্যা হ’ব পাৰে। গতিকে যদি সঘনাই প্ৰস্ৰাৱত ফেন উঠে, তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
অত্যধিক প্ৰটিনযুক্ত খাদ্য খোৱা বা কিছুমান ক্ষেত্ৰত প্ৰটিনৰ পৰিপূৰক অত্যধিক সেৱন কৰিলেও প্ৰস্ৰাৱ ফেনযুক্ত হ’ব পাৰে।
যদি প্ৰস্ৰাৱ কৰোতে ফেন উঠে, ই ডায়েবেটিছ ৰোগৰ লক্ষণো হ’ব পাৰে। ডায়েবেটিছৰ ফলত প্ৰস্ৰাৱত ফেন উঠে।
এই সমস্যা ৰোধ কৰিবলৈ প্ৰটিন সেৱন সীমিত কৰক,ডায়েবেটিছ আৰু ৰক্তচাপ নিয়ন্ত্ৰণ, প্ৰস্ৰাৱ আৰু তেজৰ পৰীক্ষা কৰক আৰু প্ৰচেছড খাদ্য আৰু নিমখ সেৱন সীমিত কৰক।
যদি ফেনযুক্ত প্ৰস্ৰাৱ নিয়মিত হয় বা আন লক্ষণ যেনে ফুলা, উশাহ লোৱাত কষ্ট বা অত্যধিক ভাগৰুৱা হয় , তেন্তে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
পঢ়িবলৈ ক্লিক কৰক