আজি ২৭ আগষ্ট, দিনটোৰ আৰম্ভণিতে চাওক পুৱাৰ মুখ্য খবৰ…
আজি বুধবাৰ, দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- আজি গণেশ চতুৰ্থী। হিন্দুসকলৰ অন্যতম প্ৰধান উৎসৱ হ’ল গণেশ চতুৰ্থী, যিটো সমগ্ৰ দেশতে অতি উদযাপন কৰা হয়। গণেশ চতুৰ্থীৰ একমাত্ৰ উদ্দেশ্য হৈছে ভগৱান গণেশক অপৰিসীম ভক্তিৰে আৰাধনা কৰা। এই দিৱসত ভগৱান গণেশৰ জন্ম বাৰ্ষিকী উদযাপন কৰা হয়। এই উৎসৱ ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত পালন কৰা হয়।
- ছৈয়দা হামিদৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে, অজিত ভূঞাই মাতি আনিছিল ছৈয়দা হামিদক। অজিত ভূঞাই ক্ষমা খুজিল নে নাই? মিঞা মানুহে কয়, আমি বাংলাদেশী নহয়। কিন্তু মিঞা মানুহখিনিক বাংলাদেশী বনাই থৈ গ’ল হামিদে। হামিদক মিঞা মানুহেও বিৰোধীতা কৰিব লাগে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।
- চৰকাৰী চিকিৎসালত বিনামূলীয়া ঔষধ নাপালে হোৱাটছএপত অভিযোগ দিব পাৰিব।জনতাই ৯৮৬৪৫৪১৪৩৯ নম্বৰত অভিযোগ দিব পাৰিব স্বাস্থ্য বিভাগত। ইমানেই নহয়, প্ৰতিখন চিকিৎসালয়ৰ ফাৰ্মাচীৰ সন্মুখত লগোৱা থাকিব লাগিব ঔষধৰ তালিকা। এই কথা সদৰী কৰিছে মন্ত্ৰী অশোক সিংহলে।
- নিৰ্বাচন আয়োগে ঘোষণা কৰিলে বিটিআৰ নিৰ্বাচনৰ দিন।২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। যদি পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হয় তেন্তে ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ’ব পুনৰ ভোটগ্ৰহণ। ভোটগণনা আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২৬ ছেপ্টেম্বৰত। ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব। ভোটগণনা আৰম্ভ হ’ব পুৱা ৮ বজাত।
- গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নতুন অধীক্ষকৰ নিযুক্তি। GMCHৰ নতুন অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে মঙলবাৰে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অধীক্ষকৰ দায়িত্বত আছিল ডাঃ চৌধুৰী।
- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুল্কক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছে ট্ৰাম্পে। আজি অৰ্থাৎ ২৭ আগষ্টৰ পৰা ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব, অৰ্থাৎ যদি ৬ আগষ্টৰ ২৫ শতাংশ শুল্ক যোগ কৰা হয়, তেন্তে আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ ওপৰত মুঠ শুল্ক এতিয়া ৫০ শতাংশ হ’ব।