দিনটো আৰম্ভ কৰাৰ আগতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
আজি ১ অক্টোবৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- দিল্লীৰ পৰা গ্ৰেপ্তাৰ অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ মূল অভিযুক্তল শ্যামকানু মহন্ত আৰু জুবিন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। SIT ৰ এটা দলে অসমললৈ লৈ আহিছে দুই অভিযুক্তক। একে প্ৰকাৰে তদন্তৰ পৰা পলাই আছিল এই দুয়ো অভিযুক্ত। খবৰ অনুসৰি SIT ৰ দুজনীয়া এটা দলে শ্যামকানুক ছিংগাপুৰৰ পৰা লৈ অহা বুলি জানিব পৰা গৈছে।
- আজি শাৰদীয় দুৰ্গাপূজাৰ মহানৱমী। যথা বিহিত ৰীতি-নীতিৰে ৰাজ্যৰ সকলো প্ৰান্ততে চলিছে মা দুৰ্গাৰ পূজা–অৰ্চনা। ৰাজ্যৰ চৌদিশে মংগলময় পৰিৱেশ যদিও মানুহৰ মাজত নাই এইবাৰ শাৰদীয় উছাহ। কাৰণ আজিও চৌদিশে জুবিন গাৰ্গৰ মৃত্যুৰ শোক।
- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তত্বাৱধান আৰু পৰ্যালোচনাৰ অধীনত ৰখাৰ দাবী জনাইছে কংগ্ৰেছে। একে সময়তে নাগৰিক সমাজ, শান্তিপূৰ্ণ প্ৰতিবাদকাৰী আৰু ন্যায়ৰ বাবে মাত মাতি থকা সদস্যসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে দাবী জনাইছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰেৰণ কৰা এই পত্ৰৰ জৰিয়তে তদন্ত আৰু ন্যায় সুনিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ জৰুৰী হস্তক্ষেপৰ দাবী জনোৱা হৈছে।
- উত্তৰ চেন্নাই তাপ বিদ্যুৎ কেন্দ্ৰৰ সম্প্ৰসাৰণৰ বাবে নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত থিৰুভেল্লুৰ জিলাৰ মিঞ্জুৰত এটা নিৰ্মাণ স্থলী ভাঙি পৰে। ফলত অসমৰ ৯গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ভিতৰত ৪গৰাকী কাৰ্বি আংলং জিলাৰ আৰু ৫গৰাকী হোজাই জিলাৰ। মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰীয়ে।
- আমেৰিকাৰ ষ্টেণ্ডফ’ৰ্ড বিশ্ববিদ্যালয়ে সংকলিত ২০২৫ চনৰ বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানী তালিকাত বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ে। এই তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকে । এই কৃতিত্বই বিশ্ববিদ্যালয়খনৰ গৱেষণা আৰু শৈক্ষিক উৎকৰ্ষতাৰ ক্ষেত্ৰত ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
- আজি যোৰহাটত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ ৰাজহুৱা আদ্য়শ্ৰাদ্ধ। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কৰা হৈছে এই ৰাজহুৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠান। কালি দিনটোত যোৰহাটলৈ লৈ অহা হৈছিল জুবিন গাৰ্গৰ চিতা ভষ্ম। জুবিন গাৰ্গৰ চিতা ভষ্মত শ্ৰদ্ধাঞ্জলিত জনাব পাৰিব অনুৰাগীয়ে।