শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিনটোৰ আৰম্ভণিতে চাওঁ আহক পুৱাৰ মুখ্য খবৰ…

আজি ২০ আগষ্ট, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটোৰ আৰম্ভণিতে চাওঁ আহক পুৱাৰ মুখ্য খবৰ…
পুৱাৰ মু্খ্য খবৰ
manas-borah
Manas Borah | Published: 20 Aug 2025 07:05 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. পুৱাৰ ভাগতে পাকিস্তানত ভূমিকম্প অনুভূত হয়। পুৱাৰ প্ৰায় ২.৩৮ মিনিটত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৭। একে সময়তে হিমাচল প্ৰদেশতো ইয়াৰ কম্পন অনুভূত হয় । ইয়াত ভূমিকম্পৰ প্ৰাবল্য ৩.৩।
  2. গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (IIM) স্থাপনৰ বাবে লোকসভাত গৃহীত হ’ল বিধেয়ক। ইয়াৰ অধীনত IIM গুৱাহাটীৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ৫৫০ কোটি টকা। নিম্ন সদনৰ হুলস্থুলৰ মাজতে গৃহীত হয় ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (সংশোধনী) বিধেয়ক, ২০২৫। শ্বিলঙৰ পাছত উত্তৰ-পূবত দ্বিতীয়খন আৰু দেশৰ ভিতৰত ২২ নম্বৰখন IIM স্থাপন হ’ব গুৱাহাটীত।
  3. ওদালগুৰিত বিপিএফৰ বিশাল আশীৰ্বাদ যাত্ৰা। এই আশীৰ্বাদ ৰেলীৰ পিছত হাগ্ৰামা মহিলাৰীয়ে কয়, ‘প্ৰমোদ বড়োৱে বিপিএফৰ মিটিং মʼবাইলত চাই আছে। বিশাল গণসভা দেখি ভয় খাইছে।’
  4. গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে থাকিব লাগিব অভিনেত্ৰী নন্দিনী কাশ্যপ। মঙলবাৰে নন্দিনী কাশ্যপৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত আদালতত চার্জশ্বীট দাখিল কৰে মহানগৰ আৰক্ষীয়ে। কিন্তু অভিনেত্ৰীগৰাকীৰ জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
  5. এছিয়া কাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় দল। ১৫ জনীয়া দলটোৰ অধিকায়কৰ দায়িত্বত থাকিব সূৰ্যকুমাৰ যাদৱ। সহ-অধিনায়কৰ দায়িত্বত শুভমন গিল। ইফালে দলত স্থান নাপালে যশস্বী জয়ছোৱাল আৰু শ্ৰেয়স আয়াৰে।
  6. ঘোষণা কৰা হ’ল ইণ্ডিয়া ব্লকৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। তেলেংগানাৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ বিৰোধীৰ। অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন।
  7. গালৱানৰ পিছত ভাৰত-চীনৰ সম্পৰ্ক পুনৰ সুদৃঢ় হৈছে । ২০২০ চনত সংঘৰ্ষৰ পিছত দুয়োখন দেশৰ সম্পৰ্কত যথেষ্ট তিক্ততা দেখা দিছিল। কিন্তু এতিয়া সেই তিক্ততা লাহে লাহে নাইকিয়া হৈ আহিছে। সম্পৰ্কৰ উন্নতি হৈছে। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োপক্ষই সীমান্ত বাণিজ্য, বিমান সংযোগ আদি বহু বিষয়ত একমতত উপনীত হৈছে।